Jnan Vikash Academy Senior Secondary School, Mangaldai

Jnan Vikash Academy Senior Secondary School, Mangaldai

Share

Jnan Vikash Academy Senior Secondary School (Known As JVA) has its birth at Bhebarghat area (Ward No-10) Mangaldai on 15-12-2011.

JVA is registered under Societies Registration Act-XXI of 1860.

Photos from Jnan Vikash Academy Senior Secondary School, Mangaldai's post 02/11/2024

ত্ৰয়োদশ বাৰ্ষিক সমাৰোহ, জ্ঞানবিকাশ একাডেমী, মঙলদৈ।
প্ৰথমটো দিনত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত পৰেশ কুমাৰ শৰ্মাই আৰু বাৰ্ষিক সমাৰোহ উদ্বোধন কৰে শিক্ষা সংগঠক তথা ৰামহৰি জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীহেমন্ত কুমাৰ বৰুৱাই। আজি অনুষ্ঠিত হোৱা সাহিত্য আৰু খেল ধেমালিৰ প্ৰতিযোগিতা সমূহত প্ৰতিযোগী ছাত্ৰ ছাত্ৰীৰ উৎসাহ আছিল সৰ্বাত্মক।

Photos from Jnan Vikash Academy Senior Secondary School, Mangaldai's post 19/10/2024

জ্ঞানবিকাশ একাডেমী, মঙলদৈৰ প্ৰাক্তন ছাত্ৰ ঐতিহ্যবাহী হাজৰিকাপাৰা গাঁৱৰ শ্ৰীভাৰত চহৰীয়াৰ কৃতিত্বই আমাক আনন্দিত কৰিছে।‌ সদ্যঘোষিত সৰ্বভাৰতীয় NET পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে JRF হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। NET পৰীক্ষাত (ভূগোল বিভাগত) ৯৯.৬ শতাংশ সহ উত্তীৰ্ণ হোৱা ভাৰত চহৰীয়াৰ এই সফলতাই জ্ঞান বিকাশ একাডেমীৰ পৰিয়ালৰ লগতে সমগ্ৰ দৰং জিলাকে গৌৰৱান্বিত কৰিছে। ভাৰতৰ উত্তৰোত্তৰ ভবিষ্যত কামনা কৰিলোঁ।

06/06/2024

৩৩ বছৰে ভেনচাৰ স্কুলত বিনা বেতনে সেৱা আগবঢ়োৱা, পৰিয়াল পোহ পালৰ বাবে তৰকাৰী দোকান দিয়া শ্ৰীহেমচন্দ্ৰ ডেকাৰ পুত্ৰ, জ্ঞান বিকাশ একাডেমী, মঙলদৈৰ ছাত্ৰ শ্ৰীকুলদীপ ডেকাই NEET পৰীক্ষাত ৫৭০ নম্বৰ লাভ কৰি সাফল্য অৰ্জন কৰিছে।

Photos from Jnan Vikash Academy Senior Secondary School, Mangaldai's post 05/03/2024

আপোনালোকৰ আশীৰ্বাদ আৰু প্ৰেৰণাৰে এটি সোপান ওপৰলৈ জ্ঞানবিকাশ একাডেমী, মঙলদৈ।
আপোনালোকৰ সহযোগিতা সদাকাম্য।
কাইলৈ এবাৰ লগ পোৱাৰ আশাৰে -
জ্ঞান বিকাশ একাডেমীৰ পৰিয়ালবৰ্গ -

Photos from Jnan Vikash Academy Senior Secondary School, Mangaldai's post 03/08/2023

*এজাক নৱযৌৱনপ্ৰাপ্ত তৰুণ তৰুণীৰ আজি পাৰ ভঙা আনন্দ :

(আমাৰ গৌৰৱ আমি জেভিয়ান)

