শংকৰদেৱ শিশু নিকেতন, কলালোৰ কোঁচ গাঁও

শংকৰদেৱ শিশু নিকেতন, কলালোৰ কোঁচ গাঁও

Share

SSN,KKD is a Non Government Educational Institute manage by Shishu Shiksha Samiti,Assam(http://vbass DISE Code : 18150308403

আজি দিনটোৰ তাৎপৰ্য | Significance of The Day| ২৫ ছেপ্টেম্বৰ ২০২২| Importance of The Day| 25 Sep 2022 25/09/2022

https://youtu.be/PVNvglnC_XE

আজি দিনটোৰ তাৎপৰ্য | Significance of The Day| ২৫ ছেপ্টেম্বৰ ২০২২| Importance of The Day| 25 Sep 2022 আজি দিনটোৰ তাৎপৰ্য | ২৫ ছেপ্টেম্বৰ ২০২২https://lecheree.blogspot.com/p/blog-page_887.html✿ আজি ইংৰাজী ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ ২৫ তাৰিখ।✿ অসমীয়া...

09/07/2022
আজি দিনটোৰ তাৎপৰ্য | ১৫ জুন ২০২২ 15/06/2022

আজি দিনটোৰ তাৎপৰ্য | ১৫ জুন ২০২২
https://lecheree.blogspot.com/p/blog-page_14.html

✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১৫ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ৩১ জেঠ।
✿ আজি বুধবাৰ।

❂ আজিৰ বৰ্ণ “অ”

❂ সাঁথৰঃ
অকণমান পানীত বগলীটো চৰে,
পানীখিনি শুকাই গ’লে বগলীটো মৰে।
উঃ চাকি

❂ ডাকৰ বচনঃ
অলপ ভোজন নিদ্ৰা ক্ষীণ।
সিটো পুৰুষৰ সুখৰ চিন॥

❂ মহৎ লোকৰ বাণীঃ
অধ্যৱসায় মনত লুকাই থকা প্ৰতিভাৰ ফল; মনত প্ৰতিভা থাকিলে কামত অধ্যৱসায় জন্মে।
সত্যনাথ বৰা

❂ উল্লেখনীয় ঘটনাঃ
✿ ১৯৪৫ চনৰ আজিৰ তাৰিখতে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।
✿ ১৯৯৫ চনৰ আজিৰ তাৰিখতে ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাৰ জন্ম হৈছিল।
✿ ১৯৪৩ চনৰ আজিৰ তাৰিখতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত অসমৰ স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল।

❂ আজি বিশ্ব বতাহ দিৱস।

ধন্যবাদ!
✾✾ ✾✾

আজি দিনটোৰ তাৎপৰ্য | ১৫ জুন ২০২২ আজি দিনটোৰ তাৎপৰ্য | ১৫ জুন ২০২২ ✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১৫ তাৰিখ। ✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ৩১ জেঠ। ✿...

আজি দিনটোৰ তাৎপৰ্য | ১৪ জুন ২০২২ 14/06/2022

আজি দিনটোৰ তাৎপৰ্য | ১৪ জুন ২০২২
https://lecheree.blogspot.com/p/blog-page_13.html

✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১৪ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ৩০ জেঠ।
✿ আজি মংগলবাৰ।

❂ আজিৰ বৰ্ণ “হ”

❂ সাঁথৰঃ
হাবিত কাহে
ওলাই নাহে৷
উঃ কুঠাৰ

❂ ডাকৰ বচনঃ
হিয়াৰ মাজত যাহাৰ খাল৷
সিটো পুৰুষৰ লক্ষণ ভাল॥

❂ মহৎ লোকৰ বাণীঃ
হতাশাক প্ৰশ্ৰয় নিদিবা , এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ অংগ হৈ পৰিব।
- ছিডনী স্মিথ

❂ উল্লেখনীয় ঘটনাঃ
✿ ১৯৪৬ চনৰ আজিৰ তাৰিখতে টেলিভিছনৰ আৱিষ্কাৰক জন ল'গি বেয়াৰ্ডৰ মৃত্যু হৈছিল।
✿ ১৯৫৯ চনৰ আজিৰ তাৰিখতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ জন্ম হৈছিল।
✿ ২০১১ চনৰ আজিৰ তাৰিখতে অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা আৰু প্ৰযোজিকা সুপ্ৰভা দেৱীৰ মৃত্যু হৈছিল।

❂ আজি বিশ্ব ৰক্তদান দিৱস।

ধন্যবাদ!
✾✾ ✾✾

আজি দিনটোৰ তাৎপৰ্য | ১৪ জুন ২০২২ আজি দিনটোৰ তাৎপৰ্য | ১৪ জুন ২০২২ ✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১৪ তাৰিখ। ✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ৩০ জেঠ। ✿...

আজি দিনটোৰ তাৎপৰ্য | Significance of The Day | ১২ জুন ২০২২ | Importance of The Day | 12th June 2022 12/06/2022

আজি দিনটোৰ তাৎপৰ্য | ১২ জুন ২০২২
https://youtu.be/6yDgbVZDaHk

✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১২ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ২৮ জেঠ।
✿ আজি দেওবাৰ।

❂ আজিৰ বৰ্ণ “শ”

❂ সাঁথৰঃ
শদিয়ালৈ নাযাবা শতফুল নাখাবা
কেঁচা পাতত নাবান্ধিবা লোণ
উপজিয়েই বগা হয় কোন?
উঃ নহৰু

