05/03/2024
সাৱধান...
সন্মানীয় অভিভাৱক- অভিভাৱিকাসকল আপোনাৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰক অন্যথা বিপদ অনিবাৰ্য , প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে PEN NO( Parsonal Education Number) বাধ্যতামূলক হ'বলৈ গৈ আছে যিটো কেৱল মাত্ৰ U - DISE থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ- ছাত্ৰীয়ে লাভ কৰিব পাৰিব , U - DISE নথকা কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই PEN NO লাভ নকৰিব ,যাৰ বাবে আপোনাৰ সন্তানটো আধাতে পঢ়া সামৰিব লগা হ'ব পাৰে, যিটোৰ বাবে আপোনাৰ সন্তানৰ প্ৰতি থকা সপোন আৰু আশা নিমিহতে ধ্বংস ত পৰিণত হ'ব পাৰে, সচৰাচৰ গাঁৱত বহুতো পৰিয়াল/ মানুহ নিৰক্ষৰ বা অশিক্ষিত কিন্তু সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰে সিহঁতে বুজি নাপায় U - DISE / PEN NO কি ? গতিকে আপুনি এজন সচেতন ও শিক্ষিত ব্যক্তি হিচাপে আপোনাৰো দায়িত্ব যাতে আপোনাৰ চুবুৰীয়া ছাত্ৰ- ছাত্ৰী এনে ভূলৰ মূখামুখি নহয়, শৈক্ষিক দিশত ভাল আৰু U - DISE CODE থকা বিদ্যালয়ত আপোনাৰ সন্তানৰ লগতে আপোনাৰ চুবুৰীৰ ছাত্ৰ ছাত্ৰী সকলক নামভৰ্তিৰ বাবে সুপৰামৰ্শ দি দুখীয়া আৰু নিৰক্ষৰ ব্যক্তিসকলক সহায় কৰক 🙏🙏
বি: দ্ৰ- আমাৰ আব্দুল মজিদ জাতীয় বিদ্যালয়ৰ U - DISE CODE প্ৰাপ্ত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ।