28/07/2021
জখলাবন্ধা ৰংগম আৰ্ট স্কুলৰ প্ৰতিস্থাপক সম্পাদক তথা বৰ্তমান ৰ সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় ব্যবস্থাপক ,কলিয়াবৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জখলাবন্ধা উঃ মা: বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ অৰবিন্দ বুঢ়াগোহাঁই চাৰে কিছু সময়ৰ আগত ইহলীলা সম্বৰণ কৰে। কলিয়াবৰে এজন সহজ সৰল মনৰ মানুহ হেৰুৱালে, চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ৰ তৰফৰ পৰা তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলো, চাৰৰ আত্মাই চিৰশান্তি লাভ কৰক।