❂ ডাকৰ বচনঃ
শাক শুকলতি দিনত বাছে৷
সেই ঘৰত জানিবা লক্ষ্মী আছে॥

❂ মহৎ লোকৰ বাণীঃ
শিক্ষকৰ ব্যক্তিসত্ত্বাৰ পৰশত
নিৰস পাঠ্যক্ৰমো সৰল আৰু
সঞ্জীৱিত হৈ পৰে।
- ত্ৰৈলোক্য নাথ গোস্বামী

❂ উল্লেখনীয় ঘটনাঃ
✿ ১৯২৯ চনৰ আজিৰ তাৰিখতে ‘ডায়েৰী অব এ ইয়ং গাৰ্ল’ৰ বাবে বিখ্যাত লেখিকা আনে' ফ্ৰাংকৰ জন্ম হৈছিল।
✿ ১৯৬৮ চনৰ আজিৰ তাৰিখতে প্ৰসিদ্ধ কবি তথা সাহিত্যিক পদ্মধৰ চলিহাৰ মৃত্যু হৈছিল।
✿ ২০১৪ চনৰ আজিৰ তাৰিখতে অসমৰ বিহু সম্ৰাট খগেন মহন্তৰ মৃত্যু হৈছিল।

❂ আজি বিশ্ব শিশু শ্ৰমিক দিৱস।

ধন্যবাদ!
✾✾ ✾✾

আজি দিনটোৰ তাৎপৰ্য | Significance of The Day | ১২ জুন ২০২২ | Importance of The Day | 12th June 2022 আজি দিনটোৰ তাৎপৰ্য | ১২ জুন ২০২২https://lecheree.blogspot.com/p/blog-page_11.html✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১২ তাৰিখ।✿ অসমীয়া লেখেৰে ১৪২৯ ভাস....

আজি দিনটোৰ তাৎপৰ্য | ১১ জুন ২০২২ 11/06/2022

আজি দিনটোৰ তাৎপৰ্য | ১১ জুন ২০২২
https://lecheree.blogspot.com/p/blog-page_9.html

✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১১ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ২৭ জেঠ।
✿ আজি শনিবাৰ।

❂ আজিৰ বৰ্ণ “ল”

❂ সাঁথৰঃ
লিকি লিকি ডিমৰু চিকি চিকি পাত,
সূৰুযমুখে যাব লাগে ছয় মাহৰ বাট।
উঃ তামোল

❂ ডাকৰ বচনঃ
লগ্নৰ লগত থাকয় গুৰু৷
ৰজাৰ সভাত নহয় সৰু॥

❂ মহৎ লোকৰ বাণীঃ
লোকৰ হুবহু অনুকৰণ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দুৰ্বলতাৰ চিন।
- নীলমণি ফুকন

❂ উল্লেখনীয় ঘটনাঃ
✿ ১৯৪৭ চনৰ আজিৰ তাৰিখতে বিহাৰৰ ৰাজনীতিবিদ লালু প্ৰসাদ যাদৱৰ জন্ম হৈছিল।
✿ ১৯৫০ চনৰ আজিৰ তাৰিখতে অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক অমূল্য কাকতিৰ জন্ম হৈছিল।
✿ ২০১৩ চনৰ আজিৰ তাৰিখতে অসমৰ বিশিষ্ট সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক নগেন বৰাৰ মৃত্যু হৈছিল।

❂ আজি হণ্ডোৰাছৰ শিক্ষাৰ্থী দিৱস।

ধন্যবাদ!
✾✾ ✾✾

আজি দিনটোৰ তাৎপৰ্য | ১১ জুন ২০২২ আজি দিনটোৰ তাৎপৰ্য | ১১ জুন ২০২২ ✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১১ তাৰিখ। ✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ২৭ জেঠ। ✿...

আজি দিনটোৰ তাৎপৰ্য | ১০ জুন ২০২২ 10/06/2022

আজি দিনটোৰ তাৎপৰ্য | ১০ জুন ২০২২
https://lecheree.blogspot.com/p/blog-page_8.html

✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১০ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ২৬ জেঠ।
✿ আজি শুক্ৰবাৰ।

❂ আজিৰ বৰ্ণ “ৰ”

❂ সাঁথৰঃ
ৰান্ধনী বাই ৰান্ধনী বাই,
কি শাকৰ গুটি নাই?
উঃ ঢেঁকীয়া

❂ ডাকৰ বচনঃ
ৰূপ সোণ হীৰাৰ মূল্য৷
গঙ্গাৰ জলত নুহিকে তুল্য॥

❂ মহৎ লোকৰ বাণীঃ
ৰুগীয়াৰ কাৰণে জীৱন মানেই প্ৰত্যাশা।
- চিচাৰু

❂ উল্লেখনীয় ঘটনাঃ
✿ ৩২৩ খ্ৰীষ্টপূৰ্বৰ আজিৰ তাৰিখতে মেচিড'নিয়াৰ ৰজা মহাবীৰ আলেকজেণ্ডাৰৰ বেবিলনত মৃত্য়ু হৈছিল।
✿ ১৬১০ চনৰ আজিৰ তাৰিখতে গেলিলিঅ’ গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি আৱিষ্কাৰ কৰিছিল।
✿ ১৭৫২ চনৰ আজিৰ তাৰিখতে বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বিজুলীৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিবলৈ সক্ষম হৈছিল।

❂ আজি পৰ্টুগাল দিৱস।

ধন্যবাদ!
✾✾ ✾✾

আজি দিনটোৰ তাৎপৰ্য | ১০ জুন ২০২২ আজি দিনটোৰ তাৎপৰ্য | ১০ জুন ২০২২ ✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১০ তাৰিখ। ✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ২৬ জেঠ। ✿...

Want your school to be the top-listed School/college in Moran?

Click here to claim your Sponsored Listing.

Location

Address


Kalalur Koch Gaon
Moran
785675

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 12pm