ইচলামিক শিক্ষা

ইচলামিক শিক্ষা

Share

Suktara Parbin

03/10/2025

📿 *জুম্মাৰ ৰাতি পঢ়া দুৰূদ।* 📿

❂┅┅┈ ❂┅┅┈ ❂┅┅┈
নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
জুম্মাৰ দিনা মোৰ ওপৰত প্ৰচুৰ পৰিমাণে দুৰূদ পঢ়া,কিয়নো মোৰ উম্মতৰ দুৰূদ প্ৰত্যেক শুকুৰবাৰে মোক অৰ্পণ কৰা হয়। আৰু ইয়াৰ ভিতৰত যিজনে সৰ্বাধিক দুৰূদ পাঠ কৰিব তেওঁ কিয়ামতৰ দিনা মোৰ আটাইতকৈ ওচৰত হ'ব। (তেওঁৰ চুপাৰিছ কৰা হ'ব) (ছুনানুল কুবৰা:৩/৩৫৩,হাদিছ নং:৬৯৯৬,মজমাউয যাৱাইদ:২২৩৫২)।
❂┅┅┈
জুম্মাৰ ৰাতি আৰু জুম্মাৰ দিনত(অৰ্থাৎ বৃহস্পতিবাৰে সূৰ্যাস্তৰ পৰা শুক্ৰবাৰৰ সূৰ্য মাৰ যোৱা পৰ্যন্ত) যিয়ে নিম্নোক্ত দুৰূদটি পঢ়িব তেওঁৰ বাবে আছে সুসংবাদ।

*উক্ত দুৰূদ শ্বৰীফটো* 👇🏻
اَللّٰهُمَّ صَلِّ وَسَلِّمْ وَبَارِكْ عَلٰی سَیِّدِنَا مُحَمَّدِنِ النَّبِیِّ الْاُمِّیِّ الْحَبِیْبِ الْعَالِی الْقَدْرِ الْعَظِیْمِ الْجَاہِ وَعَلٰی اٰلِهٖ وَصَحْبِهِ وَسَلِّمْ.
আল্লাহুম্মা স্বল্লি ৱা ছাল্লিম ৱা বা'ৰিক আলা ছায়্যিদিনা মুহাম্মাদিনিন নাবিইয়্যিল উম্মীইয়্যিল হাবিবিল আলিল কাদ্‌ৰিল আযীমিল জা'হি ৱা আলা' আ'লিহি ৱাছাহ্‌বিহি ৱা ছাল্লিম।
❂┅┅┈
যি ব্যক্তিয়ে এই দুৰূদ শ্বৰীফটো নিয়মিত ভাৱে নিম্নতম এবাৰকৈ পঢ়িব,মৃত্যুৰ সময়ত তেওঁ ৰাছুলুল্লাহ স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জিয়াৰত কৰিব বা দেখা পাব। আৰু কবৰত ৰখাৰ সময়তো দেখা পাব যথাযথ তেওঁ দেখিব যে আল্লাহৰ নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁৰ বৰকতময় হাত দুখনেৰে তাক কবৰত নমাই আছে। (জুম্মাৰ ৰাতি অৰ্থাৎ চলিত ৰাতিটো)। (আফদ্বলুস্বালাতি আলা ছায়্যিদিছ ছাদাত:১৫১)।
❂┅┅┈
সবাতোকৈ উত্তম দুৰূদ শ্বৰীফ হৈছে দুৰূদে ইব্ৰাহিম যিটো নামাজত পঢ়া হয় অৰ্থাৎ আল্লাহুম্মা স্বল্লি আলা মুসাম্মাদিও ৱা আলা আলি মুসাম্মাদিন কামা স্বাল্লাইতা আলা ইব্ৰাহিমা ওৱা আলা আলি ইব্ৰাহিমা ইন্নাকা হামীদুম্মাজীদ। আল্লাহুম্মা বাৰিক আলা মুসাম্মাদিও ৱা আলা আলি মুসাম্মাদিন কামা বা'ৰাকতা আলা ইব্ৰাহিমা ৱা আলা আলি ইব্ৰাহিমা ইন্নাকা হামীদুম্মাজীদ।(তফছিৰে ছিৰাতুল জিনান; ছুৰাতুল আসযাব: আয়াত:৫৬)।
আল্লাহ পাকে আমাক বেছি বেছিকৈ দৰূদ পঢ়াৰ তৌফিক দান কৰক।

