Tetulguri ME & LP School

Tetulguri ME & LP School ज्ञानं परमं ध्येयम् কণ কণ শিশুসকলৰ স্বাৰ্থত.......

21/06/2024

অখিলেশ ছাৰৰ বিদায় সম্বৰ্দ্ধনা সভাৰ কিছু মূহুৰ্ত ❤️

আন্তৰ্জাতিক যোগ দিৱস, ২০২৪
21/06/2024

আন্তৰ্জাতিক যোগ দিৱস, ২০২৪

তেতুলগুৰি মধ্য ইংৰাজী বিদ্যালয়ত ইং ০১/০১/১৯৯৩ তাৰিখৰপৰা ৩১/০৩/২০২৪ তাৰিখলৈ হিন্দী শিক্ষক হিচাপে সেৱা আগবঢ়াই অহা শ্ৰদ্ধ...
21/06/2024

তেতুলগুৰি মধ্য ইংৰাজী বিদ্যালয়ত ইং ০১/০১/১৯৯৩ তাৰিখৰপৰা ৩১/০৩/২০২৪ তাৰিখলৈ হিন্দী শিক্ষক হিচাপে সেৱা আগবঢ়াই অহা শ্ৰদ্ধেয় অখিলেশ শৰ্মা চাৰক আজি বিদায় সম্বৰ্দ্ধনা জনোৱা হয়। অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক দুয়োখন বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক কৰ্মচাৰী, শিক্ষাৰত ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অতি শ্ৰদ্ধাৰে বিদায় সম্ভাষন জনায় । যোগদান কৰা দিনৰপৰা ০১ জানুৱাৰি ২০২১ চনলৈ সুদীৰ্ঘ ২৭বছৰ বিনাবেতনে শিক্ষা দান কৰি অহা শৰ্মা চাৰৰ ত্যাগক উপস্থিত সকলোৱে শলাগে । জীৱনৰ বহুমূলীয়া সময় মানৱ গঢ়া কামত নিয়োগ কৰা শৰ্মা চাৰক(লগতে মধ্য ইংৰাজী বিদ্যালয়খনৰ সমূহ শিক্ষকক) অতি কম পাৰিতোষিকৰ বিনিময়ত শিক্ষকৰপৰা টিউটৰলৈ অৱনমিত কৰিলে শাসনাধিষ্ঠিত চৰকাৰে । অৱসৰৰ পিচতো তেখেতে চৰকাৰীভাৱে বাকী চৰকাৰী কৰ্মচাৰীৰ দৰে একো নাপাব!
আজি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে যেনেভাৱে চাৰক সম্ভাষন জনালে, ভৱিষ্যতৰ দিনবোৰত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে তাকে লৈ উপস্থিত সকলো আপ্লুত হয় ; চাৰেও যথেষ্ট আনন্দ পালে আৰু চাকৰি কালত নোপোৱা সকলোখিনি পোৱাৰ অনুভৱ কৰিলে । শেষত শৰ্মা চাৰৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

গুণোৎসৱ, ৫/১/২০২৪
05/01/2024

গুণোৎসৱ, ৫/১/২০২৪

শিক্ষক দিৱস, ২০২৩ ❤️
08/09/2023

শিক্ষক দিৱস, ২০২৩ ❤️

তেতুলগুৰি মহাত্মা গান্ধী প্ৰাথমিক বিদ্যালয়ত ২০১৬ চনৰ ২০ জানুৱাৰীৰ পৰা কৰ্মজীৱনৰ দ্বিতীয়টো ইংনিছ আৰম্ভ কৰি ২০২৩ চনৰ ৯ আ...
19/08/2023

তেতুলগুৰি মহাত্মা গান্ধী প্ৰাথমিক বিদ্যালয়ত ২০১৬ চনৰ ২০ জানুৱাৰীৰ পৰা কৰ্মজীৱনৰ দ্বিতীয়টো ইংনিছ আৰম্ভ কৰি ২০২৩ চনৰ ৯ আগষ্টত নিজৰ গৃহজিলালৈ বদলি হৈ যোৱা মানসী বাইদেউক আজি তেতুলগুৰি বিদ্যালয় পৰিয়ালৰ তৰফৰপৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্দ্ধনা জনোৱা হয়। তেখেতৰ নতুন কৰ্মস্থানৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে সোণোৱালী ভৱিষ্যতৰ বাবে শুভকামনা জনালো। লগতে সভাত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শ্ৰীযুত চন্দনজ্যোতি শৰ্মা ডাঙৰীয়াকো সম্বৰ্দ্ধনা জনোৱা হয়।

Address

Tetulguri, Jakhalabandha
Nagaon

Telephone

+919101512619

Website

Alerts

Be the first to know and let us send you an email when Tetulguri ME & LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category