Sankardev Shishu/Vidya Niketan, Teliagaon Mathuranagar

Sankardev Shishu/Vidya Niketan, Teliagaon Mathuranagar বিদ্যা-ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠান।

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।🙏
25/01/2023

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।🙏

আজি শংকৰদেৱ শিশু বিদ্যা নিকেতন তেলিয়াগাঁও মথুৰানগৰৰ ৪২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ২০২২ বৰ্ষৰ হাই স্কু...
24/01/2023

আজি শংকৰদেৱ শিশু বিদ্যা নিকেতন তেলিয়াগাঁও মথুৰানগৰৰ ৪২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ২০২২ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱ ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ কিছু দৃশ্য। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক মাননীয় বশিষ্ঠ বুজৰ বৰুৱা দেৱ মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৰ্ধন কৰে। আৰু বিশিষ্ট ব্যৱসায়ি তথা সমাজসেৱক আমাৰ নিকেতনৰ শুভাকাঙ্ক্ষী শ্ৰীযুত বিনোদ খেতাৱত , যেষ্ঠ সাংবাদিক শ্ৰী কনক হাজৰিকাৰ, নিকেতনৰ অভিভাৱক অভিভাৱিকা আৰু গন্যমান্য ব্যক্তি সকল উপস্থিত থাকি অনুষ্ঠানটো সাফল্য মন্ডিত কৰিলে।

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰিয়ম বৰাক শংকৰদেৱ শিশু বিদ্যা নিকেতন তেলিয়াগাঁৱৰ উষ্ম আদৰণি।  ৰাজস্থ...
28/12/2022

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰিয়ম বৰাক শংকৰদেৱ শিশু বিদ্যা নিকেতন তেলিয়াগাঁৱৰ উষ্ম আদৰণি।

ৰাজস্থানৰ উদয়পুৰৰ বিদ্যা নিকেতনত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত বিদ্যা ভাৰতীৰ ১১ টা ক্ষেত্ৰৰ ১৫ খন ৰাজ্যৰ পৰা মুঠ ২৯৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত ১৭ বছৰ অনুৰ্দ্ধৰ লৰাৰ ৰিদমিক শাখাত নগাঁও বিভাগৰ তেলিয়া গাওঁ নিকেতনৰ শ্ৰী প্ৰিয়ম বৰাই সোণৰ পদক আৰু ১৭ বছৰ অনুৰ্দ্ধৰ লৰাৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰি নগাঁও জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত পূৰ্বোত্তৰ ক্ষেত্ৰই প্ৰথম বাৰৰ বাবে সোণৰ পদক সহ সৰ্বমুঠ ৬টা পদক লাভ কৰিবলৈ সক্ষম হয়। পূৰ্বোত্তৰ ক্ষেত্ৰৰ ফলাফল :- সোণৰ পদক -১, ৰূপৰ পদক-৩ আৰু,ব্ৰঞ্জৰ পদক -২, সৰ্বমূঠ পদক সংখ্যা - ৬।
প্ৰিয়ম বৰাই আজি নগাঁৱলৈ আহিয়েই নিজ নিকেতনখনিত উপস্থিত হোৱাৰ লগে-লগে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। নিকেতনৰ প্ৰধান আচাৰ্য, সমূহ আচাৰ্য আচাৰ্যা তথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰিয়মক ফুলাম গামোচা,ফুলৰ মালা আদিৰে শুভেচ্ছা আৰু অভিনন্দন জনাই শোভাযাত্ৰা কৰি নিকেতনৰ মূল প্ৰাৰ্থনা গৃহলৈ লৈ যায়। প্ৰধান আচাৰ্যই প্ৰিয়ম বৰাৰ পিতৃ-মাতৃকো নিকেতনৰ পৰা এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে প্ৰিয়ম বৰাৰ বিষয়ে সকলোকে অবগত কৰে। প্ৰিয়ম বৰাই তেওঁৰ এই সফলতাৰ বাবে পিতৃ- মাতৃ আৰু নিকেতনৰ সমূহ আচাৰ্য আচাৰ্যাই কৰা অক্লান্ত কষ্টৰ কথা সোঁৱৰে। বিশেষকৈ নিকেতনৰ যোগাচাৰ্য শংকৰ দেৱনাথে দিয়া জ্ঞানৰ কাৰণে এই সফলতা কঢ়িয়াবলৈ সফল হোৱা বুলিও প্ৰিয়ম বৰাই সভাক অবগত কৰে। তেওঁ আৰু কয় যে- সফলতা লাভ কৰিবলৈ হ'লে আমি অনুশাসনৰ মাজেৰে গভীৰ অনুশীলন, কষ্ট আৰু অহৰহ চেষ্টাত ব্ৰতী থাকিব লাগিব। অনুষ্ঠানত শংকৰ দেবনাথ আৰু জয় প্ৰকাশ সিং আচাৰ্যই নিজ নিজ মত আৰু অভিনন্দন জ্ঞাপন কৰে। প্ৰিয়ম বৰাই নিকেতনলৈ এটি শংখ উপহাৰ দিয়ে।উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম বাৰৰ বাবে প্ৰথম স্থান লাভ কৰা প্ৰিয়ম বৰাক নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৱেও শুভেচ্ছা জ্ঞাপন কৰে।

