25/01/2022
https://api.cowin.gov.in/api/v3/vaccination/status/4056978660470/3
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mukunda Das, Barapujia, Nagaon (Assam) PIN:, Nagaon.
05/04/2020
আজিৰ তাৰিখত কোনো অসমীয়া নেতাৰ শক্তি নাই, যিজন বা যিসকলে নতুন এটা ৰাজনৈতিক দল অসমত গঠন কৰি অসমীয়া ৰাইজৰ কৃপা উপাৰ্জন কৰি নিজৰ নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষা দিঠকত পৰিণত কৰিবলৈ সক্ষম হ'ব। প্ৰায় ঌঌ% নেতাই আগন্তুক দিল্লী বিধানসভা নিৰ্বাচন, ২০২০ লৈ অপেক্ষা কৰি আছে।
এটা নীতিশিক্ষামূলক সাধু/লোককথা
শহাপহু এটা বেল এজোপাৰ তলত শুই আছিল। হঠাতে কাণ তাল মৰা শব্দ এটা শুনি তাৰ প্ৰাণবায়ু উৰি যাওঁ যেন অৱস্থা হ’ল। প্ৰাণৰ মায়াত আগ-পিছ নিচিন্তি সি টোপনিৰ চকামকাতে উঠি লৱৰি পলাবলৈ ধৰিলে। গৈ থাকোতে সি বাটতে হাতীক লগ পালে। এনে অৱস্থাত দেখি হাতীয়ে তাক উৎকণ্ঠাৰে সুধিলে – কথাটোনো কি! ফোঁপাই-জোপাই সি ক’লে, ‘সৰ্বনাশ হ’ল! আকাশখন খহি পৰিল!’ এনে এটা সৰ্বনশীয়া কথা শুনি হাতীও ভয়ত বিতত হ’ল আৰু শহাৰ সৈতে একেলগে পলাবলৈ ধৰিলে। বাটত সিহঁতে এটা এটাকৈ বহুবোৰ জীৱ-জন্তু লগ পালে আৰু সকলোৱে প্ৰাণৰ মায়াত সিহঁতৰ দৌৰত যোগ দিলে। জীৱ-জন্তুৰ জাকটো অৱশেষত গৈ গৈ সিংহৰ সন্মুখত ওলালগৈ। সিহঁতৰ মুখৰ কথাখিনি শুনাৰ পাছত সিংহই চকু পকাই সুধিলে, ‘কোনে ক’ত দেখিলে আকাশখন খহি পৰা?’ তেতিয়া জীৱ-জন্তুবোৰৰ মাজত উত্তৰা-উত্তৰি আৰম্ভ হ’ল; ইটোৱে কয় সিটোৰ কথা, সিটোৱে কয় আন এটাৰ কথা। শেষত ওলালগৈ যে গোটেই ঘটনাটো শহাপহুটোৰপৰাই আৰম্ভ হৈছিল। সকলোৱে প্ৰশ্ন কৰাত শহাই বেলগছৰ তলত শুই থাকোতে শুনা কাণ তাল মৰা শব্দটোৰ কথা বিৱৰি ক’লে। সিংহৰ লগত গোটেইজাক জীৱ-জন্তু তেতিয়া বেলজোপাৰ তল পালেগৈ, আৰু দেখিলে যে শহাই অথনি শুই থকা ঠাইডোখৰৰ কাষতে ডাঙৰ বেল এটা সৰি পৰি আছে। কাৰো বুজিবলৈ বাকী নাথাকিল যে শহাই শুনা শব্দটো বেলটো সৰাৰ শব্দহে আছিল।
নীতিশিক্ষাঃ সিংহৰ সংখ্যা তাকৰ হ'লেও যিকোনো কথা আতিগুৰি লৈহে সিদ্ধান্ত লয়।
বিঃ দ্ৰঃ অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত এই লোককথাটোৰ কোনো সম্পৰ্ক নাই।
জয় আই অসম
জয় ভাৰত মা
এজন সনাতন অসমীয়া হিচাপে মই C(A)A সমৰ্থন কৰো।
'কেব' ভাজপাৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখিত কাৰ্যক্ৰমনিকাৰ এক মুখ্য অংশ আছিল । যিহেতুকে ভাজপাক জনগণে সেইটো নিৰ্বাচনত বিজয়ীৰ মৰ্য্যদা দিছে, গতিকে কেব জাতি ধ্বংসী বুলি লোকতন্ত্ৰত অভিজ্ঞ লোকে কোৱাটো অন্যায় যেন লাগে আৰু লোকতন্ত্ৰৰ জ্ঞান নথকাকৈ আন্দোলন কৰি থকা লোকসকলক মুৰ্খ যেন লাগে । মোৰ সিমিত জ্ঞানেৰে ঢুকি পোৱা কথাষাৰ প্ৰকাশ কৰিলো, জ্ঞানীসকলে গঠনমূলক সমালোচনা কৰিব বুলি আশা কৰিলো।
মই 'নাগৰিকত্ব সংশোধনী বিধেয়ক - ২০১৬'ক ১০০% সমৰ্থন কৰো। যদি আপুনিও সমৰ্থন কৰে, মোৰ উক্তিটো পছন্দ কৰক। যদি আপুনি সমৰ্থন নকৰে, ভদ্ৰভাৱে মন্তব্য আগবঢ়াব, যাতে মই আৰু মোৰ দৰে যিসকলে এই বিধেয়কখন সমৰ্থন কৰে, তেওঁলোক আপোনাৰ যুক্তিত পতিয়ন যায়।
08/04/2018
আজি মোৰ জন্মদিনটো মই কৰ্মৰত চোলাপাৰ ন-ভঙ্গা প্ৰাথমিক বিদ্যালয় ( Chulapar Na-Bhanga LP School )ৰ মোৰ অতিকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল, মাতৃগোটৰ সদস্যসকল, অভিভাৱক সকল আৰু বিদ্যালয়খনৰ শুভাকাংক্ষীসকলৰ লগতেই পালন কৰিলো।
20/02/2018
Me in front of the Athkheliya Namghar
20/02/2018
At the marriage ceremony of my friend Utpal Phukan