28/10/2025
নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়।এই আঁচনিখনৰ জৰিয়তে বিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত হৈছে। আমাৰ বিদ্যালয়ত আয়োজিত কার্যসূচীত লেঙেৰী পাব্লিক হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন বৰুৱা, পঞ্চায়ত সভাপতি নিলেশ এককা আৰু ৱাৰ্ড সদস্য মামণি উজিৰ ডাঙৰীয়ানীয়ে 2 গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। এওঁলোকে পঢ়িবৰ বাবে বছৰত 10000 টকা লাভ কৰিব।অনুষ্ঠানটো পৰিচালনা কৰে সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্ন আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পংকজ বৰঠাকুৰে.