06/06/2026
বিশ্ব পৰিৱেশ দিৱস( ৫ জুন,২০২৬) উপলক্ষে শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ - ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ দ্বাৰা সামূহিক চাফাই, গছপুলি ৰোপণ, শপত গ্ৰহণ, প্ৰকৃতি সুৰক্ষা সম্পৰ্কীয় শোভাযাত্ৰা আৰু সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
23/05/2026
আজি ইংৰাজী ২৩/০৫/২০২৬ তাৰিখে শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় 'শিক্ষক-কৰ্মচাৰী গোট' ৰ উদ্যোগত বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক কৰ্মচাৰী শ্ৰদ্ধাৰ শ্ৰীযুত দেৱকান্ত শইকীয়া দেৱৰ আনুষ্ঠানিক "বিদায় সম্বৰ্ধনা সভা"অনুষ্ঠিত হয় । লগতে ২০২৫-২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ কৃতী ছাত্ৰ-ছাত্ৰীৰ "বিশেষ অভিনন্দন অনুষ্ঠান" অনুষ্ঠিত হয় ।
16/05/2026
বহুদিনৰ মূৰত আমাৰ বনমালী পৰিয়ালটি এক লগ হলোঁ।😍😍 সকলোৰে মঙ্গল কামনা কৰিলোঁ। ধন্যবাদ দেৱ কান্ত শইকীয়া( নীল) ডাঙৰীয়া 🙏🙏। আপোনাৰ বাবেই আজি আকৌ সকলো এক লগ হোৱাৰ সৌভাগ্য ।
02/05/2026
২০২৬ বৰ্ষত আমাৰ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকল । অভিনন্দন 🌺🌺🌺 Rajat Saikia Raju Borah Diganta Saikia Tapan Das Jini Chutia Kalpana Saikia Kalpana Saikiz প্ৰাঞ্জল মাজুলী শইকীয়া Usharani Pamegam
30/04/2026
আমাৰ বিদ্যালয়ৰ এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল তলত দিয়া ধৰণৰ :
মুঠ পৰীক্ষাৰ্থী = ৬৬ জন
প্ৰথম বিভাগ = ২৬ জন ( ৩ গৰাকী ষ্টাৰ)
দ্বিতীয় বিভাগ = ১৮ জন
তৃতীয় বিভাগ =১৪ জন
উত্তীর্ণহাৰ= ৮৭.৮৭%
লেটাৰ পোৱা বিষয় সমূহ
১) সমাজতত্ত্ব ১৪ গৰাকী
২) অসমীয়া ১৩ গৰাকী
৩) বুৰঞ্জী ৫ গৰাকী
৪) ইংৰাজী ১ গৰাকী
৫) ঐচ্ছিক অসমীয়া ১ গৰাকী