অসমীয়া বিভাগ, মৰিয়নি মহাবিদ্যালয়

  • Home
  • India
  • Mariani
  • অসমীয়া বিভাগ, মৰিয়নি মহাবিদ্যালয়

অসমীয়া বিভাগ, মৰিয়নি মহাবিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসমীয়া বিভাগ, মৰিয়নি মহাবিদ্যালয়, Education, Dhodar ali. Mariani, Mariani.

27/03/2026

শিক্ষক বিনিময় কাৰ্যসূচী_ যোৱা ২৪-০৩-২০২৬ তাৰিখে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ (তিতাবৰ) অসমীয়া বিভাগৰ সৈতে মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বুজাবুজি চুক্তিৰ (MOU)অধীনত এটি শিক্ষক বিনিময় কাৰ্যসূচী সম্পন্ন কৰা হয়। এই কাৰ্যসূচীত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড• বৰ্ণালী শইকীয়া আৰু সহকাৰী অধ্যাপক ড• গৌতম বৰাই মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক চাৰিটা শ্ৰেণীত পাঠদান কৰে। লগতে চতুৰ্থ আৰু ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বিশেষভাৱে পাঠ্যক্ৰম সন্দৰ্ভত ভাৱৰ বিনিময় কৰে। একেদৰে মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৰফৰপৰা যোৱা ২৬-০৩-২০২৬ তাৰিখে সহকাৰী অধ্যাপক অবিনাশ দত্তই নন্দনাথ শইকীয়া মহাবিদ্যালয়ত সাহিত্য সম্পৰ্কীয় পাঠ্যক্ৰমৰ পাঠদান কৰে।দুয়োখন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বুজাবুজিৰ এনে আন্তঃসম্পৰ্কই পৰৱৰ্তী সময়ত বিভাগীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাষা , সাহিত্য আৰু সংস্কৃতি বিষয়ক আলোচনাক অগ্ৰগতি প্ৰদান কৰিব বুলি দুয়োটা বিভাগে আশা প্ৰকাশ কৰে।

আজি মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত প্ৰকাশিত প্ৰবন্ধ সঞ্চয়নৰ চতুৰ্থ খণ্ডটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এইবা...
04/12/2025

আজি মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত প্ৰকাশিত প্ৰবন্ধ সঞ্চয়নৰ চতুৰ্থ খণ্ডটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এইবাৰৰ খণ্ডটি সুধাকণ্ঠ ড•ভূপেন হাজৰিকাদেৱৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য হিচাপে তেখেতৰ গীতৰ বিবিধ বিষয় সন্নিবিষ্ট কৰা হয়। গ্ৰন্থখনৰ বাবে প্ৰবন্ধ আগবঢ়োৱা প্ৰতিগৰাকী লেখকলৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ। এই চতুৰ্থ খণ্ডটি সম্পাদনা কৰিছে বিভাগৰ সহযোগী অধ্যাপিকা ড• মানৱী গগৈ বাইদেৱে।

বিভাগীয় শিক্ষয়িত্ৰীৰ সম্পাদিত গ্ৰন্থ উন্মোচন।
09/08/2025

বিভাগীয় শিক্ষয়িত্ৰীৰ সম্পাদিত গ্ৰন্থ উন্মোচন।

২০জুন ২০২৫ তাৰিখে অসমীয়া বিভাগৰ উদ্যোগত বিষ্ণুৰাভা দিৱস উদযাপন।
09/08/2025

২০জুন ২০২৫ তাৰিখে অসমীয়া বিভাগৰ উদ্যোগত বিষ্ণুৰাভা দিৱস উদযাপন।

আন্তঃৰাষ্ট্ৰীয় আলোচনা সত্ৰত বিভাগীয় শিক্ষয়িত্ৰীৰ অংশগ্ৰহণ।
09/08/2025

আন্তঃৰাষ্ট্ৰীয় আলোচনা সত্ৰত বিভাগীয় শিক্ষয়িত্ৰীৰ অংশগ্ৰহণ।

06/02/2025

মহাবিদ্যালয় সপ্তাহ ২০২৫
মৰিয়নি মহাবিদ্যালয় ।

আজি আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা এটি সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত ২০২৪ ...
04/10/2024

