Khagarijan College Ex Student's Union Forum

Khagarijan College Ex Student's Union Forum Khagarijan College student union (2019-20)

২১ জুন ২০২২ তাৰিখে নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত তথা খাগৰিজান মহাবিদ্যালয় যুৱ ক্লাবৰ সহযোগত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপ...
30/05/2023

২১ জুন ২০২২ তাৰিখে নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত তথা খাগৰিজান মহাবিদ্যালয় যুৱ ক্লাবৰ সহযোগত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।

14/02/2023
13/02/2023

🙏

আজি খাগৰিজান মহাবিদ্যালয়ত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু খাগৰিজান মহাবিদ্যালয় যুৱ ক্লাবৰ সহযোগত এখনি কৰ্মশালাৰ আয়োজন ...
12/02/2023

আজি খাগৰিজান মহাবিদ্যালয়ত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু খাগৰিজান মহাবিদ্যালয় যুৱ ক্লাবৰ সহযোগত এখনি কৰ্মশালাৰ আয়োজন কৰা হয়। উক্ত কৰ্মশালাৰ মূল বিষয় হ'ল স্বাস্থ্য আৰু সমাজত ড্ৰাগছ সেৱনৰ প্ৰভাৱ। পুৱা ১১ বজাৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰা হয়। অনুষ্ঠানটোৰ আৰম্ভণিত নগাঁও চহৰৰ চকিটুপ অঞ্চলত গৈ ড্ৰাগছ সেৱন কৰা লোক সকলক ড্ৰাগছ সেৱনৰ অপকাৰীতাৰ সন্দৰ্ভত অৱগত কৰা হয়। উক্ত অনুষ্ঠানটোত গাওঁৰক্ষী বাহিনীৰ সদস্য শংকৰ ঘোষ আৰু জাকিৰ হুছেইন আৰু খাগৰিজান মহাবিদ্যালয় যুৱ ক্লাবৰ সম্পাদক গৌৰৱ আগমাচাৰ্য্য য়ে লগত থাকি অনুষ্ঠানটো সুন্দৰ ভাৱে চলাই নিয়াত সহায় কৰে। ইয়াৰ পিছত দিনৰ ১২ বজাত মহাবিদ্যালয়ত এখনি সভাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ তথা খাগৰিজান মহাবিদ্যালয যুৱ ক্লাৱৰ সভাপতি ড° ৰমেশ নাথে সভা খনৰ শুভাৰম্ভ কৰে । উক্ত সভা খনত মুখ্য বক্তা‌ হিচাপে আমন্ত্ৰণ জনোৱা হয় নগাঁও চহৰৰ অধিবক্তা সেউজ প্ৰিয়া লিগিৰা আৰু খাগৰিজান মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা অজন্তা বৰা খাৰঘৰীয়া। অধিবক্তা সেউজ প্ৰিয়া লিগিৰায়ে ছাত্ৰ ছাত্ৰী সকলক ড্ৰাগছৰ অপকাৰীতা আৰু ইয়াৰ আইনগত ব্যবস্থাৰ ওপৰত অৱগত কৰে । লগতে অজন্তা খাৰঘৰীয়ায়ে ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব কয় যাতে দেশ খন এখন সভ্য, শিক্ষিত আৰু ড্ৰাগছ মুক্ত দেশ হ'ব পাৰে। অনুষ্ঠানটোত নেহৰু যুৱ কেন্দ্ৰৰ সদস্যৰ লগতে মহাবিদ্যালয়ৰ যথেষ্ট সংখ্যক অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দেখিবলৈ পোৱা যায়। অনুষ্ঠানটিৰ আতঁ ধৰে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ঝৰ্ণা মৰাঙে। দিনৰ ২ বজাত সভা খনৰ সমাপ্তি ঘটে।

আজি নেহৰু যুৱ কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান মহাবিদ্যালয়ৰ যুৱ ক্লাৱৰ সহযোগত শাৰীৰিক ফিটনেচ দিৱস  উদযাপন কৰা হয়। দিন...
16/01/2023

আজি নেহৰু যুৱ কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান মহাবিদ্যালয়ৰ যুৱ ক্লাৱৰ সহযোগত শাৰীৰিক ফিটনেচ দিৱস উদযাপন কৰা হয়। দিনৰ ৯ বজাত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত ধনেশ শৰ্মা লগতে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° দীপক কুমাৰ সৰকাৰ | উক্ত অনুষ্ঠান যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰে মহাবিদ্যালয়ত বাস্কেটবল, বেডমিন্টন, কেৰম, দবা, হাস্যকৰ ক্ৰীড়া সমূহ যেনে মিউজিকেল চেয়াৰ, পুখুৰী পাৰ আদি ক্ৰীড়া অনুষ্ঠিত কৰা হয়।

যোৱা কালি নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত তথা খাগৰিজান মহাবিদ্যালয়ত যুৱ ক্লাবৰ  আৰু খাগৰিজান মহাবিদ্যালয় NSS গোটৰ সহযোগত মহ...
20/10/2022

যোৱা কালি নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত তথা খাগৰিজান মহাবিদ্যালয়ত যুৱ ক্লাবৰ আৰু খাগৰিজান মহাবিদ্যালয় NSS গোটৰ সহযোগত মহাবিদ্যালয়ত স্বচ্ছ ভাৰত অভিযান নামেৰে অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত মহাবিদ্যালয় খনৰ লগতে মহাবিদ্যালয়ৰ চৌপাশৰ ঠাইসমূহ পৰিস্কাৰ কৰা হয়।

খাগৰিজান মহাবিদ্যালয়ত ২৯ আগষ্ট ২০২২ তাৰিখে নেহৰু যুৱ কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান মহাবিদ্যালয়ৰ যুৱ ক্লাৱৰ সহযোগত ...
31/08/2022

খাগৰিজান মহাবিদ্যালয়ত ২৯ আগষ্ট ২০২২ তাৰিখে নেহৰু যুৱ কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান মহাবিদ্যালয়ৰ যুৱ ক্লাৱৰ সহযোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। দিনৰ ১০ বজাত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত উজ্জ্বল পালে। উক্ত অনুষ্ঠান যথেষ্ট সংখ্যক অধ্যাপক তথা ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰে মহাবিদ্যালয়ত কেৰম, দবা, বেডমিন্টন, হাস্যকৰ ক্ৰীড়া: মিউজিকেল চেয়াৰ, স্পুন দৌৰ আদি ক্ৰীড়া অনুষ্ঠিত কৰা হয় |

বিশ্ব ৰক্ত দান দিৱস উপলক্ষে‌ আজি নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত  অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত হৈ মহ...
14/06/2022

বিশ্ব ৰক্ত দান দিৱস উপলক্ষে‌ আজি নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত হৈ মহাবিদ্যালয়ত ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰা বাবে আজি খাগৰিজান মহাবিদ্যালয় যুৱ ক্লাবে এই কৃতজ্ঞতাপত্ৰ গ্ৰহণ কৰে ।

Address

Nagaon

Telephone

+919954099607

Website

Alerts

Be the first to know and let us send you an email when Khagarijan College Ex Student's Union Forum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category