Mangaldai College Student Union, 2021-22

Mangaldai College Student Union, 2021-22

Share

Mangaldai college student union, 2021-22

13/07/2024

অহা ইং ১৫ জুলাই, ২০২৪ তাৰিখে, আমাৰ সকলোৰে বহু প্ৰত্যাশিত " মঙলদৈ মহাবিদ্যালয় আলোচনী" ৰ দ্বিপঞ্চাশত্তম সংখ্যা প্ৰকাশৰ দিন ধাৰ্য্য কৰা হৈছে, সেইদিনা আপোনালোকৰ উপস্থিতি তথা সহায় সহযোগিতা সম্পাদনা সমিতি তথা মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২১-২২ ৰ তৰফৰ পৰা কামনা কৰা হ'ল।

ধন্যবাদেৰে

দেৱাশীষ ৰাজকুমাৰ
সম্পাদক
মঙলদৈ মহাবিদ্যালয় আলোচনী
দ্বিপঞ্চাশত্তম সংখ্যা (২০২১-২২ বৰ্ষ)

আৰু মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা -২০২১-২২ বৰ্ষ

Mangaldai College - মঙলদৈ মহাবিদ্যালয় .org
Mangaldai College Student Union, 2021-22

Photos from Mangaldai College Student Union, 2021-22's post 04/11/2022

শাৰীৰিকভাবে সক্ষম মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰি অধ্যয়ন কৰি থকা মঙলদৈৰ গৌৰৱ ৰূপশিখা নাথৰ নাম দিল্লীৰ প্ৰখ্যাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে বাছনি তালিকাত অন্তৰ্ভুক্ত হোৱাত মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষৰ তৰফৰ পৰা যাছিলোঁ তেওঁলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।♥️🌻

Mangaldai College Student Union, 2021-22

01/11/2022

মঙলদৈ মহাবিদ্যালয়ৰ একমাত্ৰ ছাত্ৰী নিবাসটিৰ সন্মুখৰ পথটি পকীকৰণ হোৱা নাছিল।
বাৰিষাৰ লগতে এজাক বৰষুণ দিলেই পানী উঠাৰ লগতে অৱস্থা অতি শোচনীয় হয়।
সেয়েহে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সাধাৰণ সম্পাদক শিখৰ জিৎ বৰা আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক অবিনাশ বৈশ্যই যোৱা ২৯/১০/২০২২ তাৰিখে পথটি পকীকৰণৰ বাবে স্মৰকপত্ৰ প্ৰদানৰ অন্তত দৰং জিলা পৰিষদৰ মাননীয় সভাপতি ধীৰেন্দ্ৰ ডেকা Dhirendra Deka মহোদয়ে পথটি পকীকৰণৰ বাবে অনুমোদন জনোৱাৰ বাবে তেখেতলৈ মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২১-২২ ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।


জয়তু মঙলদৈ মহাবিদ্যালয়।

Mangaldai College - মঙলদৈ মহাবিদ্যালয় .org
Mangaldai College Student Union, 2021-22

24/10/2022

বৰষুণ বতৰ আৰু দীপাৱলি, ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আপোন মহাবিদ্যালয়খনত দুগছি হ'লেও বন্তি প্ৰজ্বলনেৰে বিগত বৰ্ষৰ দৰে এইবেলিও প্ৰয়াস কৰা হয়।
✨✨

Mangaldai College Student Union, 2021-22

22/10/2022

মঙলদৈ মহাবিদ্যালয়ৰ আজি হৈ যোৱা ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত বিজয়ী আটাইকেইজন প্ৰাৰ্থীলৈকে মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২১-২২ ৰ তৰফৰ পৰা যাছিলোঁ আন্তৰিক শুভেচ্ছা আৰু বিজয়ী অভিনন্দন। লগতে সফলতা লাভ নকৰা আন প্ৰাৰ্থীকেইগৰাকীলৈও থাকিল অনাগত দিনৰ বাবে শুভেচ্ছা, এয়া আৰম্ভণি হে, অনাগত দিনত সকলোৱে নি:স্বাৰ্থভাৱে কাম কৰি যাবা আৰু তোমালোকৰ কৰ্মৰ চানেকিৰ দ্বাৰা মঙলদৈ মহাবিদ্যালয়ে আৰু অধিক নতুন মাত্ৰা পাব বুলি আমি মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আশাবাদী।

