31/07/2026
এছ চি চি ৰ মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন সময়চোৱাত শিক্ষাৰ্থীসকলৰ উপযোগী হোৱাকৈ জিলাখনৰ হাবিবৰঙাবাৰী অঞ্চলৰ বৰিগাঁও মাধ্যমিক বিদ্যালয়ত যোৱা ২৭ জুলাইৰ পৰা তিনিদিনিয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বিশেষ গ্ৰীষ্মকালীন আৱাসিক প্ৰশিক্ষণ শিবিৰত শিক্ষাৰ্থীসকলৰ উপযোগী হোৱাকৈ যোগ আত্মৰক্ষাৰ কৌশল দুৰ্যোগ ব্যৱস্থাপনা পথ সুৰক্ষাৰ ওপৰত সজাগতা, স্বাধীনতা দিৱস পেৰেডৰ অনুশীলন, গীত মাত নৃত্য নাটক আৰু দক্ষতা বিকাশৰ ওপৰতো প্ৰশিক্ষণ প্ৰদান কৰা হয়।
উক্ত প্ৰশিক্ষণৰ মূল কাৰ্য্যসূচী আমন্ত্ৰণ মৰ্মে এছ চি চি অসমৰ ৰাজ্যিক সভাপতি (ড°) ছাব্বিৰ হুছেইন ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীৰ উপযোগী হোৱাকৈ তথ্য গধুৰ বক্তব্য আগবঢ়ায়। কাৰ্য্যসূচীত এছ চি চি ৰ নগাঁও জিলাৰ মুখ্য উপদেষ্টা অৱসৰপ্ৰাপ্ত শিক্ষক কমৰুল ইছলাম, বৰঙাবা বিদ্যামন্দিৰ শিশু নিকেতনৰ প্ৰধান আচাৰ্য, বৰীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, নগাঁও জিলা এছ চি চি ৰ উপ সভাপতি আৰু সম্পাদক, ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক আৰু মৰিগাওঁ জিলাৰ সাধাৰণ সম্পাদক উপস্থিত থাকে।
SCC Assam Official
Morigaon District Administration
SCC ASSAM
Scc Morigaon Assam
SCC-Nagaon