MADRASSA ISLAMIA ISHAATUL ULOOM HERAPATI

MADRASSA ISLAMIA ISHAATUL ULOOM HERAPATI

Share

very intelligent assam

Photos from MADRASSA ISLAMIA ISHAATUL ULOOM HERAPATI's post 15/08/2025

মাদ্ৰাছা ইছলামীয়া ইশ্বাআতুল উলুম হেৰাপাতি নগাঁও (অসম)ৰ তৰফৰ পৰা সমূহ অসম তথা ভাৰতবাহীলৈ 79তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ***********
" #স্বাধীনতা_আন্দোলনত_মুছলমান_সকলৰ_অৱদান"
====================================

সংক্ষিপ্ত ৰূপত দাঙি ধৰিবলৈ ওলাইছোঁ। আশা কৰোঁ এই চিৰসত্য ইতিহাসে আপোনালোকৰ সন্মুখত এটি সঠিক প্রতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হ'ব । কাৰণ, যি জাতিয়ে নিজৰ ইতিহাস পাহৰি যায়; সেই জাতিক ইতিহাসৰ পাতৰ পৰা মচি দিয়া হয় ।

প্রায় দুশটা বছৰ দাসত্বৰ অন্তত ১৯৪৭ চনত ভাৰতবৰ্ষৰ আকাশত স্বাধীনতাৰ সূৰ্য উদয় হ'ল।
ভাৰতবৰ্ষ সকলো জাতি, ধৰ্মৰ উমৈহতীয়া প্ৰচেষ্টাত স্বাধীনতা প্ৰাপ্ত হৈছিল। তাতে উলামাসকলৰো বহুত ডাঙৰ অৱদান আছিল। কিয়নো কোনো ধৰ্মীয় জীৱন বৈষয়িক জীৱনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ থাকিব নোৱাৰে। ইছলাম ধৰ্মৰ ক্ষেত্ৰত এই কথা আৰু অধিক প্ৰযোজ্য। সেইবাবে বৃটিছৰ বিৰুদ্ধে প্ৰথম প্ৰতিৰোধ মুছলমান উলামা সকলৰ মাজৰ পৰা আৰম্ভ হৈছিল।
বৰ্তমানৰ ইতিহাসে এই উলামা কেৰাম সকলক যোগ্য স্থান নিদি একপক্ষীয় ইতিহাস ৰচনা কৰি জনমানসত প্ৰচাৰ কৰিব ধৰিছে, যাৰ বাবে আজি ঐক্যৰ মাজতো অনৈক্য দেখিবলৈ পোৱা গৈছে ।
এনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ আলিম সম্প্রদায়ে স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা যদি গ্ৰহণ নকৰিলেহেঁতেন তেন্তে দেশৰ স্বাধীনতা আৰু এশ বছৰলৈ পিছুৱাই গ'লহেঁতেন। ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ঘোষণা কৰিছিল যাৰ মূৰত টুপী, মুখত দাড়ি পিন্ধনত পঞ্জাৱী দেখা যাব তাকেই ফাঁচীকাঠত ওলোমাই দিয়া হ'ব ।

↘️১৮০৩ খ্রীষ্টাব্দত দিল্লীত যেতিয়া ইংৰাজৰ চৰকাৰ গঠন হয় তেতিয়া দিল্লীৰ ছাহ ৱলিউল্লাহ (ৰঃ) ৰ সুযোগ্য সন্তান ছাহ আব্দুল আজিজ (ৰঃ) এ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ বাবে জেহাদ ফতোৱা জাৰি কৰে।

↘️১৮৩১ খ্ৰীষ্টাব্দত ছৈয়দ আহমদ ছহিদৰ নেতৃত্বত বালাকোটত ইংৰাজৰ বিৰুদ্ধে প্রচণ্ড যুদ্ধ হয়।
উক্ত যুদ্ধক্ষেত্ৰত ছৈয়দ আহমদ, মৌলানা মহম্মদ ইছমাইল আৰু তেওঁৰ সংগীসকলে ছহিদ হৈ ইতিহাসৰ পাত ৰাঙলী কৰে ।

