05/08/2022
প্ৰশ্নঃ- জানাজাৰ নামাজৰ বা দফনৰ পিছত দোআ কৰা যাবনে ?
কিছু ঠাইত নামাজৰ পিছত দোআ কৰা দেখা যায় যদি আকৌ কিছু ঠাইত দোআ নকৰা পৰিলক্ষিত হয়,এই বিষয়ে শ্বৰীয়তৰ আদেশ কি উপযুক্ত দলীলেৰে জনাব ?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- জানাজাৰ নামাজৰ পিছত লাইন বা ছফ ভাঙি দোআ কৰিব পাৰি তদ্ৰুপ মৃত ব্যক্তিক দফন কৰাৰ পিছতো দোআ কৰিব পাৰি আনকি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ইয়াৰ আদেশ দিছে: ইবনে মাজা শ্বৰীফত আছে:
عَنْ أَبِي هُرَيْرَةَ، قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: إِذَا صَلَّيْتُمْ عَلَى الْمَيِّتِ فَأَخْلِصُوا لَهُ الدُّعَاءَ.
হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৱে কয়:মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক কোৱা শুনিছোঁ,তেওঁ কৈছে: তোমালোকে যেতিয়া জানাজাৰ নামাজ আদায় কৰিবা তেতিয়া মৃতকৰ বাবে বিনয়ৰ সহিতে দোআ কৰা।
(سنن ابن ماجہ،كتاب الجنائز،١٤٩٧)
⊝ জানাজাৰ নামাজৰ পিছত দোআ কৰা নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ লগতে চাহাবা সকলৰো ছুন্নত হয়।
⊝ ছালামৰ পিছত লাইন নভঙা কৈ জানাজাৰ নামাজ পঢ়িবলৈ বন্ধা লাইনত থাকিয়েই নামাজৰ দৰে থিয় হৈ দোআ কৰিবলৈ কিছু ফুকাহায়ে কেৰামে নিষেধ কৰিছে যাতে দোআ কৰোঁতে নামাজত থকা যেন নালাগে (লাইন ভাঙি কৰাত কোনো সমস্যা নাই। কোনেও মানা কৰা নাই)
۔ (مراٰۃ لمناجیح،ج۲،ص۴۸۰تا۴۷۹)
⊝ হজৰত আওফ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কয়;
صَلَّی رَسُولُ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ عَلَی جَنَازَةٍ فَحَفِظْتُ مِنْ دُعَائِهِ
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে জানাজাৰ নামাজ পঢ়ে(তাৰ পিছত)যি দোআ কৰে সেইটো মই মুখস্থ কৰি লৈছোঁ।
*"মই মুখস্থ কৰি লৈছোঁ"* ৰ বাখ্যা কৰি ঈমাম নবৱী ৰাহমাতুল্লাহ আলাইহিয়ে শ্বাৰহে ছহীহ মুছলিম শ্বৰীফত লিখিছে:
أَیْ عَلَّمَنِیْہِ بَعْدَ الصَّلٰوۃ فَحَفِظْتُہ
অৰ্থাৎ দোআ নামাজৰ পিছত শিকাইছে এতেকে তেওঁ সেয়া মুখস্থ কৰি লয়।
(شرح صحیح مسلم للنووی ۳؍۳۸۳طبع بیروت)
⊝ উল্লেখ কৰা হাদিছৰ পৰা স্পষ্টকৈ বুজা যায় যে জানাজাৰ নামাজৰ পিছত দোআ কৰা নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ছুন্নত।
⊝ হজৰত মুছতাজিল বিন হুচাইনৰ পৰা বৰ্ণিত:
أَنَّ عَلِیًّا صَلَّی عَلٰی جَنَازَۃٍ بَعْدَ مَا صُلِّیَ عَلَیْہَا
(নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ জোঁৱাই)হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৱে জানাজাৰ নামাজ আদায় কৰাৰ পিছত দোআ কৰে।
(سنن الکبرٰی للبیہقی۴؍۴۵رقم۶۷۸۷--کنز العمال۱۵؍۷۱۳رقم۴۲۸۴۱)
⊝ হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৱে অইন এঠাইত জানাজাৰ নামাজৰ পিছত দোআ কৰা বুলি প্ৰমাণ পোৱা যায়, যথা :
حَدَّثَنَا عَلِیُّ بْنُ مُسْہِرٍ،عَنِ الشَیْبَانِیِّ،عَنْ عُمَیْرِ بْنِ سَعِیْدٍ قَالَ:صَلَّیْت مَعَ عَلِیٍّ عَلٰی یَزِیْدَ بْنَ الْمُکَفَّفِ فَکَبَّرَ عَلَیْہِ أَرْبَعًا ،ثُمَّ مَشٰی حَتّیی أَتَاہُ فَقَالَ:أَللّٰہُمَّ عَبْدُکَ ۔۔۔۔۔۔۔۔۔۔۔
হজৰত উমাইৰ বিন ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কয়: মই হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৰ লগত হজৰত য়াজীদ বিন মুকাফ্ফাফ ৰাদ্বিয়াল্লাহু আনহুৰ জানাজাৰ নামাজ পঢ়ো,তেওঁ চাৰি তকবিৰ কৈ(অৰ্থাৎ নামাজ সম্পন্ন কৰি)মৃতকৰ ওচৰত গৈ এনেদৰে কয়(দোআ কৰে)হে আল্লাহ এইজন তোমাৰ বান্দা...
