04/03/2023
FOCUS NGOৰ দ্বাৰা পৰিচালিত আদৰ্শ মাৰ্কাজ একাডেমি টেঙাগুৰিৰ সমূহ শ্ৰদ্ধাৰ
অভিভাৱক অভিভাৱিকা আৰু প্ৰতি গৰাকী শুভাকাংক্ষী সকললৈ ২০২৩ শিক্ষা বৰ্ষৰ শুভ ক্ষণত অফুৰন্ত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।আপোনাসৱৰ পৰা পোৱা পৰামৰ্শ আৰু আৰ্শীবাদ আমাৰ পোহৰৰ দেশৰ যাত্ৰা পথৰ মূল ইন্ধন। আজি আমি ১৬ টা বছৰ সফলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আৰঁত আছে আপোনালোকৰ ইতিবাচক সঁহাৰি। মাননীয় মাইনুল ইছলামৰ অধ্যক্ষতাত শ্বহিদুল ইছলমৰ উপাধ্যক্ষতাত মুঠ ৩০জন অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান চলি আছে।
ইয়াৰে ছাত্ৰ ছাত্ৰী আজিৰ ক্ষণত চিকিৎসা মহাবিদ্যালয়,আইন মহাবিদ্যালয়, ইঞ্জিনিয়াৰিংৰ পৰা আদি কৰি বিভিন্ন বিষয়ত অধ্যয়ন কৰি প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে। ইমান পিছপৰা অঞ্চলত দুই মহলীয়াৰ বিশাল অট্টালিকা এখন শৈক্ষিক প্ৰতিষ্ঠানৰূপে গঢ়ি তুলাটো শিক্ষা কেন্দ্ৰৰ উৎকৃষ্ট নিদৰ্শন বুলি কব পাৰি। আজি প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে একাডেমিত অধ্যয়ন কৰি আছে। সেয়ে আমি সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ।আমি পুণৰ অগ্ৰসৰ হ'ব বিচাৰিছোঁ নতুন চিন্তা, নতুন কৌশলৰে। আশা কৰোঁ প্ৰতি বছৰে সহযোগিতা কৰি অহাৰ দৰে এইবেলিও আমাক আপোনালোকৰ যোগাত্মক চিন্তাৰে উপকৃত কৰিব।
আমাৰ অঞ্চলৰ শিশু সকলক যাতে দেশৰ প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিব পাৰো তাৰে আমি বৰকৈ আশাবাদী।
বৰ্তমান অধ্যায়নৰত ছাত্ৰ ছাত্ৰী সকলক মেধাৱী হিচাপে গঢ়ি তুলিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছোঁ । ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ বাবে শণিবৰীয়া চ'ৰা নামৰ এটি অনুষ্ঠান নিয়মিতভাৱে চলাই আহিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান প্ৰাপ্ত হোৱাৰ যথেষ্ঠ সুনাম আছে। আমাৰ প্ৰতিটো খোজতে লাগিব আপোনালোকৰ আন্তৰিকতা, প্ৰেৰণাদায়ক বাৰ্তা আৰু মূলবান পৰামৰ্শ।