ধন্যবাদেৰে
মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২১-২২

Photos from Mangaldai College Student Union, 2021-22's post 01/10/2022

ংখ্যক_প্ৰতিষ্ঠা_দিৱস
#মঙলদৈ_মহাবিদ্যালয়🌻


১/ যোৱা ২০/০৯/২০২২ তাৰিখ, মঙলবাৰে মঙলদৈ মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস উপলক্ষে মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰ্ক আৰু বক্তৃতা বিভাগৰ দ্বাৰা সদৌ অসম ভিত্তিত ৩২ সংখ্যক শ্বহীদ সোঁৱৰণী আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সমগ্ৰ বিশ্বজুৰি হোৱা কভিড মহামাৰীৰ বাবে যোৱা দুবছৰ ধৰি বন্ধ হৈ থকা তৰ্ক প্ৰতিযোগিতাখনি এইবেলি সুন্দৰকৈ অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ অধ্যক্ষৰ আসন শুৱনি কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ গৱেষক পণ্ডিত, দৰঙী সন্তান ডঃ নগেন্দ্ৰ নাথ শৰ্মা মহোদয়ে।
প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে মঙলদৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ডঃ পবিত্ৰ কুমাৰ নাথ মহোদয়, শিক্ষাবিদ হেমন্ত হাজৰিকা আৰু মহাবিদ্যালয়ৰেই প্ৰাক্তন ৰাজনীতি বিভাগৰ ছাত্ৰ, প্ৰাক্তন সাহিত্য আৰু আলোচনী সম্পাদক, অসমৰ সুদক্ষ‍ তাৰ্কিক, যুৱ সাংবাদিক প্ৰাঞ্জল প্ৰতিম ডেকা মহোদয়।

তৰ্ক প্ৰতিযোগিতাৰ ফলাফল সমূহ:-
শ্ৰেষ্ঠ দল: IMCMS গুৱাহাটী।
দ্বিতীয় শ্ৰেষ্ঠ দল: কটন বিশ্ববিদ্যালয়।
তৃতীয় শ্ৰেষ্ঠ দল: গুৱাহাটী বিশ্ববিদ্যালয়।

শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে: গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱাৰণ কাশ্যপে।

২/ লগতে আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত হয়।

৩/ ৰাতিপুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে আৰম্ভ হোৱা তৰ্ক প্ৰতিযোগিতা আৰু আজিৰ কাৰ্যসূচী সদৌ শেষত সন্ধিয়া বন্তি প্ৰজ্বলনৰ দ্বাৰা সমাপ্ত কৰা হয়।💛

৪/সমগ্ৰ অনুষ্ঠানটি আঁত ধৰে তথা পৰিচালনা কৰে মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰ্ক আৰু বক্তৃতা বিভাগৰ তত্বাৱধায়িকা ডঃ কুঞ্জলতা বৰুৱা বাইদেউ আৰু বিভাগীয় সম্পাদিকা Early Sarmah ই।

#জয়তু_মঙলদৈ_মহাবিদ্যালয়_ছাত্ৰ_একতা_সভা
#জিন্দাবাদ_মঙলদৈয়ান

Photos from Mangaldai College Student Union, 2021-22's post 01/10/2022

নৱাগত আদৰণি সভা-২০২২

যোৱা ১৬/০৯/২০২২ তাৰিখে মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২১-২২ ৰ উদ্যোগত নৱাগত আদৰণি সভা ২০২২ অনুষ্ঠিত কৰা হয়।


ৰাতিপুৱা অধ্যক্ষ মহোদয়ে কৰা পতাকা উত্তোলনৰ দ্বাৰা আৰম্ভ হোৱা প্ৰথম কাৰ্য্যসূচীৰ পিছত দ্বিতীয় কাৰ্যসূচী শ্বহীদ তৰ্পন কৰে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰী যুত মণিমুগ্ধ বৰঠাকুৰ মহোদয়ে।
ইয়াৰ পিছতেই আৰম্ভ হয় ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ প্ৰীতি সন্মিলন, নৱাগত, নৱাগতাৰ চা-চিনাকি, শ্ৰেষ্ঠ নৱাগত, নৱাগতা বাচনি আৰু গীত, নৃত্যৰ অনুষ্ঠান।
পৰিচালনা কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ৰুপজ্যোতি বৰুৱা, ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ডঃ প্রাণজিৎ কুমাৰ শৰ্মা, প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডঃ সীমাজ্যোতি, আৰু দৰ্শন বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ মঞ্জু কলিতা বাইদেউৱে।


ইয়াৰ পিছতেই চতুৰ্থ কাৰ্য‍্যসূচী হিচাপে নৱাগত আদৰণি সভাৰ মুকলি সভা অনুষ্ঠিত হয়।
মুকলি সভাত সভাপতিত্ত্ব কৰে অধ্যক্ষ ডঃ কমলাকান্ত বৰা মহোদয়ে, সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী যুত প্ৰশান্ত শইকীয়া মহোদয়, IQAC ৰ Coordinator ডঃ সন্তোষ বৰকটকী, IQAC ৰ প্ৰাক্তন Coordinator শ্ৰী পৰেশ শৰ্মা মহোদয়, আৰু ছাত্ৰ একতা সভাৰ তত্বাৱধায়ক মেজৰ হৰিমন ডেকা মহোদয়।
ইয়াৰ লগতেই কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান আৰু বঁটা প্ৰদান কাৰ্য্যসূচী চলাই নিয়ে IQAC Coordinator সন্তোষ বৰকটকী মহোদয়ে।


নৱাগত আদৰণি সভাৰ শেষত সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি গীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই।


