15/07/2023
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত নিংগাম প্ৰাথমিক বিদ্যালয়ত নিয়মীয়া সহকাৰী শিক্ষক (Regular Assistant Teacher) হিচাপে যোগদান কৰিছিলোঁ। যোগদান কৰিবলৈ যোৱা দিনা মনলৈ ভাব আহিছিল কেনেকুৱা হয়বা ইয়াৰ মানুহ বোৰ, এই নিংগাম গাওঁখন চিংফৌ, টাংছা, টাই-ফাঁকে,নেপালী, চাহ জনগোষ্ঠীৰ সকলোৰে মিলনভূমি। প্ৰথমতে অলপ সংশয় ভাব আহিছিল যদিও পৰৱৰ্তী সময়ত মোৰ ধাৰণা সম্পূৰ্ণ বিপৰীত হল। ইমান সহজ সৰল, মৰমীয়াল, নিঃস্বাৰ্থ ইয়াৰ মানুহ বিলাক মই ভাষাৰে বৰ্ণনা কৰিব পৰা নাই। প্ৰথম অৱস্থাত বিদ্যালয় প্ৰধান শিক্ষক ঋতুমণি শইকীয়া ছাৰ অকলে আছিল। আমি এদিন আগ-পিচকৈ দুজনে যোগদান কৰিছিলোঁ। শ্ৰদ্ধাৰ ঋতুমণি শইকীয়া ছাৰ সকলো দিশৰ পৰা এজন দক্ষ আৰু অভিজ্ঞ ব্যক্তি আছিল, কিন্তু ছাৰৰ লগত বহুত বেছিদিন একেলগে কটাব নোৱাৰিলোঁ। ছাৰৰ ট্ৰান্সফাৰ হোৱাৰ বাবে বিদ্যালয় প্ৰধান শিক্ষক দায়িত্ব মোৰ হাতলৈ আহিব লগা হল। প্ৰথম অৱস্থাত ভয় লাগিছিল যদিও নিজৰ জ্যেষ্ঠ ভ্ৰাতৃৰ দৰে প্ৰতি ক্ষেত্ৰতে সাহস, সহায়-সহযোগিতা যোগাই আহিছিল শ্ৰদ্ধাৰ Debasis Borah ছাৰে। ছাৰৰ এই সহায়-সহযোগিতাৰ বাবে চিৰকৃতজ্ঞ। ইয়াৰ সমান্তৰালকৈ আমাৰ কুমচাই মণ্ডলৰ সন্মানীয় CRCC দ্বীপজ্যোতি বৰগোঁহাই ছাৰ, জিতেন কুৰ্মী ছাৰ, জীৱন মলীয়া ছাৰ, ঙিঠোঁন লুকম ছাৰ, জিতেশ বৰা ছাৰ, দুলাল গগৈ ছাৰ, পলাশ গগৈ ছাৰ, য়ং ছাৰ, প্ৰবীণ বৰা ছাৰ, এম নাথ শৰ্মা ছাৰ, প্ৰতিভা গগৈ বাইদেউ নাম সদায় মনত থাকিব। লগতে কুমচাই মণ্ডলৰ সকলো সন্মানীয় ছাৰ বাইদেউ। ২০২২ চনৰ ২৬ জুলাই তাৰিখে ট্ৰেন্সফাৰ লৈ মোৰ সহকৰ্মী আফছাইৰুল ইছলাম বৰপেটালৈ গল। সেই মাহৰে ২৮ জুলাইত যোগদান কৰিলে শুভ্ৰজ্যোতি গগৈ ছাৰে, ভাবিছিলোঁ কেনেকুৱা বা হব গগৈ ছাৰ। কিন্তু ছাৰে মই ট্ৰান্সফাৰ লোৱা দিনলৈকে মোৰ লগত ছাঁ টোৰ দৰে থাকি ককাই ভাইৰ দৰে সহযোগিতা আগবঢ়াই গল। এই সময়ছোৱাত কৃষ্ণকান্ত সোণোৱাল ছাৰে(স্বেচ্ছাসেৱক হিচাপে নিযুক্ত) প্ৰতি ক্ষেত্ৰতে আমাক সংগ দিছিল। ছাৰৰ এই ত্যাগ সচাকৈ অতুলনীয়। বিদ্যালয়ত কটোৱা সময়ছোৱা অংগবাড়ী বাইদেউ ইনাও চাখাপ আৰু সহকাৰী বাইদেউ, ৰান্ধনী বাইদেউ সকলৰ লগত খোৱা চাহৰ জুতি, MDM সদায় মনত থাকিব। সকলোৰে শেষত আমাৰ বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ কথা আপোনালোকৰ আগত কবই লাগিব, যি ধৰণেৰে শিকাইছিলোঁ সেই ধৰণেই খুব কম সময়ৰ ভিতৰতে আয়ত্ত কৰি লৈছিল, ইমান সুন্দৰকৈ প্ৰাতঃ সভা কৰে। ইয়াৰ ফলস্বৰূপে আমি তিনিবাৰকৈ গুনোসৱত A+ গ্ৰেড পাবলৈ সক্ষম হৈছিলোঁ।
শেষত যিদিনা Mutual Transfer লৈ গৃহ জিলা শিৱসাগৰলৈ উভতি আহিছিলোঁ, অভিভাৱক সকলৰ সৈতে হোৱা বিদায় সভাত অশ্ৰু ধৰি ৰাখিব পৰা নাছিলোঁ। শেষত নিংগাম প্ৰাথমিক বিদ্যালয়ৰ খনৰ আৰু অধিক উন্নত কামনা কৰিলোঁ।
ধন্যবাদেৰে
ৰশ্মিৰঞ্জন দত্ত
প্ৰাক্তন প্রধান শিক্ষক
Ninggam LP School, নিংগাম প্ৰাথমিক বিদ্যালয়