Dhing College AASU Unit

Directions Contact the school

Dhing College AASU Unit ||জয় আই অসম||
ধিং আঞ্চলিক ছাত্ৰ সন্থা
সদৌ অসম ছাত্ৰ সন্থা

অহাকালি ৰাতিপুৱা ৮ বজাত ধিংবাসী ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ।স্থান - ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়।All Assam ...
02/09/2026

অহাকালি ৰাতিপুৱা ৮ বজাত ধিংবাসী ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ।
স্থান - ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়।

All Assam Students' Union - AASU
ধিং আঞ্চলিক ছাত্ৰ সন্থা
Dhing College AASU Unit
#ধিং

02/09/2026

অহাকালি ৰাতিপুৱা ৮ বজাত ধিংবাসী ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ।
স্থান - ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়।

Utpal Sarma
Utpal Sarma
All Assam Students' Union - AASU
সদৌ নগাঁও জিলা ছাত্ৰ সন্থা
Dhing College AASU Unit
#ধিং

28/08/2026

গোহাৰি

ধিঙত ভয়াৱহভাৱে বাঢ়ি অহা ড্ৰাগছ আসক্তৰ বাবে বিগত সময়ছোৱাত ধিঙত বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত নৱ প্ৰজন্ম সদায় সজাগ হৈ থাকিব লাগিব লগতে অভিভাৱকসকলো সজাগ হ'ব লাগিব। ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে ধিঙবাসী ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অহা ইং ৭ ছেপ্টেম্বৰ পৰা ১৩ ছেপ্টেম্বৰলৈকে ড্ৰাগছ বিৰোধী "সজাগতা সপ্তাহ" শীৰ্ষক কাৰ্যসূচী হাতত লোৱা হৈছে। সমূহ ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ।।

(বি:দ্ৰ: কাৰ্যসূচীৰ লগতে স্থান আৰু সময় পৰৱৰ্তী সময়ত বিস্তৃতভাৱে ৰাইজক অৱগত কৰা হ'ব)

Utpal Sarma
Utpal Sarma
All Assam Students' Union - AASU
সদৌ নগাঁও জিলা ছাত্ৰ সন্থা
Dhing College AASU Unit

17/08/2026

বৃহত্তৰ ধিঙৰ বিভিন্ন অঞ্চলত অব্যাহত থকা অনিয়মীয়া বিদ্যুৎ যোগান আৰু সঘনাই হোৱা 'লোডশ্বেডিঙে' সমগ্ৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছে। ধিং বৈদ্যুতিক উপ সংমণ্ডল বিভাগৰ এনে চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবে শিক্ষাৰ্থী আৰু সৰ্ব সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। গতিকে ধিং বৈদ্যুতিক উপ-সংমণ্ডল বিভাগীয় কৰ্তৃপক্ষৰ এনে কাণ্ডজ্ঞানহীন কৰ্মত অতিষ্ঠ হৈ বিদ্যুৎ বিভাগৰ অনিয়মীয়া আৰু দীৰ্ঘকালীন বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে অহা ইং ১৯ আগষ্ট (বুধবাৰে)ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধিং বাসী ৰাইজৰ সহযোগত ধিং বৈদ্যুতিক উপ-সংমণ্ডল বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হব। সেয়েহে সকলো ধিঙবাসী ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ।

ধিং আঞ্চলিক ছাত্ৰ সন্থা ধিং বৈদ্যুতিক উপ-সংমণ্ডল, ধিং, নগাঁও, ৭৮২১২৩ #ধিং। Assam Power Distribution Company Limited

অসম চুক্তিৰ ৪১ বছৰএই বিশেষ ক্ষণত অসম আন্দোলনৰ জাতীয় শ্বহীদ সকললৈ আন্তৰিক শ্রদ্ধাঞ্জলি যাচিছোঁ।অসম চুক্তি আখৰে আখৰে ৰূপায়...
15/08/2026

অসম চুক্তিৰ ৪১ বছৰ

এই বিশেষ ক্ষণত অসম আন্দোলনৰ জাতীয় শ্বহীদ সকললৈ আন্তৰিক শ্রদ্ধাঞ্জলি যাচিছোঁ।

অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰক।

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ধিং মহাবিদ্যালয় আছু গোটৰ বাৰ্ষিক অধিৱেশনখনি যোৱা কালি ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যা...
15/08/2026

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ধিং মহাবিদ্যালয় আছু গোটৰ বাৰ্ষিক অধিৱেশনখনি যোৱা কালি ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হীৰক জ্যোতি বৰা, সভাপতি মৃগাংক নাথ , সম্পাদক জ্ঞানজ্যোতি নাথ , জিলা সাংগঠনিক সম্পাদক অংকুৰ নাথকে প্ৰমুখ্য কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল। প্ৰতিনিধি সভাই জুলন দাসক সভাপতি আৰু যুটীয়া সম্পাদিকা হিচাবে অৰ্পিতা বসুমতাৰী আৰু সংগীতা দাসকলৈ মুঠ ৫১ জনীয়া এখন সমিতি গঠন কৰি দিয়ে। ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা সকলো বিষয়ববীয়ালৈ থাকিল সংগ্ৰামী অভিনন্দন আৰু শুভেচ্ছা।

