15/08/2026
আজি আমাৰ বিদ্যালয়ত বিদ্যালয়ৰ পৰিয়ালবৰ্গ এক আনন্দময় আৰু গৌৰৱৰ মুহূৰ্তৰ সাক্ষী হ’ল।২০২৬ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলিয়াবৰ অঞ্চলৰ মেধাৱী আৰু কৃতী ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত মহোদয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
দুৰ্ভাগ্যবশতঃ কিছু ভুলবশতঃ এইবাৰ আমাৰ বিদ্যালয়ৰ পৰা এগৰাকীও কৃতী ছাত্ৰ-ছাত্ৰীক উক্ত সম্বৰ্ধনা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল। অৱশ্যে আনন্দৰ বিষয় যে, মাননীয় মন্ত্ৰী মহোদয়ে বিষয়টো অৱগত হোৱাৰ লগে লগে তাৎক্ষণিকভাৱে বিষয়টোত গুৰুত্ব প্ৰদান কৰে।
ইয়াৰ পৰিপ্ৰেক্ষিতত আজি মন্ত্ৰী মহোদয়ে পঠিয়াই দিয়া সম্বৰ্ধনা পত্ৰ আমাৰ বিদ্যালয়ৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ জৰিয়তে তেওঁলোকক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়।
এই মৰম আৰু সন্মানৰ বাবে মাননীয় মন্ত্ৰী অথা কলিয়াবৰ বিধানসভা সমস্টিৰ বিধায়ক কেশৱ মহন্ত মহোদয়ক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। 🙏
তেখেতৰ এই মহানুভৱতা আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা আন্তৰিকতাই আমাৰ বিদ্যালয় পৰিয়ালক যথেষ্ট উৎসাহিত কৰিছে।
কৃতী ছাত্ৰ-ছাত্ৰীসকললৈ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে অলেখ শুভকামনা। 💐📚
তোমালোকৰ সফলতাই আমাৰ বিদ্যালয়ৰ গৌৰৱ। ❤️
আগুৱাই যোৱা, সফলতাৰ এই যাত্ৰা অব্যাহত থাকক।
Keshab Mahanta কেশৱ মহন্ত