শংকৰদেৱ বিদ্যা নিকেতন,পুৰণিগুদাম

  • Home
  • India
  • Nagaon
  • শংকৰদেৱ বিদ্যা নিকেতন,পুৰণিগুদাম

শংকৰদেৱ বিদ্যা নিকেতন,পুৰণিগুদাম নমস্কাৰ,শংকৰদেৱ বিদ্যা নিকেতন পুৰণিগুদাম পেজটি লৈ সকলোকে স্বাগতম জনালো

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০% উত্তীৰ্ণৰে নিকেতনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকললৈ অভিনন্দন জ্ঞাপন কৰিছো 😍
28/04/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০% উত্তীৰ্ণৰে নিকেতনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকললৈ অভিনন্দন জ্ঞাপন কৰিছো 😍

10/04/2026

পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হ'ল শংকৰদেৱ বিদ্যানিকেতন পুৰণণিগুদামৰ শিক্ষাৰ্থীসকল🙏🏽
প্ৰথম বিভাগ - ৬৬
বিশেষ যোগ্যতা(Dist)- ১২
ষ্টাৰ নম্বৰ-১৮
দ্বিতীয় বিভাগ -১১
তৃতীয় বিভাগ -০
সৰ্বোচ্চ শতকৰা -৯৪%

07/02/2026

শনিবৰীয়া খোল আৰু সত্ৰীয়াৰ কলাংশ।

07/02/2026

শিশু বাটিকাৰ ১২ ব্যৱস্থাৰ সৈতে শঙ্কৰদেৱ বিদ্যা নিকেতন, পুৰণিগুদাম ।

বিশেষ দিন,স্মৰণীয় সময়।'উৎকৰ্ষ উৎসৱ'ৰ কিছু দৃশ্যাংশ।প্ৰভুৰ কৃপাত সকলো ভালে-কুশলে হৈ গ'ল।বিদ্যানিকেতনলৈ অহা 'মান নিৰূপক'দল...
07/02/2026

বিশেষ দিন,স্মৰণীয় সময়।'উৎকৰ্ষ উৎসৱ'ৰ কিছু দৃশ্যাংশ।প্ৰভুৰ কৃপাত সকলো ভালে-কুশলে হৈ গ'ল।বিদ্যানিকেতনলৈ অহা 'মান নিৰূপক'দলটিকে মুখ্য কৰি কাৰ্যক্ৰমটি সাফল্যমণ্ডিত কৰি তোলা সদৌটিৰে ওচৰত আমি কৃতজ্ঞ।জয়তু শংকৰদেৱ বিদ্যা নিকেতন,পুৰণিগুদাম।🙏

23/01/2026

জয়তু শঙ্কৰদেৱ বিদ্যানিকেতন 🙏

আজি আমাৰ নিকেতনত সপ্তশক্তি সংগম শীৰ্ষক মাতৃ সন্মিলনে একত্ৰিত কৰিছে  ছাত্ৰ ছাত্ৰীৰ মাতৃ সকলক।শংকৰদেৱ বিদ্যানিকেতনত আজি অন...
17/01/2026

আজি আমাৰ নিকেতনত সপ্তশক্তি সংগম শীৰ্ষক মাতৃ সন্মিলনে একত্ৰিত কৰিছে ছাত্ৰ ছাত্ৰীৰ মাতৃ সকলক।
শংকৰদেৱ বিদ্যানিকেতনত আজি অনুষ্ঠিত হয় সপ্তশক্তি সংগম শীৰ্ষক মাতৃ সন্মিলন।বিদ্যালয় মাতৃ ভাৰতীৰ উদ্যোগত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিশেষ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সন্ধ্যা গোস্বামী আৰু স্বপ্না ভূঞা বাইদেউ।বিদ্যালয়ৰ প্ৰধান আচাৰ্য্যা কবিতা বৰা কলিতাই উদ্বোধনী ভাষণ দিয়া বিশেষ সন্মিলন খনত বিশিষ্ট অতিথি কেইগৰাকীয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক, সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশত মাতৃ সকলৰ ভূমিকা শীৰ্ষক দীঘলীয়া বক্তৃতা প্ৰদান কৰে। বিদ্যালয় খনৰ মাতৃ ভাৰতীৰ সভানেত্ৰী অপু এ বৰাই সভাপতিত্ব কৰা আৰু সম্পাদিকা স্মৃতি গোস্বামীয়ে আত ধৰা সন্মিলন খনত দুই শতাধিক মাতৃ উপস্থিত থাকে। উল্লেখযোগ্য যে ১৯৯৬ চনতে জাতীয় বিদ্যালয়ৰ আধাৰত প্ৰতিষ্ঠা হোৱা বিদ্যালয় খন পিছলৈ শিশু শিক্ষা সমিতি অসমৰ অধীনলৈ যায় যদিও প্ৰতিষ্ঠাৰ দিন ধৰি বিদ্যালয় খনে ছাত্ৰ, ছাত্ৰী সকলৰ ,শৈক্ষিক, সাংস্কৃতিক, ক্ৰীড়া তথা বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে।এই ছাত্ৰ,ছাত্ৰীৰ মাতৃ সকলৰ একত্ৰিত সংগঠন বিদ্যালয়ৰ মাতৃ ভাৰতীয়ে আজি আয়োজন কৰা সপ্তশক্তি সংগম শীৰ্ষক মাতৃ সন্মিলনে বিদ্যালয় খনৰ শৈক্ষিক দিশৰ উত্তৰণত উল্লেখযোগ্য ভূমিকা পালন কৰিব।

