শঙ্কৰদেৱ শিশু-বিদ্যা নিকেতন, মঙ্গলদৈ

শঙ্কৰদেৱ শিশু-বিদ্যা নিকেতন, মঙ্গলদৈ

Share

Sankardev Sishu Vidya Niketion is an institution for higher education in the heart of Mangaldoi , Assam
Location : Mangaldoi, Baruapara (assam) PIN: 784521

22/12/2023

-------------ওঁম--------------
আজি সন্ধিয়া ৫-০০ মান বজাত নিজা বাসগৃহত শংকৰদেৱ শিশু নিকেতন, মঙলদৈ ৰ প্ৰাক্তন প্ৰধান আচাৰ্য আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, মঙলদৈ নগৰৰ মাননীয় সংঘচালক স্বৰ্গীয় দিনেশ শৰ্মা দেৱৰ বাৰ্ধক্যজনিত কাৰণত আকস্মিক ভাৱে ইহলীলা সম্বৰণ কৰে। তেখেতৰ বৈকুণ্ঠগামী বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ 🙏।

ওঁম পূৰ্ণমদঃ পূৰ্ণ মিদং
পূৰ্ণাৎ পূৰ্ণ মুদষ্যতে
পূৰ্ণষ্য পূৰ্ণমাদায়্
পূৰ্ণমেৱা ৱষিষ্যতে
ওঁম শান্তিঃ শান্তিঃ শান্তিঃ 🙏

Photos from শঙ্কৰদেৱ শিশু-বিদ্যা নিকেতন, মঙ্গলদৈ's post 17/06/2023

সদ্য ঘোষিত NEET পৰীক্ষাত শংকৰদেৱ শিশু- বিদ্যা নিকেতন, মঙ্গলদৈৰ প্ৰাক্তন ছাত্ৰী শ্ৰী শিখা মনি নাথে ৫৬৫ নম্বৰ প্ৰাপ্তিৰে কৃতকাৰ্য অৰ্জন কৰিছে। অত্যন্ত অমায়িক , সু গায়িকা শিখা মনি নাথলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

27/11/2018
26/11/2018

অভিভাৱক সকলে বিষয়টোৰ প্ৰতি নজৰ দিব।

Photos from শঙ্কৰদেৱ শিশু-বিদ্যা নিকেতন, মঙ্গলদৈ's post 16/10/2018

সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ শাৰদীয় শ্ৰীশ্ৰী দুৰ্গা পূজাৰ হিয়াভৰা শুভেচ্ছা জাচিলোঁ ||

10/10/2018

#লিখা_পঢ়া_ভালদৰে_মনত_ৰখাৰ_উপায়

প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীৰ লিখা-পঢ়া কথাবোৰ ভালদৰে মনত নাথাকে । ই এটা ডাঙৰ সমস্যা । ফলত ছাত্ৰ-ছাত্ৰী সকলৰ আত্মবিশ্বাসৰ হ্ৰাস পায় । যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলো হতাশাত ভোগে । আমাৰ সকলোবোৰ সমস্যাৰে সমাধান আছে । সেয়েহে, লিখা-পঢ়া কথাবোৰ ভালদৰে মনত ৰাখিব বাবে কেইটামান উপায় –

👉 সদায় ৰাতিপুৱা সোনকালে উঠি সাধাৰণ শাৰীৰিক ব্যায়াম কৰা ।

👉 ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া পানী খোৱা ।

👉 পঢ়া আৰম্ভ কৰাৰ আগত অলপ প্ৰাৰ্থনা কৰা ।

👉 সদায় এটি নিৰ্জন কোঠালিৰ নিৰ্দিষ্ট মেজত পঢ়া-শুনা কৰা ।

👉 লিখা-পঢ়া বিষয়টো ভাল পাবলৈ অভ্যাস কৰা ।

👉 পঢ়ি থাকোতে স্পষ্ট আৰু ডাঙৰকৈ পঢ়াৰ লগতে বুজিবলৈ চেষ্টা কৰা ।

👉 মনোযোগ বৃদ্ধিৰ বাবে পঢ়ি থাকোতে প্ৰয়োজনীয় শব্দ আৰু শাৰীবোৰত ৰং পেঞ্চিলেৰে দাগ দিয়া ।

👉 পঢ়াৰ শেষত, টান প্ৰশ্নৰ উত্তৰসমূহ মনত পেলায় লিখাৰ অভ্যাস কৰা ।

👉 দীঘল অধ্যায়সমূহ ভালদৰে মনত ৰখাৰ বাবে সৰু সৰু ভাগত ভাগ কৰি পঢ়া ।

👉 কিছুমান টান বিষয় মনত ৰাখিবলৈ ছবি, আবৃত্তি, অভিনয় আদিৰ দ্বাৰা পঢ়িবলৈ চেষ্টা কৰা ।

👉 পঢ়া বিষয় সমূহ ভালদৰে মনত ৰাখিবলৈ মাজে মাজে অনুশীলন কৰা ।

👉 একেৰাহে ৯০ মিনিট পঢ়াৰ অন্তত অলপ সময় জিৰণি লোৱা । জিৰণিৰ সময়ত ভাল লগা কাম কৰা । যেনে - গান শুনা, টিভি চোৱা, কৌতুক শুনা, প্ৰাণায়াম নতুবা ধ্যান কৰা আদি ।

👉 পঢ়া-শুনা কৰাৰ সময়ত বাহিৰা চিন্তা, টিভি আৰু ম'বাইলফোনৰ পৰা দূৰত থকা ।

👉 কম পোহৰ আৰু বিচনাত কেতিয়াও লিখা-পঢ়া কৰিব নালাগে ।

👉 সদায় পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা । ব্ৰাহ্মী, মানিমুনি শাক উপকাৰী ।

👉 সদায় নিৰ্দিষ্ট সময়ত পঢ়া-শুনা, খোৱা-লোৱা আদি কৰা ।

👉 সদায় নিশা কমেও 6-7 ঘন্টা টোপনি মৰা ।

🙏

25/04/2018

জানিবলগীয়া,,,,,,,,,,,,,

Photos from শঙ্কৰদেৱ শিশু-বিদ্যা নিকেতন, মঙ্গলদৈ's post 13/02/2018

২০১৮ বৰ্ষৰ নিকেতন সপ্তাহৰ কিছু ছবি

Photos from শঙ্কৰদেৱ শিশু-বিদ্যা নিকেতন, মঙ্গলদৈ's post 08/01/2018

নিকেতনত আজি বিশিষ্ট উদ্যোগপতি এচ আৰ দি গ্ৰুপে ছাত্ৰ-ছাত্ৰী ৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা পপকৰ্ণ বিতৰণত ছাত্ৰ-ছাত্ৰীৰ মাজত যথেষ্ট উৎসাহ দেখা পোৱা গল।

Photos from শঙ্কৰদেৱ শিশু-বিদ্যা নিকেতন, মঙ্গলদৈ's post 08/01/2018

মঙলদৈৰ বিশিষ্ট উদ্যোগপতি এচ আৰ দি গ্ৰুপে ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা পপকৰ্ণ বিতৰণ। ।

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Mangaldai