Nonoi College

Nonoi College choose your college A high level educational institute in rural area..
(1)

comfortable for those students who can't afford their different charges like mobthly fees nd other fees. the institute covers 6 km to entire in east, 5km to Tulshimukh in west, 6km to in North, 13km to in south..

ননৈ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ বাতৰি খবৰকাকততননৈ মহাবিদ্যালয়ত ২০২৫-২৬ শিক্ষাবৰ্ষত নামভৰ্তি কৰা নৱাগত ছাত্ৰ-ছাত্ৰীসক...
14/09/2025

ননৈ মহাবিদ্যালয়ৰ
নৱাগত আদৰণী সভাৰ বাতৰি খবৰকাকতত

ননৈ মহাবিদ্যালয়ত ২০২৫-২৬ শিক্ষাবৰ্ষত নামভৰ্তি কৰা নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠনিক ভাবে আদৰণী জনোৱা উদ্দেশ্যে মহাবিদ্যলয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ১১ আৰু ১২ চেপ্তেম্বৰ, ২০২৫ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় নৱাগত আদৰণী সভা । ১১ তাৰিখ বৃহস্পতিবাৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাই পুৱা ৯.০০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা আদৰণী সভাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণত ননৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰমুখ্যে প্ৰতিষ্ঠাকালৰ সমাজপ্ৰাণ ব্যক্তিসকলৰ ত্যাগ আৰু অৱদানক সোঁৱৰণ কৰি স্বৰ্গগামী হোৱা শিক্ষাগুৰু-কৰ্মচাৰীসকল তথা শুভানুধ্যায়ীসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ বসন্ত বৰাই । তাৰ পিছতেই ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদিকা দেৱাশ্ৰী বৰাৰ সম্পাদনাত প্ৰকাশ হোৱা 'মানস' শীর্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা ৰুণু দেৱীয়ে । কাৰ্যসূচী অনুসৰি পুৱা ১১.০০ বজাত মহাবিদ্যালয়ৰ ছাত্ৰ বিশ্বজিৎ বৰাৰ বৰগীত আৰু ৰাজা হাজৰিকাৰ চালি নাচেৰে শুভাৰম্ভ হয় মূল সভা আৰু সম্বৰ্ধনা অনুষ্ঠান । ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ইন্দ্ৰজিৎ বেজবৰুৱাই কয়‐ 'ননৈ মহাবিদ্যালয় শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগবঢ়া এখনি অগ্ৰণী উচ্চশিক্ষানুষ্ঠান । মহাবিদ্যালয়খনত অধ্যয়নৰ বাবে ইতিমধ্যে নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে কৰ্তব্যনিষ্ঠা, একাগ্রতাবোধ, শ্ৰেণীত নিয়মীয়া উপস্থিতি, জানিবলৈ খোজা আগ্ৰহেৰে গঢ়ি তুলিব পাৰিব জীৱন, উপলব্ধি কৰিব পাৰিব জীৱনৰ প্ৰকৃত অৰ্থ । তেওঁ লগতে কয়--'নতুন প্ৰজন্মৰ ছাত্র-ছাত্রীসকলে প্ৰতিভাৰ বিস্ফোৰণ ঘটাব জানে; অধ্যয়নৰ সমান্তৰালকৈ তেওঁলোকে ঢোল বজাব জানে, নৃত্য কৰিব জানে, গান গাব জানে, আবৃত্তি কৰিব জানে, নাটক কৰিব জানে, ছবি আঁকিব জানে, খেলিব জানে ।' নতুন প্ৰজন্মৰ হাতত আমাৰ দেশ সুৰক্ষিত বুলি অভিমত প্ৰকাশ কৰি তেওঁ নৱাগত ছাত্র-ছাত্রীসকলক সততাৰে জীৱনৰ বাট বুলি নিজৰ ঘৰখনৰ লগতে সমাজৰ মান বঢ়াবলৈ আহ্বান