↘️ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সকলোতকৈ হৃদয় বিদাৰক আন্দোলন হ'ল "চিপাহী বিদ্রোহ"।
১৮৫৭ চনৰ এই চিপাহী বিদ্রোহত প্রায় দুইলক্ষ মুছলমানক ছহিদ কৰা হয়। যাৰ ভিতৰত প্ৰায় ৫৭ হাজাৰ উলামাই প্রাণ বিসর্জন দিছিল। আৰু এই বিদ্ৰোহত অগ্রণী ভূমিকা পালন কৰিছিল হাজী ইমদাদুল্লাহ মহাজিৰে মক্কী (ৰঃ), মওলানা ইচহাক দেহলভী (ৰঃ), মওলানা আব্দুল গণি (ৰঃ), মঃ ফজলে হ’ক ৰামপুৰী (ৰঃ) আদি প্ৰয়াত উলামাসকলে যি সকল আন্দামানলৈ নিৰ্বাসিত হৈছিল। পাছলৈ এছিয়া মহাদেশৰ সৰ্ব্ববৃহৎ ইছলামী শিক্ষা কেন্দ্ৰ দাৰুল উলুম দেওবন্দৰ প্ৰতিষ্ঠাপক মওলানা কাছিম নানুতৱী (ৰঃ) আৰু ৰশ্বীদ আহমদ গংগুহী (ৰঃ)য়ে এই সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰিছিল।

↘️এইখিনিতে এটা কথা জানি থোৱা প্ৰয়োজন যে "মহাত্মা গান্ধীয়ে স্বাধীনতা সংগ্ৰামত পূর্ণ সহযোগিতা আগবঢ়াইছিল। আৰু অৱশেষত তেওঁৰ নেতৃত্বতেই ভাৰতে স্বাধীনতাৰ জয়মালা পিন্ধিবলৈ সক্ষম হৈছিল সঁচা। কিন্তু স্বাধীনতাৰ বীজ ৰূপণ হৈছিল ১৮০৩ চনত। চিপাহী বিদ্রোহ হৈছিল ১৮৫৭ চনত আৰু গান্ধীজীৰ জন্ম হৈছিল ১৮৬৯ চনত। এতিয়া প্রশ্ন হয় ১৮০৩ চনৰ পৰা ১৮৫৭ চনলৈকে এই সময়ছোৱাত যিসকল উলামা তথা মুছলমানসকলে প্ৰাণ হেৰুৱালে সেইসকলক ইতিহাসে কিয় পাহৰি গ'ল ?

▫️এই কথা উচিত আছিল যে আজি ভাৰত বৰ্ষৰ প্ৰতিজন নাগৰিকৰ মুখত জাতিৰ বাবে মহাত্মা গান্ধীৰ নামৰ লগতে মওঃ হুছাইন আহমদ মদনী (ৰঃ), মওঃ কাচিম নানতৱী (ৰঃ), মওঃ আবুল কালাম আজাদ আদি উলামাসকলৰো নাম উচ্চাৰিত হ'ব লাগিছিল। কিন্তু সেয়া হৈ উঠা নাই।

↘️ স্বাধীনতা সংগ্ৰামৰ এক অন্যতম আন্দোলন আছিল "ৰেচমী ৰুমাল' । এই আন্দোলনত ২২৩ জনৰো অধিক সংগ্ৰামীক ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মুক্তি যুদ্ধা তথা আত্মসমৰ্পণৰ ভাষা নজনা মৌলানা মীৰ নিচাৰ আলী ওৰফে তিতুমী ইংৰাজৰ কামানৰ গুলিত ছিন্ন-ভিন্ন হৈ গৈছিল।

↘️ শ্বেইখুল হিন্দ মৌলানা মাহমাদুল হাচান, মৌলানা হুছেইন আহমদ মদনী, মৌলানা উজায়াৰ গুল, মৌলানা ৱাহিদ আহমদ আৰু হাকিম নুছৰত হুছেইন আদি ব্ৰিটিছ বিৰোধী আন্দোলনত ইংৰাজৰ হাতত বন্দী হৈ মাল্টা কাৰাগাৰত থাকিবলগীয়া হয়। তিনি বছৰ সাতমাহ কাৰাবাসত থকাৰ পিছত ১৯২০ খ্ৰীষ্টাব্দৰ ৮ জুন তাৰিখে শ্বেইখুল হিন্দ মৌলানা মাহমাদুল হাচান আৰু তেখেতৰ সংগীসকলক মুম্বাই চহৰত আনি মুক্তি দিয়ে। হাজাৰ হাজাৰ সংগ্ৰামী জনতাৰ লগত জাতিৰ জনক মহাত্মা গান্ধী ও তেওঁলোকক সম্বৰ্ধনা জনাবৰ বাবে তাত উপস্থিত আছিল। আৰু পৰৱৰ্তী স্বাধীনতা আন্দোলনৰ ৰুদ্ধদ্বাৰ বৈঠকত শ্বেইখুল হিন্দে গান্ধীজীক 'জাতীয় নেতা' হিচাপে নিৰ্বাচন কৰে। আৰু জমিয়তৰ টকাৰে 'মহাত্মা গান্ধী আৰু 'মৌলানা আব্দুল বাৰী ফেৰংগীক গোটেই ভাৰত চফৰ কৰোৱা হয় আৰু সংগ্ৰামীসকলক একগোট কৰা হয় ।
এয়া আমি কিমান জনে জানো?

