Learn Easily in Assamese

Directions Website

Learn Easily in Assamese Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Learn Easily in Assamese, Education Website, A. T. Road, Marwaripatty, Nagaon.

An educational page that links to the educational website:
https://learn-easily.com

This website contains lots of educational material on different topics in Assamese and English languages.

আজিকালি পৰীক্ষাত বেছি নম্বৰ পোৱাটো আগতকৈও দৰকাৰী হৈ পৰিছে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰৰ বাবে দুটামান কথা ইয়াতে লিখিছোঁ...
17/08/2026

আজিকালি পৰীক্ষাত বেছি নম্বৰ পোৱাটো আগতকৈও দৰকাৰী হৈ পৰিছে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰৰ বাবে দুটামান কথা ইয়াতে লিখিছোঁ।

আপোনাৰ পৰিয়ালত (বা চিনাকি) যদি কোনো ছাত্ৰ-ছাত্ৰী আছে, তেনেহলে এই লিখনিটো পঢ়িবলৈ দিব। ক্লাছ 6-তকৈ ওপৰৰ শ্ৰেনীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে এইখিনি নিজেই বুজি পাব। যদি আপোনাৰ সন্তান সৰু, তেনেহলে আপুনি নিজে পঢ়ি তেওঁক বুজাই দিলে উপকাৰ হব।

তলৰ কথাখিনি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি লিখা হৈছে।
-----------------------------------------------------------------------------
পঢ়াৰ ঠাই

এতিয়া মই সেই ঠাইখিনিৰ বিষয়ে আলোচনা কৰিম, য’ত তুমি সাধাৰণতে পঢ়া-শুনা কৰিবা। তোমাৰ এক নিৰ্দিষ্ট পঢ়াৰ ঠাই থাকিব লাগে। ই তোমাক বহু দিশত সহায় কৰিব। কিয় বাৰু?

যিহেতু তুমি সদায় সেই ঠাইতহে পঢ়া-শুনা কৰা, সেয়ে যেতিয়াই তুমি সেই ঠাইত বহিবা, তেতিয়াই তোমাৰ মনলৈ আহিব—‘এতিয়া পঢ়াৰ সময়।’

তদুপৰি, প্ৰতিদিনে প্ৰায় একে ধৰণৰ বস্তুৱে তোমাক ঘেৰি থাকিব। এইবোৰে এটা বিশেষ পৰিৱেশৰ সৃষ্টি কৰিব; আৰু এই পৰিৱেশে তোমাক সদায় মনত পেলাই থাকিব—'এতিয়া পঢ়াৰ সময়'।

এই সহায়ক পৰিৱেশত তোমাৰ মনোনিবেশ কৰা বহুত সহজ হ’ব। আৰু যেতিয়া মনোনিবেশ কৰা সহজ হয়, তেতিয়া পঢ়াটোও সহজ হৈ পৰে।

পঢ়াৰ ঠাইখন আৰামদায়ক হ’ব লাগে আৰু যথেষ্ট পোহৰ আৰু বায়ুৰ পৰিবহণ থকা উচিত। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে টেবুল-চেয়াৰত বহি পঢ়িবলৈ পছন্দ কৰে। আন বহুতে বিচনাত, ছোফাত বা নিজৰ পছন্দৰ আন কোনো ঠাইত পঢ়িবলৈ ভাল পায়।

তুমি ক’ত পঢ়িবলৈ বেছিকৈ পছন্দ কৰা, সেইটো বিশেষ গুৰুত্বপূর্ণ নহয়—যেতিয়ালৈকে তুমি মনোযোগ সহকাৰে পঢ়িব পাৰা।