জনায় । সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি নৱপ্ৰজন্মৰ জনপ্ৰিয় ঔপন্যাসিক কৌশিক নন্দন বৰুৱাই ভাষণ প্ৰসংগত কয় যে ভগৱানৰ ওচৰত আমাৰ অভিযোগৰ শেষ নাই । কিন্তু ভগৱানে আমাক এটা সুস্থ শৰীৰ দিছে, এটা সুন্দৰ মন দিছে ; যাৰ দ্বাৰা আমি মানুহৰ কল্যাণৰ বাবে কাম কৰিব পাৰোঁ । দুজনৰ বাবে, সমাজৰ বাবে অথবা আনৰ বাবে উৎসৰ্গা কৰিব নোৱাৰা জীৱন কেতিয়াও সাৰ্থক নহয় বুলি মত ব্যক্ত কৰি তেওঁ কয়- 'দ্বায়িত্ববোধেৰে গৈ থকাতোহে আচল জীৱন । স্পৃহা বিহীন জীৱনে কেতিয়াও সাৰ্থকতা লাভ কৰিব নোৱাৰে । হতাশা-নিৰাশাত ভোগাসকলে যন্ত্ৰত কৈ মানুহ বিচৰা দৰকাৰ । কাৰণ মানুহৰ মাতষাৰে সোৱাদ দিব পাৰে । সলাই দিব পাৰে জীৱনৰ গতি ।' ড০ বসন্ত বৰাৰ ৰচনা আৰু সুৰেৰে সমৃদ্ধ মহাবিদ্যালয়ৰ আদৰণী সংগীত 'হে নতুন স্বাগতম' শীৰ্ষক গীত পৰিৱেশিত সভাখনিত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি সুবক্তা, কন্ঠশিল্পী তথা ৰহা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ত্ৰিদিপ বৰাই কয়- 'জীৱনত কেতিয়াও নিজৰ শিপা পাহৰি যাব নালাগে । আমি মাতৃভাষাতহে সপোন দেখোঁ । আমি কোনো আন্ত:ৰাষ্ট্ৰীয় বিদেশী ভাষাত সপোন নেদেখোঁ । গতিকে মাতৃভাষাক সন্মান কৰা মানে নিজ মাতৃক সন্মান কৰাৰ দৰে । নিজক আনতকৈ হেয় বুলি নাভাবি জীৱনটো কেনেকৈ আগুৱাই নিব পাৰি, তাৰ বাবে প্ৰথমে এটি সঠিক লক্ষ্য নিৰ্ধাৰণ কৰা উচিত । যিমানে সৰু নহওক কিয়, উদ্দেশ্যই জীৱনটোক এটা লক্ষ্য দিয়ে । দৈনিক কিছু কিতাপ পঢ়া, ব্যায়াম কৰা অথবা অনুভৱবোৰ লিখি থোৱা—এইবোৰে নিজকে আত্মবিশ্বাসী আৰু সুস্থিৰ কৰি তোলে ।" বক্তব্যৰ অন্তত ত্ৰিদিপ বৰাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ 'অ' মোৰ আপোনাৰ দেশ' জাতীয় সংগীতটি মাতৃভাষাৰ লগতে ৰাভা, বড়ো আৰু ইংৰাজী ভাষাত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে । সভাখনিত আয়োজক মণ্ডলীৰ দ্বাৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাক অন্তৰোপম সম্বৰ্ধনা জনোৱা পাছতেই সভাৰ সন্মানীয় অতিথি তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি পদ্মকান্ত বৰুৱাই বন্যাশ্ৰী বৰাৰ সম্পাদনাত প্ৰকাশিত ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভা আলোচনী 'আলোকপৰ্ণা' উন্মোচন কৰে আৰু আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ তথা মহাবিদ্যালয়ৰ অৱসৰী কোষাধ্যক্ষ ড০ জুনু দেৱীক সম্বৰ্ধনা জ্ঞাপন কৰে । সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে সমস্বৰে 'মানুহে মানুহৰ বাবে' গীতটি পৰিৱেশন কৰি জীপাল কৰা অনুষ্ঠানটিত ননৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কনক চন্দ্ৰ বৰা, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ কৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ফনী বৰা, সুশীল বৰুৱা প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকাসকল- কৰ্মচাৰীসকল, প্ৰাক্তন