30/03/2026
জুৰিয়া অঞ্চলত থকা “Little Star Senior Secondary School” সম্বন্ধে কিছু গুৰুত্বপূর্ণ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, কিছুমান শিক্ষাৰ্থী যিসকলে দশম শ্ৰেণীত উত্তীৰ্ণ নহয় বা ফেল হৈছে, তেওলোককো HS শ্ৰেণীত ভৰ্তি কৰোৱা হৈছে বুলিও কোৱা হৈছে। ইয়াৰ উপৰিও, ডুপ্লিকেট চাৰ্টিফিকেট ব্যৱহাৰ কৰি শিক্ষাৰ্থী ভৰ্তি কৰোৱা হোৱা বুলি অভিযোগ উঠিছে, যি বিষয়টো অত্যন্ত গুৰুত্বপূর্ণ আৰু চিন্তাৰ বিষয়।
লগতে এইটোও কোৱা হৈছে যে, বিদ্যালয়ত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহত শিক্ষাৰ্থীসকলক অধিক নম্বৰ প্ৰদান কৰি কৃত্ৰিমভাৱে শতাংশ বৃদ্ধি কৰা হৈছে, যাতে বাহিৰত ফলাফল অধিক ভাল দেখুৱাব পাৰি। এনে ধৰণৰ ব্যৱস্থাই শিক্ষাৰ্থীৰ প্ৰকৃত যোগ্যতা প্ৰতিফলিত নকৰে আৰু আগন্তুক উচ্চ শিক্ষা তথা প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হ’ব পাৰে।
এই সন্দৰ্ভত সকলো অভিভাৱকসকলক সজাগ হ’বলৈ অনুৰোধ জনোৱা হৈছে। নিজৰ সন্তানৰ ফলাফল সম্পৰ্কে নিশ্চিত হ’বলৈ বিদ্যালয়ৰ পৰা উত্তৰপত্ৰ পুনৰীক্ষণ (recheck) কৰাবলৈ অনুৰোধ কৰা হৈছে। প্রয়োজন হ’লে উত্তৰপত্ৰ দেখিবলৈ বিচাৰিব লাগে, যাতে প্ৰাপ্ত নম্বৰ শিক্ষাৰ্থীৰ প্ৰকৃত প্ৰদৰ্শনৰ সৈতে মিল আছে নে নাই সেয়া নিশ্চিত কৰিব পাৰি।
অভিভাৱকসকলে কেৱল অধিক শতাংশ বা অধিক নম্বৰ দেখি সন্তুষ্ট নহ’ব লাগে। নিজৰ সন্তানৰ বাস্তৱ শিক্ষা, জ্ঞান আৰু দক্ষতা অধিক গুৰুত্বপূর্ণ। কৃত্ৰিমভাৱে নম্বৰ বৃদ্ধি কৰিলে সাময়িকভাৱে ভাল দেখা যাব পাৰে, কিন্তু দীৰ্ঘমেয়াদত শিক্ষাৰ্থীৰ ভৱিষ্যৎ ক্ষতিগ্ৰস্ত হ’ব পাৰে।
সেয়ে সকলো অভিভাৱকক অনুৰোধ জনোৱা হৈছে যে, নিজৰ সন্তানৰ শিক্ষা আৰু ফলাফলৰ ক্ষেত্ৰত সচেতন হওক, বিদ্যালয়ৰ সৈতে যোগাযোগ ৰাখক আৰু প্ৰয়োজন হ’লে পুনৰীক্ষণৰ ব্যৱস্থা কৰক। সচেতনতা আৰু সঠিক সিদ্ধান্তইহে শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰিব পাৰে।