সুদৰ্শন ডেকা জনৰ নাম দেৱজিৎ শৰণীয়া, ঘৰ -গোসাইঘাট, মেচকাপুখুৰী, থানা - কলাইগাওঁ। বৰ অমায়িক যুৱক। ২০১৬ চনত এটি ভুল চিকিৎসাৰ ফলত অন্ধত্বক সাবতি ল'ব লগা হ'ল। এটি কন্যাসন্তান আৰু পৰিবাৰ থকা দেৱজিতৰ অৱস্থা এতিয়া অতি শোচনীয়। চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত হৈ আছে। ডাক্তৰৰ মতে অস্ত্ৰোপ্ৰচাৰ কৰিলে এটি চকু ভাল হোৱাৰ সম্ভাৱনা আছে। যোৱা কালি কাৰোবাৰ পৰামৰ্শমতে জ্ঞানবিকাশ একাডেমীত সহযোগিতা পোৱাৰ আশাৰে উপস্থিত হৈছিলহি। চকু পানী টুকি টুকি নিজৰ জীৱন যন্ত্ৰণা কৈছিল দেৱই । হাতযোৰ কৰি চকুৰ অস্ত্ৰপ্ৰচাৰৰ বাবে সহযোগিতা বিচাৰিলে...."মই পৃথিৱীখন চাব খোজো দাদা, কনমানি জনীক চাব খোজো....দুটা নালাগে, এটা চকু ভাল হলেও হ'ব, কাম কৰি খাম, ঘৰ চলাম" ।

মোবাইল ত ৰিচাৰ্ছ কৰিবলৈ ও এটকা হাতত নথকা দেৱৰ হাতত ৫০০ টকা গুজি দি কলো "ম'বাইল টো ৰিছাৰ্জ কৰি লোৱাচোন, তোমাক সহযোগিতা দিবলৈ ভাল খবৰটো দিবলৈ প্ৰথমতে অন্তত মোবাইল টো লাগিব।"

দেৱজিৎ শৰনীয়াক সহায় কৰাৰ মানসেৰে মই আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনাইছিলো " আমি প্ৰত্যেকেই অলপ সহায় কৰিব পাৰো নেকি বাৰু.....
১০, ২০, ৫০, ১০০ টকা যোনে যি পাৰো দি দেৱজিতক অকনমান সহায় কৰো আহক/আহা।"
কাইলৈ দেৱজিৎ আমাৰ কলেজলৈ আহিব। এজন অন্ধ পিতৃক নিজৰ কনমানি ছোৱালী জনীক চাব পৰাকৈ আমি যি পাৰো সহায় কৰিম। কোনোবাই পকেট মানিৰ পৰা, কোনোবাই সাচতীয়া ধনৰ পৰা কোনোবাই মা দেউতাৰ পৰা আনি....
এজনে নোৱাৰা কামটো ১০০ জনে লগ হৈ কৰিম। আপোনাৰ / তোমাৰ হাতেৰে আগবঢ়োৱা এই ২০, ৫০ বা ১০০ টকাটো আগবঢ়োৱাৰ পিছত যি আনন্দ পাবা সেয়া বিশাল আনন্দ, মধুৰ সন্তুষ্টি হ'ব.....""

আহ্বানৰ প্ৰতি সহাৰি জনাই আমাৰ শিক্ষানুষ্ঠানখনৰ প্ৰায় ৬০০ ছাত্ৰ ছাত্ৰীয়ে এক অবিস্বাস্য আনন্দ উদ্ যাপন কৰিলে। দেৱজিৎ শৰনীয়াক লগত লৈ শিক্ষক সকলৰ উপস্থিতিত ছাত্ৰ ছাত্ৰী সকলে "হাতত মানুহে মানুহৰ বাবে...." পোষ্টাৰ লগোৱা দানপাত্ৰটো আৰু মুখেৰেও সমস্বৰে ড: ভূপেন হাজৰিকাৰ কালজয়ী "মানু্হে মানুহৰ বাবে..." গীতটো গাই গাই প্ৰতিটো ক্লাছ ৰূমতে প্ৰৱেশ কৰিলে। স্বতস্ফুত: ভাবে সংগ্ৰহ হ'ল পাঁছ সহস্ৰাধিক টকা আৰু উছাহেৰে সেই ধন অৰ্পণ কৰা হ'ল দেৱজিৎ শৰণীয়াৰ হাতত। ছাত্ৰ ছাত্ৰী সকলৰ কি যে পাৰ ভঙা আনন্দ।
নতুনকৈ কলা শাখাত নামভৰ্তি কৰা ছাত্ৰী এগৰাকীয়ে আজি ৰাতিপুৱাই ফোন কৰি কৈছিল -"চাৰ, ১০ টকীয়া সোণালী ৰঙৰ ১২ টা মুদ্ৰা মই মৰমতে সাচিছিলো। তাৰ পৰা ১০ টা মুদ্ৰা অন্ধ মানুহজনক দিব পাৰিমনে চাৰ.....", আকৌ প্ৰথম বাৰ্ষিকৰে আৰু এগৰাকী ছাত্ৰ, পুৱা ফোন কৰি কলে যে কাইলৈ তাৰ জন্মদিন, দেউতাকে নতুন ঘড়ী এটা কিনিবলৈ ৫০০ টকা দিছিল, সেই ধনৰ পৰা নিজৰ নামত এশ টকা আৰু ভনীয়েকৰ নামত এশ টকা আগবঢ়াব , মোক আৰু কলে "ছাৰ, আজি কালি ২০০ টকাৰ পৰাই ঘড়ী পোৱা যায়....."