↘️১৯২৯ খ্ৰীষ্টাব্দত গান্ধীজীৰ তত্ত্বাৱধানত আৰম্ভ হয় "ডাণ্ডি মার্চ লৱণ আন্দোলন। এই আন্দোলনত মৌলানা হিফজুৰ ৰহমান, মুফতি আতিকুৰ ৰহমান, মৌলানা আহমদ, মৌলানা মুহাম্মাদ মিঞা, মৌলানা ফখৰুদ্দিন আদি গ্ৰেপ্তাৰ হ'বলগীয়া হয়।

↘️ "আহমাদুল্লাহ চাহাব" তেওঁ এনে এজন ব্ৰিটিছ বিৰোধী ব্যক্তি আছিল যাৰ কাৰণে ব্ৰিটিছ চৰকাৰে উপায়হীন হৈ ঘোষণা দিছিল যে ইয়াক যদি কোনোবাই গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁক পঞ্চাশ হাজাৰ টকা দিয়া হ'ব। তেতিয়া জমিদাৰ জগন্নাথে নিজৰ ঘৰত প্ৰতাৰণা কৰি তেখেতক বিষ খোৱাল আৰু ব্ৰিটিছ চৰকাৰৰ পৰা ৫০ হাজাৰ টকা ল’লে । সেই সময়ত যিজন ব্যক্তিক কেৱল গ্ৰেপ্তাৰৰ কাৰণে পঞ্চাশ হাজাৰ টকা ব্ৰিটিছ চৰকাৰে ঘোষণা কৰিছিল তেওঁ কেনেকুৱা ব্ৰিটিছ বিৰোধী আছিল তাৰ অনুমান ইয়াতেই পোৱা যায়। কিন্তু সেই মহান ব্যক্তিক আজি ইতিহাসৰ পাতৰ পৰা মচি দিয়া হৈছে।

↘️ভাৰতবৰ্ষত বহু বছৰ ব্ৰিটিছসকলে অত্যাচাৰ, নির্যাতন কৰাৰ পিছত ভাৰতীয় মানুহে জাতি ধর্ম বর্ণ নিৰ্বিশেষে ব্ৰিটিছৰ লগত দিনে ৰাতিয়ে যুঁজি বহু ত্যাগ আৰু কষ্টৰ বিনিময়ত, লগতে বহু দেশপ্ৰেমিকৰ জীৱনৰ বিনময়ত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ সক্ষম হৈছিল।

আজি স্বাধীনতা আন্দোলন বুলি ক'লে কেৱল মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষচন্দ্ৰ বসু, খুদিৰাম বসু আদি ব্যক্তি সকলৰ কথা মনলৈ আহে। একে শাৰীতে এখেতসকলৰ সমতুল্য নেতা শ্বেইখুল হিন্দ মৌলানা মৌলানা মাহমাদুল হাচান, হুছেইন আহমদ মদনী, আতাউল্লা বুখাৰী, মৌলানা গোলাম হুছেইন এখেত সকলৰ নামো উচ্চাৰিত হ'ব লাগিছিল । আমি জানো তেনে দেখিবলৈ পাইছোঁ নে? কিন্তু অকল এইকেইজনেইতো ভাৰত স্বাধীন কৰা নাছিল। স্বাধীনতা আন্দোলনত মুছলমানসকলৰ বহু অৱদান আছিল, ঋ ভাৰতৰ ইতিহাসবিদসকলে লাহে লাহে এই বিষয়সমূহ মচি পেলাবলৈ চেষ্টা কৰিছে। আমি এই মহান ব্যক্তি সকলৰ বলিদানক কেতিয়াও পাহৰিব নোৱাৰিম।

মুছলমানৰ ত্যাগ আৰু তেজৰ বিনিময়ত ব্ৰিটিছ ইংৰাজ সকলে দেশ এৰিবলৈ বাধ্য হ'ল আৰু ১৯৪৭ খ্ৰীষ্টাব্দ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হয় ।