23/12/2022
গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণ, গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্রহ্মতমৈশ্রী গুৰুৱে নম:সকলো শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্ত...
05/09/2022

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণ,
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্রহ্ম
তমৈশ্রী গুৰুৱে নম:

সকলো শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শংকৰদেৱ শিশু বিদ্যা নিকেতন তেলিয়াগাওঁ মথুৰানগৰত অনুষ্ঠিত হোৱা যোগদিৱস পালন আৰু যোগা...
21/06/2022

আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শংকৰদেৱ শিশু বিদ্যা নিকেতন তেলিয়াগাওঁ মথুৰানগৰত অনুষ্ঠিত হোৱা যোগদিৱস পালন আৰু যোগাসন প্ৰতিযোগিতাৰ কিছু দৃশ্য য'ত নিকেতনৰ ছাত্ৰ-ছাত্ৰী,আচাৰ্য-আচাৰ্যা আৰু অভিভাৱিকা সকলেও অংশগ্ৰহণ কৰে।

আমাৰ নিকেতনৰ‌ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।
07/06/2022

আমাৰ নিকেতনৰ‌ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

আমাৰ নিকেতনৰ‌ সুকুমাৰ কলা বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলক নগাঁৱৰ চিত্ৰশিল্পী সুজিত দাসৰ তত্বাবধানত গঢ় লৈ উঠা 'আর্ট ভিলেজ' সংগ্...
03/06/2022

আমাৰ নিকেতনৰ‌ সুকুমাৰ কলা বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলক নগাঁৱৰ চিত্ৰশিল্পী সুজিত দাসৰ তত্বাবধানত গঢ় লৈ উঠা 'আর্ট ভিলেজ' সংগ্রহালয় আৰু কলা বিথিকাত লৈ যোৱা হয়, তাত তেওঁলোকে তেখেতৰ পৰা বিভিন্ন বস্তু দেখাৰ লগতে নতুন কথা শিকিবলৈ পাই যথেষ্ট আনন্দিত হয়।

দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ৰ বাবে আয়োজন কৰা শুভেচ্ছা ও আশীৰ্বাদ জ্ঞাপন সভৰ কিছু দৃশ্য
09/02/2022

দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ৰ বাবে আয়োজন কৰা শুভেচ্ছা ও আশীৰ্বাদ জ্ঞাপন সভৰ কিছু দৃশ্য

আজি শংকৰদেৱ শিশু/বিদ্যানিকেতন তেলিয়াগাওঁ মথুৰানগৰৰ সৰস্বতী পূজাৰ কিছু দৃশ্য
05/02/2022

আজি শংকৰদেৱ শিশু/বিদ্যানিকেতন তেলিয়াগাওঁ মথুৰানগৰৰ সৰস্বতী পূজাৰ কিছু দৃশ্য

আজি শংকৰদেৱ শিশু/বিদ্যা নিকেতন তেলিয়াগাওঁ মথুৰানগৰৰ সৰস্বতী পূজাৰ কিছু দৃশ্য
05/02/2022

আজি শংকৰদেৱ শিশু/বিদ্যা নিকেতন তেলিয়াগাওঁ মথুৰানগৰৰ সৰস্বতী পূজাৰ কিছু দৃশ্য

সকলোলৈকে ৭৩ তম্ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।
26/01/2022

সকলোলৈকে ৭৩ তম্ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।

Address

Nagaon

Opening Hours

Monday 9am - 2:30pm
Tuesday 9am - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 12:30pm

Telephone

+918638552140

Website

Alerts

Be the first to know and let us send you an email when Sankardev Shishu/Vidya Niketan, Teliagaon Mathuranagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category