নতুন ছাত্ৰ ছাত্ৰী সকলৰ এই মানসিকতা দেখি মন প্ৰশান্তিৰে ভৰি পৰিছে। পৰম কৰুণাময় ঈশ্বৰে আশীৰ্বাদৰ বৰষূণজাক ইহতলৈ বুলি বৰিষণ কৰক।।🙏🙏🙏

কুশল কলিতা,
মঙলদৈ, দৰং, অসম।

Photos from Jnan Vikash Academy Senior Secondary School, Mangaldai's post 24/05/2023

আকৌ এটি ভাল খবৰ । এজন শিক্ষকৰ বাবে ইয়াতকৈ বেছি ডাঙৰ সফলতা আৰু উপহাৰ কি হ'ব পাৰে ....?

"ছাৰ, আপোনাক ভাল খবৰটো জনাও, মই নলবাৰীৰ এম.এম. চি., গাৰ্লছ কলেজত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰিছো ।

" এক বুজাব নোৱাৰা সুখানুভূতি । জ্ঞানবিকাশ একাডেমীৰ পৰা শিক্ষকে শিক্ষক নিৰ্মাণ কৰিছোঁ, তাকো মহাবিদ্যালয়ৰ শিক্ষক, তাকো শিক্ষা বিভাগৰ ।

আমাৰ কলেজৰ প্ৰাক্তন ছাত্ৰী কল্যানীয়া কন্নকী বড়া । মঙলদৈৰ দানিগাওৰ এখন একেবাৰে সাধাৰণ ঘৰৰ ছোৱালী । শান্ত, অমায়িক, মাৰ্জিত আৰু বিনয়ী ছাত্ৰী গৰাকী আমাৰ সকলোৰে প্ৰিয় । আজি এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি পোৱাটোৱে আমালৈ লৈ আহিছে সুখৰ বতৰা । কন্নকীৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।

Photos from Jnan Vikash Academy Senior Secondary School, Mangaldai's post 24/05/2023

জ্ঞানবিকাশ একাডেমী, মঙলদৈৰ প্ৰতিষ্ঠা দিৱস ।‌
# নেমকেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক ডা: হিতেশ বৰুৱালৈ "অসমীয়াৰ স্বাভিমান বঁটা-২০২৩" প্ৰদান ।
# ক্ৰিকেটাৰ জিন্টিমণি কলিতা আৰু নাগাৰা নামৰ জনপ্ৰিয় পাঠক কৰিষ্মা নাথলৈ "ড: হৰিশ চন্দ্ৰ ডেকা স্মাৰক অনুপ্ৰেৰণা বঁটা-২০২৩" প্ৰদান ।
# মেধাৱী আৰু আৰ্থিক ভাবে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীলৈ বিনামূলীয়া নামভৰ্তি ।
# তথ্যচিত্ৰ"এন্ধাৰৰ ভেটা ভাঙি" প্ৰদৰ্শন ।
# নতুন শিক্ষাবৰ্ষৰ বাবে প্ৰ'ছপেক্টাছ উন্মোচন ।
# সাংবাদিক সকললৈ অভিনন্দন আদি কাৰ্যসূচীৰে এটি বৰ্ণাঢ্য অনুষ্ঠান আজি ৰূপায়িত হয় ।