১৯৯৬ চনৰ ১জানুৱাৰী,ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ মাজমজিয়াত প্ৰতিষ্ঠিত হৈছিল এটা জ্ঞানবৃক্ষৰ পুলি।জাতিক ভালপোৱা,অসমীয়া ভাষাক ভ...
02/01/2026

১৯৯৬ চনৰ ১জানুৱাৰী,ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ মাজমজিয়াত প্ৰতিষ্ঠিত হৈছিল এটা জ্ঞানবৃক্ষৰ পুলি।জাতিক ভালপোৱা,অসমীয়া ভাষাক ভালপোৱা কেইগৰাকীমান মহানুভৱৰ আন্তৰিক প্ৰচেষ্ঠাত ৰোপিত গছপুলিটো আজি একত্ৰিছ বছৰীয়া হ'ল।প্ৰতিষ্ঠাদিৱসৰ পুৱাতেই একত্ৰিছ গছী বন্তিৰে উজ্বলি উঠিল বিদ্যালয় প্ৰাংগন।বিদ্যালয়ৰ মহীৰূহ শ্ৰদ্ধাৰ পূৰ্ণানন্দ ভূঞাদেৱে এগছি বন্তি প্ৰজ্বালনেৰে বন্তি প্ৰজ্বালন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যক্ৰমেৰে সজোৱা বিশেষ দিনটোত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী অসমী আইৰ সুযোগ্য সন্তান বিনোদ ডুলু বৰা।হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰাত উল্লেখনীয় ভূমিকা গ্ৰহন কৰি ৰাষ্ট্ৰপতি পুৰস্কাৰ পাবলৈ সক্ষম হোৱা বিনোদ ডুলু বৰাদেৱক বিদ্যানিকেতনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।এই সভাতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আদৰণি জনোৱা হয়।বিদ্যালয়ৰ শিক্ষাৰ্থীত্ৰয় দেৱাশ্ৰী শৰ্মা,চিন্ময়ী শৰ্মা আৰু অভিজ্ঞান কৌশিকে আঁত ধৰা অনুষ্ঠানটিত শিক্ষাৰ্থীসকলৰ গীত-নৃত্য,যোগাসন,খোলবাদনেৰে বিদ্যালৰ চোতাল উজ্জ্বীৱিত হৈ পৰে।বিদ্যালয়ৰ এই পোহৰমুখী যাত্ৰাত সাধুজনৰ শুভাশিস কামনাৰে প্ৰধান আচাৰ্য কবিতা বৰাই অনুষ্ঠানৰ আৰম্ভনিতে উপস্থিত সকলোকে সাদৰ সম্ভাষন জনায়।সদৌ শেষত জাতীয় সংগীত পৰিৱেশনেৰে দিৱসটিৰ অন্ত পেলোৱা হয়।

Address

Puranigudam
Nagaon
782141

Opening Hours

Monday 8:30am - 3pm
Tuesday 8:30am - 3pm
Wednesday 8:30am - 3pm
Thursday 8:30am - 3pm
Friday 8:30am - 3pm
Saturday 8:30am - 12:30pm

Telephone

+919401209709

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ বিদ্যা নিকেতন,পুৰণিগুদাম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category