Sattriya Dance Classroom

Directions

Sattriya Dance Classroom Learn from Experienced Gurus of Assam

Welcome to Sattriya Online
Sattriya Online is a dedicated platform created to preserve, promote, and spread the sacred heritage of Sattriya — the classical dance tradition of Assam.

সত্ৰীয়া নৃত্য প্ৰথমটো মাটি আখৰাৰ বিষয়ে চমুকৈ          A brief introduction to the first Mati-Akhara of Sattriya Dance.
18/09/2026

সত্ৰীয়া নৃত্য প্ৰথমটো মাটি আখৰাৰ বিষয়ে চমুকৈ



A brief introduction to the first Mati-Akhara of Sattriya Dance.

📌পদ্মশ্ৰী সন্মানপ্ৰাপ্ত সত্ৰীয়া শিল্পী শ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতজন্ম: ১ জানুৱাৰী ১৯২৫নামকটনী গাঁও, মাজুলী, অসম প্ৰদ...
16/09/2026

📌পদ্মশ্ৰী সন্মানপ্ৰাপ্ত সত্ৰীয়া শিল্পী শ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত
জন্ম: ১ জানুৱাৰী ১৯২৫
নামকটনী গাঁও, মাজুলী, অসম প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু: ১৪ ছেপ্টেম্বৰ ২০২৬
(বয়স ১০১ বছৰ)

📌শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সৈতে গভীৰভাৱে জড়িত, অসমৰ সত্ৰীয়া সংস্কৃতিৰ এগৰাকী বৰেণ্য সাধক তথা পদ্মশ্ৰী সন্মানপ্ৰাপ্ত শিল্পী শ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত অসমৰ বৈষ্ণৱ সাংস্কৃতিক পৰম্পৰাৰ এগৰাকী উজ্জ্বল প্ৰতিনিধি আছিল।

📌তেওঁ সত্ৰীয়া কলা-সংস্কৃতি, সত্ৰীয়া সংগীত, অ’জাপালি, ভক্তিমূলক গীত, নৃত্য, অভিনয় তথা ধৰ্মীয় পাঠ-আখ্যানৰ সৈতে দীৰ্ঘদিন জড়িত আছিল। সত্ৰীয়া পৰম্পৰাৰ মৌখিক জ্ঞান, সংগীত আৰু পৰিৱেশনশৈলী পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াই নিয়াত তেওঁৰ অৱদান উল্লেখযোগ্য।

📌ভাৰত চৰকাৰে ২০২১ চনত কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী [Padma Awards]সন্মানেৰে সন্মানিত কৰে। চৰকাৰী পদ্ম বঁটা তালিকাত তেওঁৰ নাম ‘Art, Assam’ শিতানত অন্তৰ্ভুক্ত কৰা হৈছে।

📌তেওঁৰ জীৱন আছিল সত্ৰীয়া পৰম্পৰাৰ প্ৰতি নিষ্ঠা, সাধনা আৰু সেৱাৰ এক দীঘলীয়া যাত্ৰা। সত্ৰৰ পৰিৱেশত গঢ় লৈ উঠা এইগৰাকী শিল্পীয়ে নিজৰ জীৱনজুৰি অসমৰ বৈষ্ণৱ ঐতিহ্য আৰু সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰত অৰিহণা যোগাইছিল।

📌শ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ দৰে শিল্পীসকল কেৱল এগৰাকী ব্যক্তি নহয়—তেওঁলোক আমাৰ সাংস্কৃতিক ঐতিহ্যৰ জীৱন্ত ধাৰক। তেওঁলোকৰ সাধনা আৰু অৱদান নতুন প্ৰজন্মৰ শিল্পীসকলৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।

তেওঁৰ পৱিত্ৰ স্মৃতিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।
তেওঁৰ শিল্প-সাধনা আৰু সাংস্কৃতিক অৱদান চিৰদিন স্মৰণীয় হৈ ৰ’ব।🙏

10/09/2026

সত্ৰীয়া নৃত্যৰ প্ৰথমটো মাটি আখৰা
'খচকা' বা ‘দণ্ডৱৎ’ মানে কি ??
আৰু ইয়াক কেনেকৈ, কিয় কৰা হয়
তাৰ বিষয়ে জানো আহক🙏