Photos from Jnan Vikash Academy Senior Secondary School, Mangaldai's post 23/05/2023

*আমন্ত্ৰণ*

মান্যবৰ,
অহা ইংৰাজী ২৪ মে' তাৰিখ, বুধবাৰে জ্ঞানবিকাশ একাডেমীৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰিবলৈ বিচৰা হৈছে । উক্ত অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ, চলচিত্ৰ নিৰ্মাতা আৰু মানৱ দৰদী ব্যক্তি ডা: হিতেশ বৰুৱা দেৱে । মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি শ্ৰীমদন বৰুৱা দেৱে বন্তি প্ৰজ্বলন, বিশিষ্ট সাংবাদিক শ্ৰীভাৰ্গৱ কুমাৰ দাসে উদ্বোধন কৰিব লগীয়া আৰু প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক উপস্থিত থাকিব লগীয়া উক্ত অনুষ্ঠানতে দৰঙৰ গৌৰৱ, দুগৰাকী কৃতিমান যুৱতী ক্ৰমে ক্ৰিকেটাৰ জিন্টিমণি কলিতা আৰু নাগাৰা নামৰ পাঠক কৰিশ্মা নাথক "ড: হৰিশ চন্দ্ৰ ডেকা স্মাৰক অনুপ্ৰেৰণা বঁটা-২০২৩" প্ৰদানেৰে উৎসাহিত কৰা হ'ব । উক্ত অনুষ্ঠানত এজন শুভাকাংক্ষী হিচাপে আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ । ইতি-

শ্ৰীদিবাকৰ বৈশ্য, ৰেক্টৰ
শ্ৰীকুশল কলিতা, অধ্যক্ষ
শ্ৰীকিৰণ চন্দ্ৰ ডেকা, উপাধ্যক্ষ
শ্ৰীবিনীতা চহৰীয়া, সঞ্চালক
জ্ঞানবিকাশ একাডেমী, মঙলদৈ ।

স্থান : জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, মঙলদৈ ।
সময় : দিনৰ ১১ বজাত ।

Photos from Jnan Vikash Academy Senior Secondary School, Mangaldai's post 13/04/2023

ৰঙালী বিহু উপলক্ষ্যে জ্ঞানবিকাশ একাডেমী, জ্ঞান গুৰুকুল জাতীয় বিদ্যালয়, মঙলদৈ আৰু Gyan Gurukul English School, Mangaldai ৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এটি অন্তৰংগ অনুষ্ঠান আয়োজন কৰা হয় । অন্তৰংগ অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী সকলক বিহুৰ ওলগ জনাই সুমধুৰ বক্তব্য প্ৰদান কৰে সুবক্তা তথা ৰামহৰিস্থিত জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ সঞ্চালক শ্ৰীহেমন্ত কুমাৰ বৰুৱাই । আনহাতে বক্তা হেমন্ত কুমাৰ বৰুৱাৰ লগতে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে অসম চৰকাৰৰ উদ্যোগত বিহুৰ বিশ্ব অভিলেখৰ দিনটো অসমৰ বাবে গৌৰৱৰ বিষয় হ'ব বুলি মত পোষণ কৰে আৰু প্ৰতি গৰাকী নাচনী, ঢুলীয়া আৰু অনুষ্ঠাটো পৰিচালনা কৰা প্ৰতিজন ব্যক্তিলৈ শুভেচ্ছা প্ৰদান কৰে ।

05/04/2023

১০ এপ্ৰিলৰ পৰা...

18/03/2023

জ্ঞানবিকাশ একাডেমী, মঙলদৈত নৱম শ্ৰেণীত ২১ মাৰ্চৰ পৰা নামভৰ্তি আৰম্ভ হ'ব ।
অসমীয়া মাধ্যমত ৪০ জন,
ইংৰাজী মাধ্যমত ৩০ জন ছাত্ৰ ছাত্ৰীৰ বাবে সুবিধা ।

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Mangaldai
784125