অসমীয়া বিভাগ, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়

  • Home
  • India
  • Nagarbera
  • অসমীয়া বিভাগ, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়

অসমীয়া বিভাগ, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় An official Page of Department of Assamese, B. P. Chaliha College, Nagarbera

বিভাগৰ প্ৰাক্তন ছাত্ৰী সাগৰিকা কলিতাৰ ৰচনা আৰু পৰিচালনাৰে অহা ১৯ অক্টোবৰ, ২০২৫ তাৰিখ দেওবাৰে 'ছিগাল থিয়েটাৰ'ৰ প্ৰেক্ষাগ...
17/10/2025

বিভাগৰ প্ৰাক্তন ছাত্ৰী সাগৰিকা কলিতাৰ ৰচনা আৰু পৰিচালনাৰে অহা ১৯ অক্টোবৰ, ২০২৫ তাৰিখ দেওবাৰে 'ছিগাল থিয়েটাৰ'ৰ প্ৰেক্ষাগৃহত পৰিৱেশিত হ'ব 'স্বপ্নবন্দী' শীৰ্ষক নাটকখন। নাটকখনত সাগৰিকাই অভিনয়ো কৰিব। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ্য কলাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা সাগৰিকাই বৰ্তমান বাহাৰুল ইছলাম আৰু জ্যোতিনাৰায়ণ নাথৰ দৰে প্ৰসিদ্ধ নাট্যশিল্পীৰ তত্ত্বাৱধানত নাটকৰ অনুশীলন অব্যাহত ৰাখিছে। সাগৰিকাৰ এই নাট্য-চৰ্চা আৰু অনুশীলন বিভাগটোৰ বাবেই আনন্দৰ খবৰ। সাগৰিকালৈ বিভাগৰ তৰফৰ পৰা অলেখ শুভেচ্ছা জনালোঁ।

Sagarika Kalita

মাটি আৰু মানুহৰ শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুত আজি সমগ্ৰ ভাৰতবাসীৰ লগতে আমিও শোকস্তব্ধ। আমাৰ বিভাগৰ ফালৰ পৰা অসমীয়াৰ প্...
21/09/2025

মাটি আৰু মানুহৰ শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুত আজি সমগ্ৰ ভাৰতবাসীৰ লগতে আমিও শোকস্তব্ধ।

আমাৰ বিভাগৰ ফালৰ পৰা অসমীয়াৰ প্ৰাণৰো আপোন শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত সকলোলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

আমাৰ বিভাগৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী অনিষা কলিতাই বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভ...
11/09/2025

আমাৰ বিভাগৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী অনিষা কলিতাই বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ'ৰাই অসম ভিত্তিত আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি আমাক আনন্দিত আৰু গৌৰৱান্বিত কৰিছে। অনিষালৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।🌺

যোৱা ৫ ছেপ্তেম্বৰ, ২০২৫ তাৰিখৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ শাৰদীয় গ্ৰন্থমেলাখনৰ আজি স...
06/09/2025

যোৱা ৫ ছেপ্তেম্বৰ, ২০২৫ তাৰিখৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ শাৰদীয় গ্ৰন্থমেলাখনৰ আজি সফল পৰিসমাপ্তি ঘটে। গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা অসম প্ৰকাশন পৰিষদ [Publication Board Assam]ৰ বিষয়ববীয়াসকলৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমল চন্দ্ৰ পাঠক মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বহু লোকে গ্ৰন্থমেলাখনৰ সফলতাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগালে। সকলোকে আমাৰ বিভাগৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ গ্ৰন্থমেলাখনৰ পোহৰে নগৰবেৰাৰ সমাজ জীৱনক আলোকিত কৰাত বিশেষ ভূমিকা ল'ব।

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় গ্ৰন্থমেলা■আজি অন্তিম দিন।
06/09/2025

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় গ্ৰন্থমেলা
■আজি অন্তিম দিন।

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে...■ মহাবিদ্যালয়ত আজিৰ পৰা অনুষ্ঠিত হোৱা শাৰদীয় গ্ৰন্থমেলাত সৰ্বাধিক গ্ৰন্থ ক্ৰ...
05/09/2025

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে...

■ মহাবিদ্যালয়ত আজিৰ পৰা অনুষ্ঠিত হোৱা শাৰদীয় গ্ৰন্থমেলাত সৰ্বাধিক গ্ৰন্থ ক্ৰয় কৰা ছাত্ৰ-ছাত্ৰীলৈ অসমীয়া বিভাগৰ বিশেষ পুৰস্কাৰ!

অসম প্ৰকাশন পৰিষদ আৰু বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ উদ্যোগত তথা প্ৰকাশ অধ্যয়ন গোট আৰু অসমীয়া বিভাগৰ সহযোগত দুদিনীয়...
05/09/2025

অসম প্ৰকাশন পৰিষদ আৰু বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ উদ্যোগত তথা প্ৰকাশ অধ্যয়ন গোট আৰু অসমীয়া বিভাগৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শাৰদীয় গ্ৰন্থমেলাখনৰ প্ৰথম দিনৰ কিছু আলোকচিত্ৰ।

০৫|০৯|২০২৫|
অসম প্ৰকাশন পৰিষদ

আজি ৫ ছেপ্তেম্বৰ,২০২৫ তাৰিখে বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত কৰা ন-পুৰণি সতীৰ্থ সন্মিলন আৰু শিক্ষক দিৱসৰ কিছু আলোকচিত্ৰ...
05/09/2025

আজি ৫ ছেপ্তেম্বৰ,২০২৫ তাৰিখে বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত কৰা ন-পুৰণি সতীৰ্থ সন্মিলন আৰু শিক্ষক দিৱসৰ কিছু আলোকচিত্ৰ।

অভিনন্দন পাপীয়া দাস। 🌺
04/09/2025

অভিনন্দন পাপীয়া দাস। 🌺

অভিনন্দন অংকুমা দাস। Ankuma Das
01/09/2025

অভিনন্দন অংকুমা দাস। Ankuma Das

Address

Nagarbera
[email protected]

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to অসমীয়া বিভাগ, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়:

Shortcuts

Share

Category