Let’s learn about the first Mati-Akhara of Sattriya dance—‘Khachka’ or ‘Dandavat’—what it means, how it is performed, and why it is practiced. 🙏

📌কলামন্দিৰ বহুমুখী কলাকেন্দ্ৰৰ ব্যৱস্থাপনা ত📌সংগীত সত্ৰ, গুৱাহাটী ৰ অধীনত সাতবছৰীয়া সত্ৰীয়া নৃত্য ৰ Online Diploma Cou...
02/09/2026

📌কলামন্দিৰ বহুমুখী কলাকেন্দ্ৰৰ ব্যৱস্থাপনা ত

📌সংগীত সত্ৰ, গুৱাহাটী ৰ অধীনত সাতবছৰীয়া সত্ৰীয়া নৃত্য ৰ Online Diploma Course

📌১০ বছৰ বয়সৰ সকলো আগ্ৰহী শিকাৰুৱে এই পাঠ্যক্ৰম ত অংশগ্ৰহণ কৰিব পাৰিব।

📌প্ৰতিটো মাহত ছয়টা Class কৰা হ'ব

📌Class ৰ সময় সন্ধিয়া 7 pm

📌Google meet আৰু Zoom app ৰ মাধ্যমেৰে Class কৰা হ'ব।

📌প্ৰতিবছৰৰ আগষ্ট আৰু ছেপ্তেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব

📌আসন সিমিত ৰখা হ'ব।

📌অধিক তথ্যৰ বাবে যোগাযোগ নম্বৰ 097066 62827

📌অতিসোনকালে class সমূহ আৰম্ভ হব...📌Classes are going to start very soon...
02/09/2026

📌অতিসোনকালে class সমূহ আৰম্ভ হব...

📌Classes are going to start very soon...

26/08/2026

Learn the Four Ora Postures of Sattriya Dance….

26/08/2026

সত্ৰীয়া নৃত্যৰ চাৰিটা ওৰা স্হিতি শিকক…..

সত্ৰীয়া নৃত্যৰ সাধনাত ‘ওৰা’ হৈছে এক গুৰুত্বপূৰ্ণ আৰু মৌলিক অধ্যায়। সেয়েহে এগৰাকী সত্ৰীয়া নৃত্য শিকাৰুৱে নৃত্যৰ অন্যা...
20/08/2026

সত্ৰীয়া নৃত্যৰ সাধনাত ‘ওৰা’ হৈছে এক গুৰুত্বপূৰ্ণ আৰু মৌলিক অধ্যায়। সেয়েহে এগৰাকী সত্ৰীয়া নৃত্য শিকাৰুৱে নৃত্যৰ অন্যান্য অংগ-ভংগী আৰু কৌশল আয়ত্ত কৰাৰ পূৰ্বে ‘ওৰা’ৰ বিষয়ে সুস্পষ্ট জ্ঞান আহৰণ কৰাটো অতি প্ৰয়োজনীয়। সত্ৰীয়া নৃত্যৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম পদক্ষেপ হিচাপে ‘ওৰা’ক বুজি লোৱা আৰু শুদ্ধভাৱে আয়ত্ত কৰা প্ৰতিগৰাকী নৃত্য শিকাৰুৰ বাবে অত্যন্ত জৰুৰী।

#টোকা : চন্দন_ছাঁয়া_কোঁৱৰ ✍️

In the practice of Sattriya Dance, ‘Ora’ is an important and fundamental aspect. Therefore, before mastering the various movements, postures, and techniques of Sattriya Dance, it is essential for every learner to develop a clear understanding of ‘Ora’.
As the first step in learning Sattriya Dance, understanding and correctly mastering ‘Ora’ is extremely important for every Sattriya Dance learner.

19/08/2026


Learn the basic posture of Sattriya Dance "Ora" step by step through this video

19/08/2026

এইটো Video ৰ যোগেদি শিকিব পাৰিব সত্ৰীয়া নৃত্যৰ মূল স্হিতি "ওৰা"....

Address

Moranhat
785670

Website

Alerts

Be the first to know and let us send you an email when Sattriya Dance Classroom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category