Nagaon Govt Girls' H S School. Assam. Nagaon

Nagaon Govt Girls' H S School. Assam. Nagaon To reach all family members of Government Girls HS school #

বিজ্ঞান মেলা ও বক্তৃতা অনুষ্ঠানবিষয়:  বিজ্ঞান আৰু সমাজযোৱা ২৩ অক্টোবৰ' ২০২৪  বুধবাৰে  আমাৰ বিদ্যালয় নগাঁও চৰকাৰী উচ্চত...
24/10/2024

বিজ্ঞান মেলা ও বক্তৃতা অনুষ্ঠান

বিষয়: বিজ্ঞান আৰু সমাজ

যোৱা ২৩ অক্টোবৰ' ২০২৪ বুধবাৰে আমাৰ বিদ্যালয় নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে 'বিজ্ঞান মেলা ও বক্তৃতা অনুষ্ঠান' শীৰ্ষক এখনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয় ।
উক্ত বিষয়ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ মাননীয়া অধ্যক্ষা প্ৰমুখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ উপযুক্ত পৰামৰ্শ তথা তৎপৰতাত বিভিন্ন শ্ৰেণীৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা বিজ্ঞানৰ ৭০ বিধ মান মডেল ,চাৰ্ট ,পষ্টাৰ আদিক প্ৰদৰ্শনী ৰূপত অনুষ্ঠিত কৰা বিজ্ঞান মেলাত সু-সজ্জিত ভাবে উপস্হাপন কৰা হয় । সমান্তৰাল ভাবে সেই বিজ্ঞান মেলাতে ছাত্ৰীসকলে উপস্হাপন কৰা মডেল ,চাৰ্ট সমূহৰ মাজত এক আকৰ্ষণীয় প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল ।

পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সন্মানীয়া ড০ স্বপ্না নেওঁগ বৰাই। বিজ্ঞানৰ মডেল আৰু চাৰ্ট প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ললিত মোহন গোস্বামী দেৱ আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা সন্মানীয়া ড০ নমিতা ওজা ।

বিজ্ঞান মেলা আৰু বক্তৃতা অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে ড০ স্বপ্না নেওঁগ বৰাই আৰু সভাত নিদিৰ্ষ্ট বক্তা হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সেই মহাবিদ্যালয়ৰে উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক শিক্ষাবিদ,কবি , সাহিত্যিক তথা সমাজসেৱক সন্মানীয় ড০ শৰৎ বৰকটকী দেৱ ।
'বিজ্ঞান আৰু সমাজক' বিষয়বস্তু হিচাপে লৈ আগবঢ়োৱা তেখেতৰ সাৱলীল ভাষণত তেখেতে বিজ্ঞানৰ লগত থকা সমাজৰ অভিন্ন সম্পৰ্কৰ বিষয়ে বিভিন্ন উদাহৰণৰ মাধ্যমেৰে ভাষণ প্ৰদান কৰাৰ লগতে দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তা( A I ) লৈকে বিজ্ঞানৰ অভিনৱ কৌশল সমূহৰ বিষয়ে ছাত্ৰীসকলক অৱগত কৰে। সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষা সন্মানীয়া শ্ৰী যুতা ৰীতা কাকতি মহোদয়াই বিশিষ্ট অতিথি সকলৰ লগতে সকলোলৈকে আদৰণি জনাই আদৰণি ভাষণ প্ৰদান কৰে। সভাত নগাঁও পৌৰসভাৰ অন্তৰ্গত ১০ নং মহলাৰ মহলা আয়ুক্ত তথা এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী শ্ৰী বেদশ্ৰী বৰঠাকুৰো অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা বক্তব্য আগবঢ়ায় । সভাত বিদ্যালয়ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীৰ তত্বাৱধানত এটি সুমধুৰ বৃন্দগান পৰিবেশন কৰে । মাননীয়া অধ্যক্ষা প্ৰমুখ্যে সমূহ শিক্ষক- শিক্ষয়িত্ৰী ,কৰ্মচাৰী তথা ছাত্ৰীসকলৰ যৌথ প্ৰচেষ্টা,তৎপৰতা ,একাগ্ৰতাৰ বলত বিদ্যালয়ত পুনৰবাৰৰ বাবে এটি সুন্দৰ অনুষ্ঠানৰ সফল সামৰণি পৰে । অনুষ্ঠানৰ শেষত সকলোৱে জাতীয় সংগীত পৰিবেশন কৰে ।

