25/09/2023
**********জাননী *************
ইয়াৰ দাৰা চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক জনোৱা হয় যে অহা *২ অক্টোবৰ* , সোমবাৰে *প্ৰাক্তন ছাত্ৰ ভাৰতী দিৱস*। বিগত বছৰৰ দৰে এইবছৰো প্ৰাক্তন ছাত্ৰ ভাৰতী দিৱস উপলক্ষ্যে এখন সভা অনুষ্ঠিত কৰা হৈছে। যিহেতু বিদ্যালয় খনৰ ৰূপালী জয়ন্তী সমাগত গতিকে এই সভাখনৰ তাৎপৰ্য্য সৰ্বাধিক। *ৰূপালী জয়ন্তী* অনুষ্ঠানৰ কেতবোৰ আলোচনা এই সভাতে কৰাৰ দিহা কৰা হৈছে।
সেয়েহে সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বাধ্যতামূলক উপস্থিতি আৰু দিহা পৰামৰ্শ কামনা কৰা হ'ল।
সভাৰ বিষয়বস্তু সমূহ:
১) প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ভূমিকা।
২) ৰূপালী জয়ন্তী উদযাপনৰ বিষয় বিতং আলোচনা।
৩) ৰূপালী জয়ন্তী অনুষ্ঠানৰ মূখ্য আকৰ্ষক নিৰ্ণয় ।
স্থান: চৰাইবাহী শংকৰদেৱ বিদ্যানিকেতন।
সময়ঃ ১১ বজাত (দুপৰীয়া)
তাৰিখ: ২ অক্টোবৰ ২০২৩
ধন্যবাদেৰে
ভাৰ্গৱ কুমাৰ নাথ ॥