15/08/2026
আটাইলৈকে সংগ্ৰামী অভিবাদন।Utpal SarmaSamiran Phukon - সমীৰণ ফুকনধিং আঞ্চলিক ছাত্ৰ সন্থা  Dhing College AASU Unit
08/08/2026

আটাইলৈকে সংগ্ৰামী অভিবাদন।

Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন
ধিং আঞ্চলিক ছাত্ৰ সন্থা
Dhing College AASU Unit

শুভাশা
01/01/2026

শুভাশা

নমস্কাৰ। বিশেষ এই যে আজি বহু কেইটা নিউজ চেনেলত সম্প্ৰচাৰিত হোৱা বাতৰিটোয়ে ধিঙৰ অসমীয়া ৰাইজৰ মনত শংকাৰ সৃষ্টি কৰি নিৰাপত...
13/11/2025

নমস্কাৰ।
বিশেষ এই যে আজি বহু কেইটা নিউজ চেনেলত সম্প্ৰচাৰিত হোৱা বাতৰিটোয়ে ধিঙৰ অসমীয়া ৰাইজৰ মনত শংকাৰ সৃষ্টি কৰি নিৰাপত্তাহীনতাত ভোগাইছে। কিছু সন্দেহযুক্ত নাগৰিকে অসমীয়া মানুহৰ ডিঙি কাটি নদীত উটুৱাই দিম, ভৰি ভাঙি দিম আৰু বহু বেয়া শব্দৰে অসমীয়া মানুহক ভাবুকি দিয়া পৰিলক্ষিত হৈছে। এই সন্দেহযুক্ত মানুহবোৰে বহু খিলঞ্জীয়া লোকৰ মাটি বেদখল কৰাৰ লগতে বহু চৰকাৰী মাটি বেদখল কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হোৱাৰ লগতে ধিং আৰক্ষী থানাত ভুক্তভোগী খিলঞ্জীয়া জনসাধাৰণে অভিযোগ দিয়াৰ পিছতো এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। এই ক্ষেত্ৰত ধিং আৰক্ষীৰ সন্দেহজনক ভূমিকাই ধিঙৰ সৰ্বস্তৰৰ ৰাইজৰ মনত শংকাৰ সৃষ্টি কৰিছে আৰু ধিঙৰ খিলঞ্জীয়া ৰাইজ নিৰাপত্তাহীনতাত ভুগিছে। এনে সন্দেহযুক্ত লোকৰ বাবেই বিগত সময়ত ধিঙৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ উপসনাস্থলী তথা নামঘৰ, মঠ-মন্দিৰ সমূহত চুৰিকাৰ্য সংঘটিত হৈ আহিছে। কিন্তু এই পৰ্যন্ত ধিং আৰক্ষীয়ে কোনো এটা অপৰাধীক কৰায়ত্ব কৰা নাই বা কোনোধৰণৰ দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে বৃহত্তৰ ধিং অঞ্চলত এক শংকাময় পৰিৱেশে বিৰাজ কৰিছে। সেই গতিকে আমি আজি ধিং আঞ্চলিক ছাত্ৰ সন্থা , ধিং বজাৰ ব্যৱসায়ী সমিতি,ধিং প্ৰেছ ক্লাৱ আৰু স্থানীয় ৰাইজৰ এক সঁজাতি দলে, নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক মহোদয়াৰ উপস্থিতিত ধিং আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়াক এখনি দাবী পত্ৰ দিয়াৰ লগতে ধিঙৰ বিভিন্ন সমস্যাৰাজি আৰু উপৰোক্ত স্পৰ্শকাতৰ বিষয়টোৰ তাৎক্ষণিক আৰু স্থায়ী সমাধানেৰে ধিঙৰ খিলঞ্জীয়ালোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাওঁ আৰু লগতে অসমীয়া লোকক ভাবুকি দি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা সেই সন্দেহযুক্ত ব্যক্তিবোৰক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে আৰু চৰকাৰক দাবী জনাওঁ যে বৃহত্তৰ ধিং অঞ্চলৰ লগতে ধিঙৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত অবৈধভাৱে দখল কৰি থকা খিলঞ্জীয়া মানুহৰ মাটিৰ লগতে বেদখল হৈ থকা চৰকাৰী মাটিত অতি শীঘ্ৰে উচ্ছেদ অভিযান চলাই উক্ত মাটি সমূহ উদ্ধাৰ কৰি পুনৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষা কৰাৰ লগতে অসমীয়া মানুহৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। অন্যথা আমি ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম।

All Assam Students' Union - AASU
Himanta Biswa Sarma
CMO Assam
Assam Police
Nagaon District Administration
@নগাঁও আৰক্ষী
Nagaon Aasu
ধিং আঞ্চলিক ছাত্ৰ সন্থা

Address

Dhing College
Nagaon
782123

Website

Alerts

Be the first to know and let us send you an email when Dhing College AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dhing College AASU Unit:

Shortcuts

Share