(مصنف ابن ابی شیبۃ ۳؍۳۳۱رقم ۱۱۸۳۱اس کی سند صحیح ہے)
⊝ বোখাৰী শ্বৰীফত আছে:
لما التقی الناس بموته جلس رسول الله ﷺ علی المنبر وکشف مابینه وبین السماء فھو ینظر الی معارکھم فقال علیه السلام اخذ الرایۃ زید ابن حارثۃ فمضی حتی استشھد وصلی علیه ودعا له وقال استغفر واله دخل الجنۃ وھو یسعی
এই হাদিছৰ অৰ্থ এয়াই যে: গজৱায়ে মূতাৰ প্ৰেক্ষাপটত যেতিয়া ইছলাম আৰু কুফ্ৰৰ মাজত যুদ্ধ হ'ব ধৰিলে তেতিয়া নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম মিম্বৰত অৱস্থান কৰে আৰু যুদ্ধৰ পৰিস্থিতিৰ বুজ লয় আৰু যেতিয়া তেওঁৰ মৰমৰ দাস জায়েদ বিন হাৰিছা চহীদ হয় আৰু তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয় তেতিয়া নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে তেওঁৰ বাবে দোআ কৰে আৰু চাহাবা সকলকো আদেশ দিয়ে যে তোমালোকে(তেওঁৰ বাবে) ইস্তেগফাৰ কৰা যে তেওঁ জান্নাতত চলা ফুৰা কৰি আছে।
(بخاری شریف جلد ثانی،ص٦١٢)
⊝ এইকেইটা বৰ্ণনাত স্পষ্টকৈ জানাজাৰ নামাজৰ পিছত দোআ কৰাৰ কথা উল্লেখ আছে। ইয়াৰোপৰি নবীৰ চাহাবী হজৰত ওমৰ ৰাদ্বীয়াল্লাহুৰ পৰাও দোআৰ প্ৰমাণ পোৱা যায়। চাওঁক -
(مصنف عبدالرزاق۳؍۵۱۹رقم۶۵۴۵،چشتی)
⊝ এই একেধৰণৰ বৰ্ণনা হজৰত আবু হুৰাইৰাহ আৰু হজৰত আব্দুল্লাহ ইবনে ছালাম ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰাও বৰ্ণিত। চাওঁক -
(سنن الکبرٰی بیہقی۹۳۴،کنزالعمال۱۵؍۷۱۷رقم۴۲۸۵۸)
⊝ বাদাঈউস্বাআঈ,মাবছূত আদিত এই বৰ্ণনা মজুত আছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে এটি জানাজাৰ নামাজ আদায় কৰাৰ পিছত হজৰত ওমৰ ফাৰুক ৰাদ্বিয়াল্লাহু আনহু আৰু কেইজনমান উপস্থিত হয়,তেওঁলোকে দ্বিতীয়বাৰ নামাজ আদায় কৰিব বিচাৰোতে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক'লে:
الصلاۃ علی الجنازۃ لاتعاد ولکن ادع للمیت واستغفرلہ
জানাজাৰ নামাজ পুনৰাই পঢ়া নাযায় কিন্তু তোমালোকে তেওঁৰ বাবে ক্ষমা প্ৰাৰ্থনা,দোআ কৰা।
(بدائع الصنائع فی ترتیب الشرائع ج۳ص۵۸۲،،المبسوط ج۲ص۷۴۴)
• যিদৰে জানাজাৰ নামাজৰ পিছত দোআ কৰা বৈধ তদ্ৰুপ দফনৰ পিছতো বৈধ আনকি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ পৰা প্ৰমাণিত।
⊝ উম্মুল মুমিনীন হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাই এটি দীঘলীয়া হাদিছ বৰ্ণনা কৰে য'ত উল্লেখ আছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম ৰাতি ঘৰৰ পৰা ওলাই জান্নাতুল বাকীত যোৱাৰ কথা যথা এতেকে তেওঁ কয়:
حَتَّی جَاءَ الْبَقِیعَ فَقَامَ فَأَطَالَ الْقِیَامَ ثُمَّ رَفَعَ یَدَیْهِ ثَلَاثَ مَرَّاتٍ
• নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম বাকী(কবৰস্থান)ত গুচি যায় আৰু তাত বহু দেৰিকৈ থিয় হৈ থাকে তাৰ পিছত তিনিবাৰ তেওঁ হাত উঠায়।
• হজৰত আইশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাই কয়: তেওঁ জান্নাতুল বাকীত গৈ কবৰবাসীৰ হৈ দোআ কৰে:
اللَّهُمَّ اغْفِرْ لِأَهْلِ بَقِيعِ الْغَرْقَدِ