জয়তু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়।
নমামি নমামি জন্মভূমি অসম অসম তুমি পূণ্যভূমি। জয় আই অসম ।

Our student Dipika Barman getting offer from IIT Guwahati  for doing Phd in the Deptt of Cheimistry.Its a great news for...
15/06/2024

Our student Dipika Barman getting offer from IIT Guwahati for doing Phd in the Deptt of Cheimistry.Its a great news for all of us. All d Best .

HS Final'2024 result of Nagaon Govt Girls' H S School. Assam. Nagaon Arts: Pass 40/41(97.56%),Star:5, First Division:14S...
07/06/2024

HS Final'2024 result of Nagaon Govt Girls' H S School. Assam. Nagaon

Arts: Pass 40/41(97.56%),Star:5, First Division:14
Science: Pass 5/5(100%),Star:1, First Division:2

HSLC 2024 result.আমাৰ বিদ্যালয়ৰ ফলাফল সুন্দৰ ।
20/04/2024

HSLC 2024 result.আমাৰ বিদ্যালয়ৰ ফলাফল সুন্দৰ ।

 িদ্যাৰম্ভ #২০২৪-২৫_শিক্ষা_বৰ্ষ #নগাওঁ_চৰকাৰী_উচ্চতৰ_মাধ্যমিক_বালিকা_বিদ্যালয়_নগাওঁ_অসমবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ হাৰ ব...
06/04/2024

িদ্যাৰম্ভ
#২০২৪-২৫_শিক্ষা_বৰ্ষ
#নগাওঁ_চৰকাৰী_উচ্চতৰ_মাধ্যমিক_বালিকা_বিদ্যালয়_নগাওঁ_অসম

বিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ হাৰ বৃদ্ধিৰ লগতে শ্ৰেণীৰ প্ৰথমটো দিনৰ পৰা নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ লক্ষ্যৰে স্থানীয় প্ৰশাসন, বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট ,অভিভাৱক তথা বিদ্যালয় পৰিয়ালৰ সমন্বিতে নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত যোৱা ইং ৩/৪/২০২৪ তাৰিখে শিক্ষাবৰ্ষৰ প্ৰথমটো দিনত বিদ্যাৰম্ভ উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ লগত সংগতি ৰাখি পুৱা ১০ বজাত এখন মুকলি সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত সভাপতিৰ আসন শুৱনি কৰে বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা ৰীতা কাকতিয়ে। বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা সভাৰ কাৰ্যসূচী অসম সংগীতৰে সামৰণি মৰা হয়৷ বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰীৰ উপস্থিতিৰ লগতে এই সভাৰ বিশেষ আকৰ্ষণ আছিল ষষ্ঠ শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰা মুঠ ১৪০ গৰাকী ছাত্ৰী। সভাৰ কাৰ্যসূচীৰ মাজতে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীসকলে নিজৰ পৰিচয় দাঙি ধৰাৰ লগতে গীত, কবিতা আবৃত্তি, নৃত্য আদিৰ পৰিবেশনৰ জৰিয়তে সভাৰ কাৰ্যসূচী অধিক আকৰ্ষণীয় কৰি তোলে। ইয়াৰ উপৰিও উক্ত সভাত বিদ্যালয়ৰ বহু কেইগৰাকী জেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী য়ে ছাত্ৰীসকলক উদ্দেশি ভাষণ প্ৰদান কৰাৰ লগতে অনাগত দিনৰ বাবে আৰ্শীবাদ প্ৰদান কৰি নতুন শিক্ষা বৰ্ষৰ শুভাৰম্ভ কৰে।

13/01/2024

Address

B M Road. Nagaon.
Nagaon
18101106102

Telephone

+919435062937

Website

Alerts

Be the first to know and let us send you an email when Nagaon Govt Girls' H S School. Assam. Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Nagaon Govt Girls' H S School. Assam. Nagaon:

Shortcuts

Share

Category