তোমাৰ পঢ়াৰ ঠাই নিৰ্বাচন কৰোঁতে তলত দিয়া বিষয়বোৰ বিবেচনা কৰা উচিত—
(১) উপযুক্ত পোহৰৰ গুৰুত্ব
(২) পৰিষ্কাৰ আৰু বিশুদ্ধ বায়ুৰ প্ৰয়োজনীয়তা
(৩) তোমাৰ শৰীৰৰ ভংগিমা (body posture)
এতিয়া মই এই বিষয়বোৰৰ ওপৰত বহলাই আলোচনা কৰোঁ।
---------------------------------------------------------------------------
ইয়াৰ পিছৰখিনিৰ বাবে তলৰ লিংকটোত ক্লিক কৰক:

পঢ়াৰ ঠাইত যদি পোহৰ অত্যধিক বা অত্যন্ত কম হয়, তেন্তে দীঘল সময় পঢ়োঁতে চকুত কষ্ট হয়, চকু সোনকালে ক্লান্ত হয় আৰু ....

14/06/2026

যোৱা 30-May-2026 তাৰিখৰ পষ্টত লিখিছিলো যে বেঙ্কৰ চেভিংচ একাউণ্টত টকা থলে আমাৰ লোকচান হে হয়। আজি সেই লোকচান কেনেকৈ হয় তাৰ বিষয়ে লিখিব লৈছো।

চেভিংচ একাউণ্টৰ interest rate হয় 2.5 % to 4 % মাত্ৰ। আমাৰ আলোচনাৰ সুবিধাৰ বাবে তাক 3% বুলি ধৰি ললো।

গতিকে আপুনি যদি আজি এশ টকা (Rs. 100) থয়, তেনেহলে এবছৰৰ পিছত সি 103 টকা হবগৈ।

তাৰমানে তিনি টকা বাঢ়িল। অৰ্থাৎ আপোনাৰ তিনি টকা লাভ হল।

তেনেহলে মই কিয় কৈছিলোঁ লোকচানহে হয় বুলি!

এই কথাটো বুজিবলৈ আমি inflation, অৰ্থাৎ মূল্যবৃদ্ধিৰ প্ৰভাৱ হিচাপত ধৰিব লাগিব।

আমাৰ দেশত inflation-ৰ পৰিমান বছৰি প্ৰায় 5% বুলি ধৰিব পাৰি।‌ অৰ্থাৎ বস্তুবোৰৰ দাম এবছৰত গড়ে 5% বৃদ্ধি পায়।‌

আলোচনাখিনি বুজিবলৈ সহজ হ'বলৈ এটা উদাহৰণ লোৱা যাওক।‌

ধৰক, আমি এক কেজিত 50 টকা দামৰ চাউল উদাহৰণ হিচাবে ললো।‌

গতিকে, আজি আমি এশ টকা দি দুই কেজি চাউল কিনিব পাৰিম।‌

আনহাতে, যদি আমি এই এশ টকা চেভিংচ একাউণ্টত জমা কৰি থও, তেনেহলে এবছৰৰ পিছত সি 103 টকা হবগৈ।‌

এই এবছৰত সেই চাউলৰ দাম হ'বলৈ 52.50 টকা প্ৰতি কেজিত।‌ (at 5% inflation)

ফলত, এবছৰৰ পিছত আমি সেইখিনি টকাৰে (103/52.5 = 1.962) 1.962 কেজি চাউল হে কিনিব পাৰিম।‌

অৰ্থাৎ আমি কম পৰিমাণৰ চাউল হে কিনিব পাৰিম।

এনেকৈয়ে আমাৰ লোকচান হয় বেঙ্কৰ চেভিংচ একাউণ্টত টকা জমা থলে।‌ কাৰণ এই ক্ষেত্ৰত বস্তুবিলাকৰ দাম যি গতিত বাঢ়ে, আমাৰ টকা তাতকৈ কম গতিত বাঢ়ে!

সেইবাবেই বেঙ্কৰ চেভিঙ্চ একাউণ্টত টকা থলে আমাৰ লোকচান‌ হে হয়।‌

তেতিয়া হ'লে প্ৰশ্ন উঠিব যে আমি ক'ত টকা সাচিম?

