14/11/2025
প্ৰতি বছৰৰ ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। ১৪ নৱেম্বৰৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰ লাল নেহৰুৰ জন্ম হয়। শিশুসকলৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বাবে সকলোৱে মৰমেৰে তেওঁক "নেহৰু চাচা" বুলি কয়। তেওঁ শিশুসকলক ৰাষ্ট্ৰৰ ভৱিষ্যত আৰু কাইলৈৰ নাগৰিক হিচাপে গণ্য কৰিছিল। জৱাহৰ লাল নেহৰুৱে কৈছিল যে, ‘আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়ি তুলিব। আমি তেওঁলোকক যি ধৰণে ডাঙৰ কৰিম সেয়াই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।’
আজি শিশু দিৱস উপলক্ষে আমাৰ বিদ্যালয়ক আমাৰ বন্ধু বিদ্যালয় BAGARIGURI H.S SCHOOL য়ে অতিথি বিদ্যালয় ৰূপে নিমন্ত্ৰণ কৰে। আমি এই নিমন্ত্ৰণৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞ।
বন্ধু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত আমাৰ ছাত্ৰ ছাত্ৰী সকলে মিলি-জুলি নৃত্য, গীত, ছবি আদি বিভিন্ন প্ৰতিযোগিতাত একেলগে অংশগ্ৰহণ কৰে। অংশগ্ৰহণত আৰু অধিক উৎসাহিত কৰিবলৈ তেওঁলোকক বন্ধু বিদ্যালয়ৰ তৰফৰ পৰা কিছু পুৰস্কাৰ দিয়া হয়।