ছাত্র-ছাত্রীসকল, অভিভাৱকসকলৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰা সভাখনিত ছাত্ৰ নীলকুমাৰ শৰ্মাই নৱাগত সকলৰ হৈ বক্তব্য প্ৰদান কৰে । মূল সভাৰ অন্তত আৰম্ভ হয় 'ন-পুৰণি সতীৰ্থ সন্মিলন' । ননৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সমন্বয়ক ৰাতুল শইকীয়া শুভ উদ্বোধন কৰা অনুষ্ঠানটিৰ সমাপণৰ পাছতেই আৰম্ভ হয় প্ৰথম দিনাৰ সাংস্কৃতিক অনুষ্ঠান । অধ্যাপক কল্যাণ নাথ, তৰালী দেৱী, চফিয়া জাহান, ড০ বসন্ত বৰাই গীত পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানত অসমীয়া বিভাগৰ অতিথি অধ্যাপিকা পৰিস্মিতা বৰা আৰু জুমি দাসে নৃত্যানুষ্ঠান পৰিৱেশন কৰি ছাত্র-ছাত্রীসকলক উৎসাহিত কৰে ।
নৱাগত আদৰণী সভাৰ লগত সংগতি ১২ চেপ্তেম্বৰ তাৰিখে ননৈ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক সাগৰ সুবেদী সোঁৱৰণী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয় সাংগীতিক অনুষ্ঠান । মনোবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ সুকন্যা বৰাই এটি নৃত্যৰে উদ্বোধন কৰা অনুষ্ঠানটিৰ প্ৰাকক্ষণত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা মেৰীৰাণী দেৱীয়ে বন্তি প্ৰজ্বলন কৰি এটি ঘোষাৰে গুৰুজনালৈ শ্ৰদ্ধা নিবেদন কৰে । অধ্যাপক সাগৰ সুবেদীৰ ত্যাগ আৰু অৱদানক স্বীকাৰ কৰি ড০ বসন্ত বৰাই সুমধুৰ কন্ঠেৰে গীত পৰিৱেশন কৰা পাছতেই ছাত্ৰ-ছাত্ৰীসকলে নৃত্য-গীতেৰে মঞ্চটি উচ্চল কৰি তোলে । আনহাতে- সংগীতানুষ্ঠানৰ মুখ্য আকৰ্ষণ তথা 'শেৱালি', 'ল'ৰালি', 'হিলৈৱা' খ্যাত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভাস্কৰ অপ্সৱেলে চিত্তাকৰ্ষক কন্ঠেৰে সহস্ৰাধিক দৰ্শকক মোহিত কৰা অনুষ্ঠানটিত প্ৰাক্তন ছাত্ৰ তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত নৃত্যশিল্পী মানসজ্যোতি বৰাক আদৰণি জনায় । ড০ বসন্ত বৰাই সামগ্ৰিক ভাবে আঁত ধৰা দুদিনীয়া কাৰ্যসূচী বিয়লি ঠিক ৫ বজাৰ লগে লগে অন্ত পৰে ।

05/08/2025
ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষামূলক ভ্ৰমণ
30/05/2024

ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষামূলক ভ্ৰমণ

ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষামূলক ভ্ৰমণ । পুৰী জগন্নাথ I
29/05/2024

ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষামূলক ভ্ৰমণ । পুৰী জগন্নাথ I

13/02/2024

#2024

তীর্থস্থান 'পুৰী' বিশেষ শিক্ষামূলক ভ্ৰমণলৈ🙏🚉🛕🚉🙏
11/02/2024

তীর্থস্থান 'পুৰী' বিশেষ শিক্ষামূলক ভ্ৰমণলৈ
🙏🚉🛕🚉🙏

A New Concept 🙏🙏
14/02/2023

A New Concept 🙏🙏

15/01/2022

Address

Nonoi, District: Nagaon. .
Nagaon
782101

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm

Telephone

+913672278933

Alerts

Be the first to know and let us send you an email when Nonoi College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share