Kalongpar Vidyapith Senior Secondary School

Kalongpar Vidyapith Senior Secondary School Official page of Kalongpar Vidyapith.

কলংপাৰ বিদ্যাপীঠৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণী উৎসৱৰ মুকলি সভা....
21/08/2025

কলংপাৰ বিদ্যাপীঠৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণী উৎসৱৰ মুকলি সভা....

28/10/2024
২০২৪ বৰ্ষৰ শিক্ষক দিৱসৰ কেইখনমান ভাল লগা ছবি
06/09/2024

২০২৪ বৰ্ষৰ শিক্ষক দিৱসৰ কেইখনমান ভাল লগা ছবি

 #কলংপাৰৰ_সোণালী_পৃষ্ঠা : কলংপাৰৰ গৌৰৱ, নগাঁৱৰ গৌৰৱ শুভলক্ষ্মী বৰগোহাঁই ।শুভলক্ষ্মী বৰগোহাঁই কলংপাৰ বিদ্যাপীঠৰ প্ৰাক্তন ...
24/08/2024

#কলংপাৰৰ_সোণালী_পৃষ্ঠা : কলংপাৰৰ গৌৰৱ, নগাঁৱৰ গৌৰৱ শুভলক্ষ্মী বৰগোহাঁই ।
শুভলক্ষ্মী বৰগোহাঁই কলংপাৰ বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰী ।বৰ্তমান তেওঁ ভাৰতীয় সেনা বাহিনীৰ এগৰাকী উচ্চ পদস্থ বিষয়া , লেফটেনেণ্ট কৰ্ণেল ।

শুভলক্ষ্মী বৰগোহাঁই কলংপাৰ বিদ্যাপীঠৰ ২০০২-২০০৪ বৰ্ষৰ ছাত্ৰী আছিল। অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল।

৩ গৰাকী ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ আছিল শুভলক্ষ্মী । তেওঁৰ পিতৃ অসম আৰক্ষীৰ আৰক্ষী বিষয়া আছিল, নগাঁও আৰক্ষী সংৰক্ষিত বনাঞ্চলত কাৰ্যনিৰ্বাহ কৰিছিল ।

নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ জীৱনত কিবা এটা কৰাৰ সপোন লৈ তেওঁ ২০০২ চনত কলংপাৰ বিদ্যাপীঠত কলা শাখাত নামভৰ্তি কৰিছিল । তাতো আছে এটা সৰু অধ্যায় । নামভৰ্তিৰ আগদিনা তেওঁ গৈছিল পদুম ৰাজখোৱা ছাৰৰ ঘৰলৈ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে অসমীয়া বিষয়ত এমাহ তত্বাৱধান লোৱাৰ বাবে এটা সৰু মাননী দিবলৈ । সেইদিনালৈকে শুভলক্ষ্মী আৰু ঘৰখনৰ সিদ্ধান্ত আছিল যে তেওঁ বান্ধৱীসকলৰ সৈতে নগাঁও মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিব । কিন্তু পদুম ৰাজখোৱা ছাৰে তাইক বহু সময় বুজাইছিল আৰু কলংপাৰ বিদ্যাপীঠত কলা শাখাত নামভৰ্তি কৰিবলৈ পৰামৰ্শ দিছিল । পদুম ৰাজখোৱা ছাৰে কৈছিল, "কলংপাৰত পঢ়া, ভাল ফলাফলৰ দায়িত্ব আমাৰ ।" শুভলক্ষ্মীয়ে দুই তিনি ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত কৰিছিল । নামভৰ্তি কৰিছিল কলংপাৰ বিদ্যাপীঠত ।

শুভলক্ষ্মী আছিল এগৰাকী অল ৰাউণ্ডাৰ । অধ্যয়ন আৰু ক্ৰীড়া দুয়োটাতে আগ্ৰহী আছিল। সকলো কামতে আগভাগ লৈছিল । কেইদিনমানৰ ভিতৰতে সকলো শিক্ষকৰে প্ৰিয় হৈ উঠিছিল । কলংপাৰ বিদ্যাপীঠৰ প্ৰতিজন শিক্ষকৰ নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু অবিৰত সহায় আৰু পথ প্ৰদৰ্শনৰ জৰিয়তে শুভলক্ষ্মীয়ে ২০০৪ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰি সমগ্ৰ অসমতে জিলিকি উঠিছিল।

তাৰপিছত ২০০৯ চনত এছ এছ বিৰ সাক্ষাৎকাৰ ক্লিয়াৰ কৰি চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত স্থান নিশ্চিত কৰাৰ পিছত তেওঁৰ জীৱনলৈ টাৰ্নিং পইণ্ট আহিল -- ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়া।

অ' টি এত এবছৰীয়া শাৰীৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল । ২০১০ চনত ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে কমিচন লাভ কৰি সেনাবাহিনীৰ অৰ্ডানেন্স কৰ্পছত কমিচন পোৱা অসমৰ প্ৰথমগৰাকী “মহিলা বিষয়া” হয় শুভলক্ষ্মী ।

২০১০ চনৰ পৰা আজিলৈকে সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰত্যাহ্বানমূলক স্থানত, জম্মু-কাশ্মীৰ আৰু সমগ্ৰ উত্তৰ-পূবৰ উগ্ৰবাদ‌বিৰোধী অঞ্চলত সেৱা আগবঢ়াইছে । বৰ্তমান তেওঁ চণ্ডীগড়ত লেফটেনেণ্ট কৰ্ণেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