*═══════ ❁*

❤🔘❤🔘❤🔘❤
┊  ┊  ┊  ┊
┊  ┊  ┊ ❣
┊  ┊ ❣ 💚
┊ ❣ 💛

03/10/2025

📌 *মুছলিম কোন ?* 📌

• যিয়ে সঁচা অন্তৰেৰে কলিমা পঢ়িব তেওঁ মুছলমান।।
• *"লা ইলাহা ইল্লাল্লাহু মুসাম্মাদুৰ ৰাছূলুল্লাহ* ইয়াৰ অৰ্থ হ'ল আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই। মুসাম্মদ ﷺ আল্লাহৰ ৰছূল"। এইষাৰ বাক্য মনে-প্ৰাণে গ্ৰহণ কৰিব লাগিব। বাস্তৱ জীৱনত ইয়াক কাৰ্যকৰী কৰিব লাগিব।
• নবীজীৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব।
এইয়া হৈছে মূলত মুছলমান হোৱাৰ সূত্ৰ। কিন্তু এয়া বচাই ৰাখিবলৈ হ'লে বহুতো কথা মানি চলাৰ লগতে ইছলামৰ সীমাৰেখা অতিক্ৰম কৰিব নালাগিব।
ইছলাম গ্ৰহণৰ পিছত ইছলামত থাকিবলৈ হ'লে *"লা ইলাহা ইল্লাল্লাহ"* ৰ পৰিপন্থী কামৰ পৰা আতঁৰি থকাটো বাধ্যতামূলক হোৱাৰ লগতে কেৱল আল্লাহৰ সন্মূখতহে শিৰনত হোৱা বা ছাজদাহ কৰা।
*ইছলামৰ পৰিপন্থী কিছু কামঃ*
• শ্বীৰ্ক; আল্লাহৰ লগত আন কাৰোবাক তেওঁ সমতুল্য বুলি ভৱা।‌
• কোনো অলী বা নবীক সৃষ্টিকৰ্তাৰ সন্তান বুলি ভৱা।
• আল্লাহৰ বাহিৰে আন কাৰোবাৰ আগত শিৰনত হোৱা বা ছাজদাহ কৰা বা শ্ৰদ্ধা সহকাৰে আঁঠু কঢ়া।
📌 শিৰনত হোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ প্ৰতি ইছলামে বহু গুৰুত্ব দিছে, এনেকি এজন মুছলমানক ছালাম কৰাৰ সময়ত *মূৰটো হেলনীয়া কৰিবলৈয়ো* বাধা দিয়া হৈছে। শ্ৰদ্ধাত শিৰনত আৰু আঁঠু কঢ়াটো দূৰৰে কথা।
• শিৰনত বা ছাজদাহ একমাত্ৰ আল্লাহৰ বাবেহে অনুমোদিত। আন কাৰো বাবে ইছলামে ছাজদাহ বৈধ কৰা নাই; কোনো নবী বা অলীয়েই নহওঁক কিয়, নিজৰ পিতৃ-মাতৃ বা শিক্ষকেই নহওঁক কিয়।

07/09/2025

Subahanallahi ও
bihamdihi,
Subhanahil ajim,

25/02/2025

কোন নামজে ফরজ আগে পৰতে হয় ,
কে বলতে পাৰ্বেন।

25/02/2025

ৰোজাৰ আৰ কৈয়েক দিন বাকী আপনাৰা মানসিক ভাৱে প্ৰস্তুতি হৈয়ে নেন্

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Website

Address


Rajapukhuri
Mangaldai