04/03/2025
১৯৫১ চনত প্ৰতিষ্ঠা লাভ কৰা মাজপাথৰি উচ্চ মাধ্যমিক বিদ্যালয় নগাঁৱৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান।এই শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰিয়েই বহু ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ বাট বুলিলে।বিদ্যালয়খনে প্ৰতিষ্ঠাৰ দিনৰে পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি আহিছে।এই বিদ্যালয়খনে কেৱল যে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ জ্ঞানেৰে পৰিপুষ্ট কৰে এনে নহয়,ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰটো সমানেই গুৰুত্ব দি আহিছে আৰু ইয়াৰ সুফলো পাবলৈ সক্ষম হৈছে।আমাৰ এই বিদ্যালয়তে অধ্যয়ন কৰি যোৱা বহু প্ৰাক্তন ছাত্ৰই সমাজৰ আগশাৰীৰ যিসমূহ কৰ্মক্ষেত্ৰ যেনে- চিকিৎসক,অভিযন্তা,উকীল,আৰক্ষী অধীক্ষক, অধ্যাপক, গীতিকাৰ, সুৰকাৰ, কন্ঠশিল্পী,খেলুৱৈ,নাট্যকাৰ, আদৰ্শ খেতিয়ক হৈ সুখ্যাতিৰে কাৰ্য্যনিৰ্বাহ কৰি আছে। **ইয়াৰ মাজৰে এটি উদাহৰণ দিবলৈ অতিশয় আগ্ৰহ প্ৰকাশ কৰিছো-২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৭% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা গৌতম চৌহান নামৰ ছাত্ৰজনে বৰ্তমানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ডাক্তৰ পঢ়িবৰ বাবে সুবিধা লাভ কৰিছে।**
বিদ্যালয়খনত উপলব্ধ বিশেষ সুবিধাসমূহ তলত উল্লেখ কৰা হ'ল--
১) বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অতি সন্তোষজনক আৰু শিক্ষক-ছাত্ৰৰ সম্পৰ্ক শলাগ ল'বলগীয়া।এই বিদ্যালয়ত কৰ্মৰত সকলো শিক্ষক-শিক্ষিয়িত্ৰীয়ে প্ৰতিজন শিশুকে নিজৰ সন্তানৰ দৰে জ্ঞান কৰি শিক্ষা দান কৰে।
২) বিদ্যালয়খনত প্ৰশিক্ষিত(De.El.Ed/B.Ed),অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কৰা হয়।
৩)ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন অনুসাৰে বিশেষ যতন লোৱা হয়।( বিশেষকৈ পাঠ্যক্ৰমৰ লগতে সহ-পাঠ্যক্ৰমৰ সকলো দিশৰ প্ৰতি গুৰুত্ব)
৪)পঢ়া-শুনাৰ লগতে স্বাস্থ্য আৰু শাৰীৰিক শিক্ষাত গুৰুত্ব।
৫)স্মাৰ্ট ক্লাছ(Smart Class) ৰ ব্যৱস্থা
৬)ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শিক্ষকৰ দ্বাৰা শৈক্ষিক অগ্ৰগতিৰ খতিয়ান লোৱা ।।
কিন্তু অতি পৰিতাপৰ কথা যে বিদ্যালয়খনে ইমান সুন্দৰ তথা সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ পিছতো ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হৈছে।আমাৰ এই বিদ্যালয়খনত প্ৰথম মানৰ পৰা দশম মানলৈকে ছাত্ৰ-ছাত্ৰী খুবেই সেৰেঙা।যিটো অতি দুখজনক।শিক্ষানুষ্ঠান এখন বৰ্তি থাকিবলৈ হ'লে শিক্ষক ,ছাত্ৰ আৰু সমাজ(অভিভাৱক)ৰ অতিকে প্ৰয়োজন।যদি এখন শিক্ষানুষ্ঠানত ছাত্ৰই নাথাকে শিক্ষকসকলে কাক পাঠদান কৰিব।বিষয়টো সকলো সচেতন অভিভাৱকসকলে গুৰুত্ব সহকাৰে চিন্তা-চৰ্চা কৰিব বুলি আমি আশাবাদী।
*শেষত, শিশুসকলক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই বিনামূলীয়াকৈ তেওঁলোকৰ ভৱিষ্যত গঢ়ো আহক।*
তলত সকলোৰে সুবিধা হোৱাকৈ আমাৰ বিদ্যালয়খনে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখুওৱা প্ৰদৰ্শনৰ এখন তালিকা দিয়া হ'ল।।(*DO SHARE IT AS MUCH AS YOU CAN*)