২০১৫ চনত শুভলক্ষ্মী বিবাহপাশত আবদ্ধ হয়, তেওঁৰ স্বামীও ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল , নাম কুনাল সিং ৰাজৱাৰ । দুটা ধুনীয়া ল'ৰা-ছোৱালীৰ মাতৃ তেওঁ , এটি ছবছৰীয়া Jiva আৰু আনটি চাৰিমহীয়া Prithvi ।

শিক্ষকৰ প্ৰতি গভীৰ শ্ৰদ্ধাশীল, অধ্যয়নশীল, সৰল, নম্ৰ, মৰমলগা... এক কথাত এজনী "ভাল ছোৱালী" শুভলক্ষ্মী কলংপাৰ বিদ্যাপীঠৰ এগৰাকী গৌৰৱময় ছাত্ৰী ।

শুভলক্ষ্মীয়ে আৰু আগুৱাই যাওক, তাৰবাবে সদায় থাকিব আমাৰ অজস্ৰ শুভ কামনা ।

কলংপাৰ বিদ্যাপীঠৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি উৎসৱ‌ত ন-পুৰণি সন্মিলনৰ এমুঠি ছবি ২১ আগষ্ট, ২০২৪
22/08/2024

কলংপাৰ বিদ্যাপীঠৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি উৎসৱ‌ত ন-পুৰণি সন্মিলনৰ এমুঠি ছবি
২১ আগষ্ট, ২০২৪

কলংপাৰ বিদ্যাপীঠৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি উৎসৱ‌ৰ মুকলি সভাৰ কিছু ছবি ।ন-পুৰণি সন্মিলনৰ ছবি আগবঢ়োৱা হ'ব...
21/08/2024

কলংপাৰ বিদ্যাপীঠৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি উৎসৱ‌ৰ মুকলি সভাৰ কিছু ছবি ।

ন-পুৰণি সন্মিলনৰ ছবি আগবঢ়োৱা হ'ব কাইলৈ ।

আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসত কলংপাৰ বিদ্যাপীঠত পতাকা উত্তোলন ।
15/08/2024

আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসত কলংপাৰ বিদ্যাপীঠত পতাকা উত্তোলন ।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত :সংকল্প কলংপৰীয়াৰ  : "আমি ভাৰতীয় । দেশৰ প্ৰগতি, সমৃদ্ধি আৰু বিকাশৰ বাবে সদায় চেষ্টা কৰিম ।...
14/08/2024

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত :
সংকল্প কলংপৰীয়াৰ : "আমি ভাৰতীয় । দেশৰ প্ৰগতি, সমৃদ্ধি আৰু বিকাশৰ বাবে সদায় চেষ্টা কৰিম । তিৰংগাৰ মান সৰ্বদা ৰক্ষা কৰিম ।"

কলংপাৰ বিদ্যাপীঠত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠান । জিলা প্ৰশাসনৰ হৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বাজিয়াগাঁও খণ্ড...
08/08/2024

কলংপাৰ বিদ্যাপীঠত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠান । জিলা প্ৰশাসনৰ হৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বাজিয়াগাঁও খণ্ড উন্নয়ন বিষয়া ৰবীনকুমাৰ বৰ্মন । ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ উপস্থিত থাকে চাৰিগৰাকী সুমাতৃ, যথাক্ৰমে প্ৰাক্তন প্ৰধান শিক্ষক, লেখিকা লিলি সন্দিকৈ, ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক বিশিষ্ট লেখিকা কাৰুণ্য ভট্টাচাৰ্য , সন্ধানী সাহিত্য সমাজৰ প্ৰাক্তন সম্পাদক সুলেখিকা স্মৃতা কলিতা আৰু প্ৰগতি শাখা সাহিত্য সভাৰ সম্পাদক স্বনিৰ্ভৰশীল মহিলা গাৰ্গীগীতম বৰা । অনুষ্ঠানত একাংশ ছাত্ৰীক নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হয় ।

10/07/2024

গ্ৰীষ্মকালীন মৌমেল । আজি দুপৰীয়া । সন্মানীয় অতিথি চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ, কবি দীপ্তি বৰা ।

কলংপাৰ বিদ্যাপীঠত আজি নৃত্য-গীত-কথাৰে গ্ৰীষ্মকালীন মৌমেল ।‌ সন্মানীয় অতিথি : চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক...
10/07/2024

কলংপাৰ বিদ্যাপীঠত আজি নৃত্য-গীত-কথাৰে গ্ৰীষ্মকালীন মৌমেল ।‌ সন্মানীয় অতিথি : চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ, কবি দীপ্তি বৰা ।

আজিৰে পৰা কলংপাৰ বিদ্যাপীঠত গ্ৰীষ্মকালীন পাঠদান আৰম্ভ । শুভ উদ্বোধন কৰে নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংব...
01/07/2024

আজিৰে পৰা কলংপাৰ বিদ্যাপীঠত গ্ৰীষ্মকালীন পাঠদান আৰম্ভ । শুভ উদ্বোধন কৰে নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই । কলংপাৰ বিদ্যাপীঠৰ উদ্যোগক তেওঁ প্ৰশংসা কৰে ।( উল্লেখ্য প্ৰতিষ্ঠা বৰ্ষৰ পৰা আজিলৈকে কলংপাৰ বিদ্যাপীঠত ১৫ ৰ পৰা ২০ দিনহে গ্ৰীষ্মকালীন বন্ধ দিয়া হয় ।)

Address

Hussain Ali Hazarika Road, South Haiborgaon, , Pin/
Nagaon
782003

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Website

Alerts

Be the first to know and let us send you an email when Kalongpar Vidyapith Senior Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kalongpar Vidyapith Senior Secondary School:

Shortcuts

Share

Category