এইবিষয়ে next পষ্টত আলোচনা কৰিম।

পষ্টটো পঢ়ি ভাল পাইছে যদি Like/Comment আদি কৰিব বুলি আশা কৰিলো।

যোৱা 11-May-2026 তাৰিখৰ পষ্টত আলোচনা কৰিছিলো আমি ক'ত ক'ত টকা সাচি থব পাৰো।1) ঘৰৰ আলমাৰিত:-------------------এইকেইটা উপায...
30/05/2026

যোৱা 11-May-2026 তাৰিখৰ পষ্টত আলোচনা কৰিছিলো আমি ক'ত ক'ত টকা সাচি থব পাৰো।

1) ঘৰৰ আলমাৰিত:
-------------------
এইকেইটা উপায়ৰ ভিতৰত আটাইতকৈ বেয়া উপায়টো হৈছে ঘৰৰ আলমাৰিত টকা সাচি থোৱাটো।

কাৰণ বিলাক হৈছে:

ক) টকাখিনি বাঢ়ি নাযায়, যিহেতু সেইখিনিৰ ওপৰত আপুনি কোনো সুত (interest) নাপায়।

খ) চোৰ-ডকাইতৰ ভয় থাকে।

গ) টকাখিনি ভালকৈ ৰাখিবলৈ এটা শক্তিশালী আলমাৰি কিনিবলগীয়া হয় যাৰ বাবে উলোটাই খৰছ হে হয়।

2) বেঙ্কৰ চেভিংচ একাউণ্টত:
-----------------------------
এই উপায়টো প্ৰথমটোতকৈ, অৰ্থাৎ ঘৰৰ আলমাৰিত টকা সচাতকৈ, বেছি ভাল।

এই কথা সকলোৱে জানে যে বেঙ্কত টকা থলে চোৰ-ডকাইতৰ ভয় নাথাকে আৰু সুত (interest) পোৱা যায়। গতিকে টকাখিনি বাঢ়ি গৈ থাকে। সেইকাৰণেই বহুত মানুহে চেভিংচ একাউণ্টত টকা জমা কৰি থয়।

কিন্ত এইদৰে চেভিংচ একাউণ্টত বেছি পৰিমাণৰ টকা দীঘলীয়া সময়ৰ বাবে সাচি থোৱাটো ভাল উপায় নহয়। এই কথাটৌ বহুতে নাজানে।

এনে কৰিলে আপোনাৰ আচলতে লোকচান হে হয়।

“লোকচান হয় ? কেনেকৈ?”, আপোনাৰ মনত প্ৰশ্ন উঠিব পাৰে।

এইবিষয়ে অহা পষ্টত আলোচনা কৰিম।

11/05/2026

আমি সকলোৱে ভৱিষ্যতৰ বাবে টকা সাঁচো। ধৰক আপুনি 20 বছৰ মানৰ বাবে অলপ টকা সাঁচিব বিছাৰিছে। টকাখিনি বাৰু কিহত ৰাখিবলৈ পচন্দ কৰিব?
1) bank savings account
2) bank fixed deposit
3) NSC
4) Gold
5) mutual fund
6) ঘৰৰ আলমাৰিত
7) অন্য কিহবাত

এই ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰে নিজস্ব পচন্দ থাকে। আপোনাৰ কোনটো পচন্দ তলৰ কমেন্টত জনাবচোন। আন এদিন ইহতৰ advantage / Disadvantage বিলাকৰ বিষয়ে আলোচনা কৰিম।

বি,দ্ৰ, এই পষ্টটো আপোনালোকৰ আন আন গ্ৰুপতো share কৰি দিবচোন। যিমান বেছি সংখ্যক মানুহে এই বিষয়ে জানিব পাৰে সিমানেই ভাল হ'ব।



18/08/2025

ইংৰাজী ভাষাৰ F আখৰটো কেনেকৈ উচ্চাৰণ কৰিব লাগে এই ভিডিঅ'টোত অসমীয়াত বুজোৱা হৈছে।

A question of NEET from the topic Centre of Mass. Q) Two particles which are initially at rest, move towards each other ...
16/08/2025

A question of NEET from the topic Centre of Mass.