নৱাগত আদৰণি সভা-২০২২ ত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ নৱাগত হিচাপে বিবেচিত হয় প্ৰথম ষাণ্মাসিকৰ দৰ্শন বিভাগৰ বিপ্লৱ চহৰীয়া আৰু শ্ৰেষ্ঠ নৱাগতা হিচাপে বিবেচিত হয় অসমীয়া বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ৰুনা বৰা।
লগতে উদ্গনিমুলক বঁটা লাভ কৰে নৱাগত প্ৰথম ষাণ্মাসিকৰ শিক্ষা বিভাগৰ পাৰ্থ প্ৰতিম শৰ্মা আৰু অসমীয়া বিভাগৰ নৱাগতা প্ৰথম ষাণ্মাসিকৰ নিশিতা চহৰীয়াই।


শেষত সন্ধিয়া মহাবিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলনৰ দ্বাৰা কাৰ্য্যসূচী সমাপন কৰা হয়।🌻


সমগ্ৰ অনুষ্ঠানটি আঁত ধৰে ছাত্ৰ একতা সভাৰ "সাহিত্য আৰু আলোচনী বিভাগ" ৰ সম্পাদক দেৱাশীষ ৰাজকুমাৰে।

Photos from Mangaldai College Student Union, 2021-22's post 30/09/2022

#অৱসৰী_বিদায়_সম্বৰ্ধনা

মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা (২০২১-২২) ৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগ আৰু আৰবী বিভাগৰ সন্মানীয় শিক্ষাগুৰু ক্ৰমে শ্ৰী মণিমুগ্ধ বৰঠাকুৰ মহোদয় আৰু ম: আছিৰ উদ্দিন মহোদয়ৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

ছাত্ৰ একতা সভাৰ পৰিয়ালবৰ্গৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰে সাধাৰণ সম্পাদক শিখৰজিৎ বৰা Sikhar Jit Bora ই।

আজি অৱসৰৰ দিনটিত এই ছেগতে দুয়োগৰাকী মহান শিক্ষাগুৰুলৈ আমি ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অৱসৰী শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো যাতে অনাগত দিনত কিছু নতুন উদ্যমৰে নতুন চিন্তাধাৰাৰে আৰু অধিক কাম কৰি যাব পাৰে।

জয়তু মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা (২০২১-২২)

27/09/2022

গুৱাহাটী বিশ্ববিদ্যালয় পূব মাণ্ডলিক যুৱ মহোৎসৱ বিশেষ ২০২১-২২ :

সাফল্যৰ এমুঠি হাঁহি।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূব মাণ্ডলিক যুৱ মহোৎসৱৰ শোণিতপুৰৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা থিতাতে লিখা স্ব ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰি সোণৰ পদকৰে মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক Debasish Rajkumar দেৱাশীষ ৰাজকুমাৰে।
তেওঁলৈ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা যাছিলোঁ আন্তৰিক শুভেচ্ছা ও অভিনন্দন।🎉

25/09/2022

গুৱাহাটী বিশ্ববিদ্যালয় পূব মাণ্ডলিক যুৱ মহোৎসৱ ২০২১-২২

যুৱ মহোৎসৱৰ সফলতাৰ এনাজৰী♥️

মঙলদৈ মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰী দলৰ সফলতা

স্থান: ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়, জামুগুৰিহাট, শোণিতপুৰ (অসম)।
তাৰিখ: ২১,২২ আৰু ২৩ ছেপ্টেম্বৰ।

১/🥇: থিতাতে লিখা/স্ব-ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা: প্ৰথম স্থান- দেৱাশীষ ৰাজকুমাৰ Debasish Rajkumar

২/ 🥇: একাংকিকা নাট: প্ৰথম স্থান

৩/🥇: পাশ্চাত্য সংগীত: প্ৰথম স্থান- ড্ৰিমলী কাশ্যপ Dreamly Kashyap

৪/🥈: মুকাভিনয়: দ্বিতীয় স্থান

মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অতি কম সময়ৰ ভিতৰতেই সুচাৰুৰপে সকলোধৰণৰ আখৰা সমাপন কৰি পূব মণ্ডলত মুঠ ৫ খন জিলাৰ ৪০ তকৈও অধিক মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ পিছতো সফলতা অর্জন কৰি মহাবিদ্যালয়লৈ তিনিটা সোন আৰু এটা ৰূপৰ পদকৰে মুঠ চাৰিটাকৈ পদকৰে গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকললৈ থাকিল আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল যুৱ মহোৎসৱৰ বাবে আগতীয়াকৈ শুভকামনা।

25/09/2022

আন্তৰিক অভিনন্দন আটাইলৈকে।♥️



গুৱাহাটী বিশ্ববিদ্যালয় পূব মাণ্ডলিক যুৱ মহোৎসৱ ২০২১-২২ বিশেষ:

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়
জামুগুৰিহাট, শোণিতপুৰ (অসম)
২১, ২২, ২৩ ছেপ্টেম্বৰ, ২০২২ ।

19/09/2022

প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছাৰে--

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Mangaldai