18/04/2026
বিশেষ জাননী
ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা যায় যে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় মৈৰাবাৰী খণ্ডৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নাম ভৰ্তিৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে। ইচ্ছুক প্রার্থীয়ে অনলাইন আবেদন কৰিব পাৰে।
উচ্চতৰ মাধ্যমিক পাঠ্যক্রম (কলা শাখা)
উপলব্ধ বিষয়সমূহঃ
অসমীয়া (MIL), ইংৰাজী (English), ৰাজনীতি বিজ্ঞান (Political Science), শিক্ষাতত্ব (Education), ইতিহাস (History), অর্থনীতি বিজ্ঞান (Economics), ভূগোল (Geography), দৰ্শনতত্ত্ব (Logic & Philosophy) IT(Information Technology, কৃষি(Agriculture).
আমাৰ বিদ্যালয়ৰ উপলব্ধ সুবিধাসমূহঃ
১. সম্পূর্ণ সুৰক্ষিত বিদ্যালয় চৌহদ (24 hours CCTV Surveillance)
২. সম্পূর্ণ বিনামূলীয়া নামভৰ্তি কৰণ।
৩. বিনামূলীয়া পাঠ্যপুথি বিতৰণ।
৪. বিনামূলীয়া সম পোচাক প্রদান।
৫. Teaching Learning Materials ( কলম, পেঞ্চিল, ৰবৰ, জ্যামিতি বাকচ, বহী) আদি শিক্ষণ-প্রশিক্ষণ সামগ্ৰীৰ বিনামূলীয়া যোগানৰ লগতে অভিজ্ঞ আৰু প্ৰশিক্ষণ প্রাপ্ত শিক্ষয়িত্ৰীৰ দ্বাৰা শিক্ষাদান।
৬. কম্পিউটাৰ শিক্ষা ব্যৱস্থা।
৭. স্মার্ট ক্লাছৰুমৰ ব্যৱস্থা।
৮. সপ্তাহ ভিত্তিক জীবন দক্ষতা সম্পর্কীয় শিক্ষাৰ বাধ্যতামূলক পাঠদানৰ ব্যৱস্থা।
৯. ছিলাই কৰন (Tailoring), কাটন কার্য (Cutting), কলাশিক্ষা (Art Education), ৰং-সনা কার্য (Painting), কেৰাটি (Karati) উল, গুথা, এমব্ৰয়দাৰী, পুতলা সজা, হস্ত কৰা আদিৰ দৰে বৃত্তিমূলক শিক্ষা ব্যৱস্থা।
১০. ছয়মাহৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা।
১১. বছৰেকীয়া শিক্ষামূলক ভ্রমণৰ ব্যৱস্থা।
বিদ্যালয়ৰ ছাত্রী আৱাসগৃহৰ সুবিধাসমূহঃ
১. সম্পূর্ণ সুৰক্ষিত ছাত্ৰী আৱাসগৃহ (24 hours CCTV SURVEILLANCE)
২. 24×7 ঘণ্টা কাৰেণ্টৰ সুবিধা।
৩. ছাত্রীসকলৰ সম্পূর্ণ বিনামূলীয়া থকা আৰু খোৱাৰ ব্যৱস্থা।
৪. ছাত্ৰী সকলৰ সম্পূর্ণ বিনামূলীয়া ষ্টেশনাৰী (Stationery) আৰু প্রসাধনী সামগ্রী (Cosmetic) (ছাৰ্ফ, চাবোন, শ্বেম্পু, তেল, ক্ৰীম, পাউডাৰৰ লগতে চেনিটেৰী পেড)ৰ বিতৰণ ব্যবস্থা আদিৰ লগতে আৱাসিক শিক্ষা কেন্দ্ৰৰ বিভিন্ন সুবিধাসমূহ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ উপলব্ধ।
৫. ছাত্রীসকলৰ চৰকাৰৰ ফালৰ পৰা পইচা প্ৰাপ্তিকৰণৰ সুবিধা।
৬. ছাত্ৰীসকলৰ বিনামূলীয়া প্ৰাথমিক চিকিৎসা সেৱাৰ সুবিধা।
(নামভৰ্ত্তিকৰণৰ বাবে DARPAN PORTAL ত আবেদন কৰক, আবেদন প্ৰক্ৰিয়া চলি আছে)
Link DARPAN PORTAL: https://darpan.ahseconline.in
KGBV, Mairabari Part
U-dise Code-18101106303
যোগাযোগৰ নম্বৰ: 8011722382
(হোৱাটছআপ নম্বৰ)