08/08/2026
হাতীচোং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শ্ৰদ্ধাৰ ৰাইজৰ সহযোগত আজি নাজিৰা সমষ্টিৰ বিহুবৰ গাঁৱৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৫০টাৰো অধিক পৰিয়ালক আৰ্থিকভাৱে সহায় আগবঢ়োৱা হয়।
আমাৰ মহাবিদ্যালয়ৰ এই পদক্ষেপত যিসকল শুভাকাংক্ষী ব্যক্তিয়ে আৰ্থিকভাৱে সহায়-সহযোগিতা আগবঢ়াইছে, তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।