ABVP Morigaon

Directions Website Contact the school

ABVP Morigaon Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP Morigaon, Morigaon.

“জয় জয় অসমীৰ নতুন পুৰুষজয় জয় শ্বহীদ বাহিনীপঁচাশীত লিখিলোঁত্যাগেৰে তোমাৰমুক্তিৰ কাহিনী।” মৰিগাঁও নগৰ শাখাৰ উদ্যোগত ভা...
08/09/2026

“জয় জয় অসমীৰ নতুন পুৰুষ
জয় জয় শ্বহীদ বাহিনী
পঁচাশীত লিখিলোঁ
ত্যাগেৰে তোমাৰ
মুক্তিৰ কাহিনী।”

মৰিগাঁও নগৰ শাখাৰ উদ্যোগত ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী শ্ৰদ্ধা আৰু গৌৰৱেৰে উদযাপন কৰা হয়।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ১০১ গছি বন্তি প্ৰজ্বলনেৰে জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হয়। তেওঁৰ গীতৰ মাজেৰে প্ৰতিফলিত হোৱা দেশপ্ৰেম, মানৱতা, সম্প্ৰীতি আৰু শোষিত-বঞ্চিত মানুহৰ প্ৰতি থকা গভীৰ সহমৰ্মিতাক সোঁৱৰণ কৰি এই বিশেষ অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।

ABVP Assam

“গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস-ৰাতি,অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি।চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ,ভাৰতৰে পূৰ্ব দি...
08/09/2026

“গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস-ৰাতি,
অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি।
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ,
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।”

অসমৰ মাটি, মানুহ আৰু সংস্কৃতিক বিশ্বৰ বুকুত পৰিচয় কৰাই দিয়া সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। 🙏

তেখেতৰ সৃষ্টিৰাজি আৰু আদৰ্শ আমাৰ বাবে চিৰদিন প্ৰেৰণাৰ উৎস হৈ থাকিব।

08/09/2026

আছু গোটক ধিক্কাৰ!

NC/DC List-ৰ পৰা নাম উঠাই দিব পাৰিব বুলি কৈ ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দেখুওৱা কাৰ্য অতি নিন্দনীয়। শিক্ষাৰ পৰিৱেশত এনে বিভ্ৰান্তিকৰ প্ৰচাৰ বন্ধ হ’ব লাগে।

ABVP Assam

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মৰিগাঁও মহাবিদ্যালয় স্বতন্ত্ৰ গোটৰ ফালৰ পৰা মৰিগাঁও মহাবিদ্যালয় স্বতন্ত্ৰৰ অধ্যক্ষ ...
05/09/2026

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মৰিগাঁও মহাবিদ্যালয় স্বতন্ত্ৰ গোটৰ ফালৰ পৰা মৰিগাঁও মহাবিদ্যালয় স্বতন্ত্ৰৰ অধ্যক্ষ মাননীয় শ্ৰীযুত ড° লীলাকান্ত বৰঠাকুৰ ছাৰ আৰু উপাধ্যক্ষ মাননীয় শ্ৰীযুত ড° নীলমণি ফুকন ছাৰক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

শিক্ষাৰ্থীৰ জীৱন গঢ়াত আপোনালোকৰ জ্ঞান, আদৰ্শ আৰু নিৰ্দেশনাই সদায় অনুপ্ৰেৰণা যোগাই আহিছে। এই পৱিত্ৰ শিক্ষক দিৱসত আপোনালোকলৈ আন্তৰিক সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

শুভ শিক্ষক দিৱস!

— অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
মৰিগাঁও মহাবিদ্যালয় স্বতন্ত্ৰ গোট
ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মৰিগাঁও নগৰ শাখাৰ উদ্যোগত আয়োজিত কৃতী ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানত মৰিগাঁও জিলাৰ বিভ...
20/08/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মৰিগাঁও নগৰ শাখাৰ উদ্যোগত আয়োজিত কৃতী ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানত মৰিগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সাংবাদিক, সমাজকৰ্মী আৰু পৰিষদৰ বিষয়ববীয়া তথা প্ৰাক্তন কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
অনুষ্ঠানত উপস্থিত থাকে জিলা প্ৰমুখ মাননীয় শ্ৰীযুত সৌৰভ হাজৰিকা , মৰিগাঁও নগৰ শাখাৰ সম্পাদক মাননীয় শ্ৰীযুত ৰিকি পৱাল দলৈ, বিভাগ প্ৰমুখ মাননীয় শ্ৰীযুত প্ৰাঞ্জল হাজৰিকা ডাঙৰীয়া, বিভাগ সম্পাদক মাননীয় শ্ৰীযুত দিপাংকৰ বৰ্ধন, মৰিগাঁও জিলা সংযোজক মাননীয় শ্ৰীযুত হংসৰাজ বৰুৱা আৰু মৰিগাঁও নগৰ শাখাৰ উপ-সভাপতি মাননীয় শ্ৰীযুত ভাস্কৰ শৰ্মা।
লগতে প্ৰাক্তন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য তথা গুৰুকুল একাডেমীৰ স্বত্বাধিকাৰী মাননীয় শ্ৰীযুত বিষ্ণু ভাগৱতী, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত বিৰিঞ্চি কুমাৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক মাননীয় শ্ৰীযুত প্ৰতাপ হাজৰিকা, জিলা সাংবাদিক সন্থাৰ সভাপতি শ্ৰীযুত অজিত শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত প্ৰণৱ ভট্টাচাৰ্য উপস্থিত থাকে।
অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন কাৰ্যকৰ্তা ক্ৰমে শ্ৰীযুত প্ৰাণজিৎ হাজৰিকা, শ্ৰীযুত পংকজ কুমাৰ দাস, শ্ৰীযুত অপূৰ্ব মেধী, শ্ৰীযুত চম্পক শৰ্মা, শ্ৰীযুত নিতুলৰ শ্ৰীযুত বিকাশ কাকতি লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মৰিগাঁও মহাবিদ্যালয় স্বতন্ত্ৰ গোটৰ উদ্যোগত আয়োজন কৰা বিনামূলীয়া কৰ্মশালাৰ আজি সামৰণি অ...
13/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মৰিগাঁও মহাবিদ্যালয় স্বতন্ত্ৰ গোটৰ উদ্যোগত আয়োজন কৰা বিনামূলীয়া কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও নগৰ শাখা প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ মৰিগাঁও যুৱ মৰ্চাৰ উপ-সভাপতি মাননীয় শ্ৰীযুত হেমন্ত দাস ডাঙৰীয়া আৰু প্ৰাক্তন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও নগৰ শাখা সভাপতি মাননীয় শ্ৰীযুত কুলেন্দু ৰাজবংশী ডাঙৰীয়া ।।

জৰুৰী ভাৱে তেজৰ প্ৰয়োজন হোৱাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও নগৰ শাখা যোগাযোগ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ...
07/07/2026

জৰুৰী ভাৱে তেজৰ প্ৰয়োজন হোৱাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও নগৰ শাখা যোগাযোগ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও নগৰ শাখা সহ-সামাজিক মাধ্যম ৰ আহ্বায়ক ভগবত দলৈ নিজ ইচ্ছাৰে ৰক্ত দান কৰে।

Press Release ABVP Assam
27/06/2026

Press Release
ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও নগৰ শাখাৰ অন্তৰ্গত এক শক্তিশালী শাখা হিচাপে পৰিচিত মৰিগাঁও মহাবিদ্যালয় শাখাৰ ২০২৬...
27/06/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও নগৰ শাখাৰ অন্তৰ্গত এক শক্তিশালী শাখা হিচাপে পৰিচিত মৰিগাঁও মহাবিদ্যালয় শাখাৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ শাখা কমিটি আজি গঠন কৰা হয়।
এই গঠন সভাত সৰ্বসম্মতিক্ৰমে কিৰণ মহন্তক পুনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় আৰু অনুপম বৰদলৈক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।
নৱগঠিত সমিতিয়ে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় চিন্তাধাৰাৰ বিকাশৰ ক্ষেত্ৰত অধিক সক্ৰিয়ভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে। লগতে সংগঠনৰ আদৰ্শ আৰু লক্ষ্যসমূহ ছাত্ৰ সমাজৰ মাজলৈ অধিক শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়।
ABVP Assam

Address

Morigaon
782105

Alerts

Be the first to know and let us send you an email when ABVP Morigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ABVP Morigaon:

Shortcuts

Share