হে আল্লাহ! জান্নাতুল বাকীত থকা লোকসকলক তুমি ক্ষমা কৰি দিয়া।
(এটি দীঘলীয়া হাদিছ সংক্ষেপে উল্লেখ কৰা হৈছে)
(صحیح مسلم -٩٧٤،بیروت،لبنان:دار احیاء التراث العربي)
⊝ কবৰৰ কাষত থাকি মৃত ব্যক্তিজনৰ বাবে দোআ কৰা ছুন্নত,আনকি হাদিছত ইয়াৰ আদেশ আহিছে যথা:
عن عثْمَانَ بن عَفَّانَ قَالَ: كانَ النَّبيُّ ﷺ إِذَا فرَغَ مِن دَفْنِ المَيِّتِ وقَفَ علَيهِ وقال: استَغْفِرُوا لأَخِيكُم، وسَلُوا لَهُ التَّثبيتَ، فإنَّهُ الآنَ يُسأَلُ
হজৰত ওছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে মৃত ব্যক্তিক কবৰস্থ কৰাৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম সেই কবৰত(কিছু সময়)থমকি যায় আৰু কয়: নিজৰ ভাতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু(আল্লাহৰ ওচৰত)তাৰ বাবে (কবৰত সুধিব লগীয়া প্ৰশ্নসমূহৰ সঠিক উত্তৰত)অটলে থকাৰ বাবে দোআ কৰা কাৰণ এতিয়া তাক প্ৰশ্ন কৰা হ'ব।
(ابو داود ،کتاب الجنائز،٣/٢١٥-٣٢٢١)
⊝ ছহীহ মুছলিম শ্বৰীফত আছে,হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত হাদিছ,য'ত এনেদৰে আছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে "মোৰ ওচৰত জিব্ৰাঈল আমিন আহি কৈছে: আপোনাৰ প্ৰতিপালকে আপোনাক জান্নাতুল বাকীত গৈ কবৰবাসীৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰা
আদেশ দিছে।
(صحیح مسلم،کتاب الجنائز،باب ما یقال عند دخول المقابر)
⊝ ঈমাম নবৱী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:নামাজৰ বাহিৰে যিকোনো দোআ হাত উঠাই কৰা মোস্তাহাব।
(شرح المهذب،٣/٤٨٩)
◐ জানাজাৰ নামাজৰ পিছত দোআ কৰা কোনো ধৰণৰ বিদআত বা গুণাহৰ কাম নহয় বৰং মৃত ব্যক্তিৰ হকে এটি পছন্দৰ কাম। মৃত্যুৰ পিছৰ মৃত ব্যক্তিৰ সবাতোকৈ প্ৰয়োজন হয় দোআৰ। হজৰত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: কবৰত মৃত ব্যক্তিৰ উদাহৰণ হৈছে ডুবি থকা আৰু আশাৰে বাট চাই থকা ব্যক্তিজনৰ দৰে যিয়ে নিজৰ পিতৃ-মাতৃ,ভাতৃ অথবা কোনো বন্ধুৰ দোআৰ আশাত থাকে। যেতিয়া কোনো দোআ পায় তেওঁৰ বাবে সেয়া পৃথিৱীৰ সমস্ত বস্তুতকৈ পছন্দনীয় হয়। নিশ্চয় আল্লাহে পৃথিৱীৰ লোকসকলৰ দোআৰ দ্বাৰা কবৰবাসীক পাহাৰৰ সমতুল্য চোৱাব দান কৰে। মৃত ব্যক্তিৰ বাবে জীৱিত ব্যক্তিৰ উত্তম উপহাৰ হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা আৰু ছদকা কৰা।
(مشکٰوۃ المصابیح ،٢/٧٢٨-٢٣٥٥)
◐ সেয়ে মৃত ব্যক্তিৰ বাবে কোনো সময় নিৰ্ধাৰণ নকৰি বেছি বেছিকৈ দোআ কৰা উচিত।
◐ জানাজাৰ নামাজৰ পিছত দোআ কৰিবলৈ চৰীয়তে নিষেধ আৰোপ কৰা নাই বৰং ইতিমধ্যে দোআৰ বৈধতা স্পষ্ট হৈ পৰিছে।
◐ যিসকলৰ মাজত জানাজাৰ নামাজ পঢ়ি দোআ কৰিলে হায়-কাজিয়া সৃষ্টি কৰাৰ মানসিকতা পোৱা যায় তেওঁলোকে এই হাদিছৰ ওপৰত বা চয়ীয়তৰ বিধিৰ ওপৰত চকু দিয়া উচিত।
◐ হয়! যদি কোনোৱে দোআ নকৰে তেন্তে তেওঁক গুণাহগাৰ বোলা নাযাব। তেওঁক বাধ্য কৰা নহ'ব।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
*•┈┅❀শ্বৰীঅতে কি কয় ?❀┅┈•*
ইঞ্জামুল হক।
দৰং,অসম।