Q) Two particles which are initially at rest, move towards each other under the action of their internal attraction. If their speeds are v and 2v at any instant, then the speed of centre of mass of the system will be:
(a) 2v (b) 0 ( c) 1.5v (d) v

Do you know how to solve this question?
If not, then learn the solution from this video:

When you first look at some questions, they seem difficult. But if you know how to analyze the question (the trick), they can be answered in 30/40 seconds.Th...

09/08/2025

আজি class 11 Physics বা H S first year Physics-ৰ Centre of Mass নামৰ topic-ৰ second reel টো আপলোড কৰিছোঁ।

সম্পূৰ্ণ ভিডিঅ' টো মোৰ Learn Easily (multi-lingual) নামৰ YouTube চেনেলটোত আছে।

আপোনালোকৰ আন গ্ৰুপত share কৰি দিব বুলি আশা কৰিলোঁ যাতে HS Science পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ উপকাৰ হয়।

08/08/2025

আজি class 11 Physics-ৰ Centre of Mass নামৰ topic-ৰ প্ৰথম reel টো আপলোড কৰিছোঁ।

(বা H S first year Physics)

সম্পূৰ্ণ ভিডিঅ' টো মোৰ Learn Easily (multi-lingual) নামৰ YouTube চেনেলটোত আছে।

আপোনালোকৰ আন গ্ৰুপত share কৰি দিব বুলি আশা কৰিলোঁ যাতে HS Science পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ উপকাৰ হয়।

03/08/2025

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

এই পেজটোৰ তিনি বছৰ পূৰ হ'ল। আপোনালোকে দি অহা support-ৰ বাবে বহুতো ধন্যবাদ।‌

ভৱিষ্যতেও এনেকৈ like, comment, share আদিৰে support কৰি গৈ থাকিব বুলি আশা কৰিলো।

আপুনি যদি পেজটো এতিয়াও follow কৰা নাই, তেনেহলে এতিয়াই follow button টোত ক্লিক কৰি সহায় কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰতিদানত আপোনাকো সহায় কৰিম।

সোনকালে 500 followers পাৰ কৰাৰ ইচ্ছা আছে।

আজি শ্বেয়াৰ বজাৰৰ বিষয়ে আৰু অলপ: শ্বেয়াৰ বজাৰত কাম কৰি থাকোতে সদায় মনত ৰাখিব লাগে যে বেছিভাগ মানুহে আপোনাক ঠগিবলৈ বি...
02/08/2025

আজি শ্বেয়াৰ বজাৰৰ বিষয়ে আৰু অলপ:

শ্বেয়াৰ বজাৰত কাম কৰি থাকোতে সদায় মনত ৰাখিব লাগে যে বেছিভাগ মানুহে আপোনাক ঠগিবলৈ বিচাৰে। তেওঁলোকে বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰি আপোনাক ঠগিবলৈ চেষ্টা কৰে।

আপুনি এইবোৰৰ বিষয়ে জানি সাৱধান হৈ থাকিব লাগে। আজি এই কৌশলবোৰৰ ভিতৰৰ এটা কৌশলৰ বিপৰীতে কেনেকৈ সাৱধানতা ল'ব লাগে সেইবিষয়ে আলোচনা কৰিব ওলাইছো এই ভিডিঅ'টোৰ জৰিয়তে।



শ্বেয়াৰ বজাৰত কাম কৰি থাকোতে সদায় মনত ৰাখিব লাগে যে বেছিভাগ মানুহে আপোনাক ঠগাবলৈ বিচাৰে। তেওঁলোকে বিভিন্ন ধৰণ....

Address

A. T. Road, Marwaripatty
Nagaon
782001

Alerts

Be the first to know and let us send you an email when Learn Easily in Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share