আজি দুখ লাগে যেতিয়া দেখোঁ ভাৰতৰ স্বাধীনতা ইতিহাসত মুছলমানৰ নাম নাই কিন্তু ইতিহাস বিকৃত কৰিলেও সত্য সদায় জিলিকি থাকে। তেতিয়াই দুখ লাগে যেতিয়া মুছলমান সকলক দেশভক্তিৰ প্ৰশ্ন কৰা হয়। আজিও দেশৰ কাৰণে যদি প্রাণ দিব লাগে তেনেহলে প্রথম শাৰীত মুছলমান সকলেই থাকিব। এয়া মুছলমানৰ আকাবিৰ সকলৰ শিক্ষা।
কাৰণ ; এই দেশৰ মাটিত উলামাসকলৰ তেজ মিহলি হৈ আছে।
শেষত এই ক্ষুদ্ৰ লেখনিৰ দ্বাৰা নিজকে প্ৰমুখ্য কৰি সকলো পাঠক-পাঠিকাবৃন্দক সৎ আৰু সত্য ইতিহাস অধ্যয়ন কৰি আজিৰ এই ক্ৰমাৎ আন্ধাৰৰ দিশলৈ গতি কৰা সমাজখনক পোহৰলৈ অনাৰ প্ৰচেষ্টা হাতত ল'বৰ বাবে কাতৰ কণ্ঠে অনুৰোধ জনালোঁ।🙏

""পোষ্টটো ইমানেই Share কৰক যাতে সকলো মুছলমান বন্ধু বান্ধৱী এই চিৰসত্য ইতিহাসৰ বিষয়ে অৱগত হব পাৰে।""!!

✍️ *__মাদ্ৰাছা ইছলামীয়া ইশ্বাআতুল উলুম হেৰাপাতি,নগাওঁ (অসম)782002

01/04/2025

আচ্ছালামু আলাইকুম
বাদ ছালাম
আপোনালোকক জনাবলৈ পাই সুখি হৈছোঁ যে‌, নগাওঁ জিলাৰ কাছমাৰী মৌজাৰ অন্তৰ্গত হেৰাপাতি গাওঁত মাদ্রাছা ইছলামীয়া ইশ্বাআতুল উলুম হেৰাপাতি খন,দ্বিনীয়াত ও খাৰিজী শাখাৰ,এক নিৰ্ভৰযোগ্য দ্বিনি প্ৰতিষ্ঠান, আমাৰ এই মাদ্ৰাছাত দ্বীনি শিক্ষাৰ লগতে স্কুলীয়া শিক্ষাৰ সু ব্যৱস্থা আছে। উক্ত প্ৰতিষ্ঠানত ২০২৫বৰ্ষৰ বাবে ন পূৰণি ছাত্ৰ সকলৰ নাম ভৰ্তি কৰণ প্ৰক্ৰিয়া অহা ইংৰাজী ০৭/এপ্ৰিল /২০২৫ সোমবাৰৰ পৰা আৰাম্ভ হব ইনশ্বা আল্লাহ। গতিকে নাম ভৰ্তি কৰিবৰ বাবে ইচ্ছুক ছাত্ৰ বা অভিভাৱক সকলে তলত উল্লেখ কৰা মোবাইল নম্বৰত যোগাযোগ কৰক। (আসন সিমীত)
ইতি
প্ৰধান শিক্ষক মুফতি জয়নাল আৱদিন
মাদ্ৰাছা ইছলামীয়া ইশ্বাআতুল উলুম হেৰাপাতি নগাঁও অসম 782002
যোগাযোগ
নম্বৰ 9101802683 /9101173371

Call now to connect with business.

07/02/2025

মাদ্ৰাছা ইছলামীয়া ইশ্বাআতুল উলুম হেৰাপাতিৰ অষ্টম বৰ্ষিক আনজ্জুমনৰ বটাঁ বিতৰণী সভাৰ দৃশ্য

February 7, 2025 07/02/2025

মাদ্ৰাছা ইছলামীয়া ইশ্বাআতুল উলুম হেৰাপাতিৰ অষ্টম বৰ্ষিক আনজ্জুমনৰ বটাঁ বিতৰণী সভাৰ দৃশ্য

February 7, 2025

07/02/2025
Want your school to be the top-listed School/college in Nagaon?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Nagaon
782002