শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও

  • Home
  • India
  • Morigaon
  • শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও

শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও An institute of sankari sangeet (Borgeet, Khol and Sattriya Dance) +919577659876 +919954649884

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৮০ সংখ্যক স্বাধীনতা দিৱসত, শঙ্কৰী সঙ্গীত বিদ্যালয়, মৰিগাঁও-ৰ ছাত্ৰীসকলৰ দ্বাৰা সত্...
15/08/2026

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৮০ সংখ্যক স্বাধীনতা দিৱসত, শঙ্কৰী সঙ্গীত বিদ্যালয়, মৰিগাঁও-ৰ ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য প্ৰদৰ্শন।
📍 স্থান: তৰুণৰাম ফুকন খেলপথাৰ, মৰিগাঁও
📅 দিনাংক: ১৫ আগষ্ট, ২০২৬
Morigaon District Administration
শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও
Tapas Bordoloi

14/08/2026

শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও
Morigaon District Administration

13/08/2026

গৌৰৱৰ এক বিশেষ ক্ষণ!
​ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়াৰ পৰা সন্মানীয় 'সঙ্গীত নাটক অকাডেমী বঁটা' গ্ৰহণ কৰাৰ ঐতিহাসিক মুহূৰ্তত আমাৰ শ্ৰদ্ধাৰ প্ৰেম ওজা বৰবায়ন অধ্যাপকদেৱ।
​তেখেতলৈ আমাৰ হিয়াভৰা অভিনন্দন আৰু অশেষ শ্ৰদ্ধা! 🙏✨
13/08/2026

সত্রীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসম'ৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চল ভিত্তিক বৰগীত, সত্ৰীয়া নৃত্য, আৰু খোল বাদ্যপ্ৰতি...
09/08/2026

সত্রীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসম'ৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চল ভিত্তিক বৰগীত, সত্ৰীয়া নৃত্য, আৰু খোল বাদ্য
প্ৰতিযোগিতা ২০২৬'ত লক্ষীমপুৰ মণ্ডলৰ সত্ৰীয়া_নৃত্য প্ৰতিযোগিতাৰ নিম্ন শাখাত শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও ছাত্ৰী #শিখি_কাকতিয়ে মাজুলীত অনুষ্ঠিত হ'ব লগীয়া চূড়ান্ত পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হয়।
০৯/ ০৮ / ২০২৬

09/08/2026


08/08/2026

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত
আৰু মৰিগাঁও জিলা প্রশাসনৰ সহযোগত ।
শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁৱে আয়োজন
কৰা, গ্ৰীষ্মকালীন কৰ্মশালাত ।

মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ অধ্যাপক
তথা সঙ্গীত নাটক অকাডেমী বঁটা প্ৰাপক,
প্ৰেম ওজা বৰবায়ন দেবৰ তত্বাৱধানত চলা
সত্ৰীয়া নৃত্য কৰ্মশালাৰ কিছু আভাস।

গ্রীষ্মকালীন কর্মশালা ২০২৬
শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও

"মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ নৱনিৰ্মিত প্ৰকল্পত, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক তথা নতুন কমলাব...
06/08/2026

"মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ নৱনিৰ্মিত প্ৰকল্পত, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক তথা নতুন কমলাবাৰী সত্ৰৰ বিশিষ্ট অধ্যাপক প্ৰেম ওজা বৰবায়ন দেৱৰ সৈতে এক বিশেষ মুহূৰ্ত।"

আজি মৰিগাঁৱৰ শঙ্কৰী সংগীত বিদ্যালয়ৰ ১৬তম গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱস। এই পবিত্ৰ দিনটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্...
04/08/2026

আজি মৰিগাঁৱৰ শঙ্কৰী সংগীত বিদ্যালয়ৰ ১৬তম গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱস। এই পবিত্ৰ দিনটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে
প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ-পত্ৰিকা ‘কল্পতৰু’ৰ দ্বিতীয় সংস্কৰণটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
প্ৰাচীৰ-পত্ৰিকাখন উন্মোচন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ
সভাপতি জ্ঞান মোহন ডেকা বাপে।
এই বিশেষ দিৱস উপলক্ষে প্ৰাচীৰ-পত্ৰিকা সম্পাদনাৰ লগতে
এটি মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। সমগ্ৰ অনুষ্ঠানভাগি নিয়াৰিকৈ চলাই নিবলৈ গঠন কৰি দিয়া সম্পাদনা সমিতিখন আছিল এনেধৰণৰ:
* সভাপতি: হিৰণময় নাথ
* উপ-সভাপতি: টোপাল কাশ্যপ ডেকা
* সম্পাদিকা: গ্ল'ৰিয়া ডেকা
* সহ-সম্পাদিকা: জিমণী ডেকা, বিদিশা ডেকা, দেৱপ্ৰিয়া হুকাই, নয়না দেৱী
* ব্যৱস্থাপনাত: হৰ্ষিতা ডেকা, জাগৃতি মেধি, প্ৰিয়ংকা বড়া, জোনাক নন্দিনী শইকীয়া, বনশ্ৰী শইকীয়া
অতি কম সময়ৰ ভিতৰতে (মাত্ৰ দুদিনৰ) সম্পাদনা সমিতিখনে ‘কল্পতৰু’ৰ দ্বিতীয় সংস্কৰণটি অতি সুন্দৰকৈ সজাই-পৰাই তুলি উন্মোচনৰ বাবে প্ৰস্তুত কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানভাগিও সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সমিতিৰ সকলো বিষয়-ববীয়া
তথা ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিক মৰম আৰু অশেষ শ'লাগ জনালোঁ।
দিনাংক: ০৪/০৮/২০২৬

03/08/2026

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁৱৰ ব্যৱস্থাপনাত হৈ যোৱা কৰ্মশালাত ADC নীতিশা বৰা বাইদেউ আৰু CDO অনুপ জ্যোতি ডেকা চাৰ
আহি আমাৰ সকলোকে উৎসাহিত কৰাৰ মুহূৰ্তত।

Address

Morigaon
782105

Opening Hours

Saturday 2pm - 5pm
Sunday 10am - 5pm

Telephone

+919577659876

Alerts

Be the first to know and let us send you an email when শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to শঙ্কৰী সঙ্গীত বিদ্যালয় মৰিগাঁও:

Shortcuts

Share