আজি আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা এটি সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত ২০২৪ বৰ্ষত মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী অনুভৱী প্ৰিয়ানুজাক স্নাতক চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰাৰ বাবে (এখনি সম্বৰ্ধনা পত্ৰ, গামোছা আৰু কিতাপৰ টোপোলাৰে) সম্বৰ্ধনা জনোৱা হয়। এটি শিশু সন্তানৰ মাতৃ হৈও অধ্যয়ন আৰু মাতৃৰ দায়িত্ব একেলগে পালন কৰি অনুভৱীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰ নিদৰ্শন দেখুৱালে। লগতে মৰিয়নি মহাবিদ্যালয়, অসমীয়া বিভাগ আৰু মৰিয়নি অঞ্চলকো গৌৰৱান্বিত কৰিলে। অসমীয়া বিভাগৰপৰা অনুভৱীলৈ আন্তৰিক অভিনন্দন আৰু ভৱিষ্যতলৈ সফল হোৱাৰ শুভকামনা যাচিলোঁ।
সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত অসমীয়া বিষয়ৰ তৃতীয় ষাণ্মাসিকৰ "কৌশল বৰ্ধনকাৰী"(Skill Enhancement Course) পাঠ্যক্ৰম বিষয়ক এখন সম্পাদিত পুথি উন্মোচন কৰা হয়। পুথিখন উন্মোচন কৰে মৰিয়নি মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ড৹ হৰেন গোৱালাদেৱে। উন্মোচনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে মহাবিদ্যালয়ৰ মাননীয় উপাধ্যক্ষ, শৈক্ষিক উপাধ্যক্ষা , অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা, শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ক্ৰমে শ্ৰীযুত লাচিত গগৈ, শ্ৰীযুতা মিনতি বৰঠাকুৰ, ড৹ বাণী বৰা আৰু অৰ্চনা শইকীয়াই। পুথিখন সম্পাদনা কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড৹ মানৱী গগৈ আৰু ড৹সুগন্ধি দাসে। উল্লেখযোগ্য যে ইতিমধ্যে বিভাগীয় মুৰব্বী ড৹ বাণী বৰা মহোদয়াই বিভাগৰ অংশকালীন অধ্যাপিকা ৰিম্পী লাহনৰ সহযোগত স্নাতক প্ৰথম ষাণ্মাসিকৰ আন এখন গ্ৰন্থ প্ৰকাশ কৰে।

কালি আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৃতীয় ষাণ্মাসিকৰ  আভ্যন্তৰীণ মূল্যায়নৰ বাবে বিভাগীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈ যায...
04/10/2024

কালি আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৃতীয় ষাণ্মাসিকৰ আভ্যন্তৰীণ মূল্যায়নৰ বাবে বিভাগীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈ যায়। আলোচনা সত্ৰৰ বিষয় আছিল " অসমীয়া সংস্কৃতিৰ স্বৰূপ। " ছাত্ৰ-ছাত্ৰীসকলে অতি সুন্দৰকৈ কেইবাটাও উপ বিষয় নিৰ্বাচন কৰি আলোচনা পত্ৰ উপস্থাপন কৰে। বিশেষকৈ অসমীয়া বস্ত্ৰশিল্প , কৰম পূজা, শংকৰী যুগৰ স্থাপত্য আৰু ভাস্কৰ্য, অসমীয়া সমাজত তামোল-পানৰ ব্যৱহাৰ, অসমীয়া সমাজত বাঁহ শিল্প বিষয়ক আলোচনা পত্ৰকেইখন যথেষ্ট মানসম্পন্ন আৰু মৌলিক আছিল। তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন আৰু উপস্থাপন ত পৰিপক্কতা দেখুৱাবলৈ সক্ষম হয়। একাগ্ৰতা আৰু নিষ্ঠাৰে কৰা কাম সদায় আদৰণীয়। ছাত্ৰ-ছাত্ৰীসকললৈ মৰম আৰু সফলতাৰ বাবে শুভেচ্ছা জনালোঁ।

মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগে ৩০-৯-২০২৪ তাৰিখে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আয়োজন কৰা "ব্যক্ত...
30/08/2024

মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগে ৩০-৯-২০২৪ তাৰিখে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আয়োজন কৰা "ব্যক্তিত্ব বিকাশ আৰু সুকুমাৰ কৌশল "বিষয়ক বক্তৃতানুষ্ঠান । সমল ব্যক্তি -ড৹ প্ৰাঞ্জল বেজবৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক,_ বাণিজ্য বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। আদৰণি ভাষণ _ড৹হৰেণ গোৱালা,অধ্যক্ষ _মৰিয়নি মহাবিদ্যালয় ।

অভিনন্দন অনুভৱী প্ৰিয়ানুজা। সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ত স্নাতকৰ চুড়ান্ত ফলাফলত প্ৰথম শ্ৰেণীৰ দ্ব...
25/06/2024

অভিনন্দন অনুভৱী প্ৰিয়ানুজা। সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ত স্নাতকৰ চুড়ান্ত ফলাফলত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি সফলতা অৰ্জন কৰি, মৰিয়নি মহাবিদ্যালয় আৰু অসমীয়া বিভাগলৈ সুনাম কঢ়িয়াই আনিলা। পৰিয়ালৰ লগতে আমাকো গৌৰৱান্বিত কৰিলা। এই সফলতাই তোমাৰ উজ্জ্বল ভৱিষ্যতৰ বাট মুকলি কৰক। শুভাশিষ সদায়েই আছে। আমাক সদায় কাষতে পাবা ।

অসমীয়া বিভাগৰ দ্বাৰা আয়োজিত (19-03-2024)মহাবিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ আলোচনা সত্ৰ। বিষয়: অসমৰ আৰ্থ-সামাজিক প্...
20/03/2024

অসমীয়া বিভাগৰ দ্বাৰা আয়োজিত (19-03-2024)মহাবিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ আলোচনা সত্ৰ। বিষয়: অসমৰ আৰ্থ-সামাজিক প্ৰেক্ষাপটত কৃষি। সমল ব্যক্তি-১, ড৹ভাস্কৰ বুঢ়াগোহাঁই _উদ্ভিদ বিজ্ঞান বিভাগ। ২,মনালিছা বৰঠাকুৰ _ভূগোল বিভাগ, মৰিয়নি মহাবিদ্যালয়। সঞ্চালক: ড৹ মুনমুন বৰা,মুৰব্বী অধ্যাপক,ভূগোল বিভাগ।

Address

Dhodar Ali. Mariani
Mariani

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ, মৰিয়নি মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category