মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, School, Kamalabari, Majuli.

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 15/08/2025

২০২৫ বৰ্ষৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সঙ্গতি ৰাখি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত কৰা পোষ্টাৰ অংকণ আৰু ৰচনা প্ৰতিযোগিতাত মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ
কিশোৰ বৰা আৰু দশম শ্ৰেণীৰ ছাত্ৰী নীহাৰিকা দেবনাথে মাজুলী জিলাৰ ভিতৰত প্ৰথম স্থান পাই বিদ্যালয়খনক গৌৰৱান্বিত কৰিলে ৷ আজি স্বাধীনতা দিৱসৰ দিনা
দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গড়মূৰ কাছাৰী ময়দানত পুৰস্কাৰ গ্ৰহণ কৰে ৷ দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী কে অভিনন্দন জনালোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ ৷

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 12/08/2025

প্ৰতিষ্ঠাৰ শতবৰ্ষ অতিক্ৰম কৰা মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৫ বৰ্ষৰ নবাগত আদৰণী সভা আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা বিদ্যালয়ৰ এসময়ৰ গৃহদাতা শ্ৰীশ্ৰী আউনীআটীয় সত্ৰাধিকাৰ প্ৰয়াত হেমচন্দ্ৰ দেৱগোস্বামী , প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কেশৱ ৰাম বৰা দেৱ আৰু প্ৰাক্তন প্ৰধান শিক্ষক কৃষ্ণকান্ত গোস্বামীৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ৯ বজাত বিদ্যালয়ৰ মূল প্ৰৱেশ তোৰণৰ পৰা গায়ন বায়নেৰ নৱাগত সকলক আদৰি অনা হয়। ইয়াৰ পাছতেই কমলাবাৰীৰ পৰিবেশকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক অতুল হাজৰিকা দ্বাৰা গছপুলি ৰোপণ কাৰ্য্যসূচী সম্পন্ন কৰা হয়।
মাজুলী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰাঞ্জল শইকীয়াই ছহিদ তৰ্পণ কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা আৰম্ভ গীতেৰে ১০ বজাৰ পৰা বিদ্যালয়ৰ অধ্যক্ষ জগত জ্যোতি সাতোলাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আনন্দ হাজৰিকাই । ছাত্ৰ একতা সভাৰ হৈ আদৰণি অভিভাষণ পাঠ কৰে সাধাৰণ সম্পাদক দিব্যজ্যোতি শইকীয়াই।শসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাজুলী জিলাৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে শিক্ষাৰ্থীসকলক বিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্ব দিবলৈ শিক্ষাগুৰুসকলক আহ্বান জনায়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জেংৰাইমুখ মহাবিদ্যালয়ৰ অবসৰ প্ৰাপ্ত অধ্যাপক সু-লেখক সুৰেন্দ্ৰ নাথ মুদৈ আৰু বিদ্যালয় পৰিচালনাআৰু উন্নয়ন সমিতিৰ সভাপতি অমৃতেশ্বৰ চুতীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভা খনৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক অক্ষজিত নাথে।
বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী বৰ্ণালী বৰাৰ তত্ত্বাৱধানত ন পুৰণি ছাত্ৰ ছাত্ৰী সকলে নৃত্য-গীত প্ৰদৰ্শন কৰে।

11/04/2025

H.S.L.C.RESULTS 2025

Majuli Auniati Hemchandra H.S.S.

Distinction: 05
Star: 05
First Division: 27
Second Division: 43
Third Division: 03
Percentage::82.02

Letter Marks
Assamese:15
English: 6
General Maths::7
General Science:11
Social science:5
Ad.Maths;2
Hindi;1
I.T. :7
Tourism;14
Total Letter Marks::68

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 23/11/2024

আজি ইংৰাজী 23/11/24তাৰিখে মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে বিদ্যালয়ৰ
প্ৰাক্তন অধ্যক্ষ ,ৰাজ্যিক কৃতী শিক্ষক ,২০২২ চনত সংগীত নাটক অকাডেমীৰ অঙ্কীয়া ভাওঁনা বিষয়ত বঁটা প্ৰাপক আৰু ২০২৪ চনৰ ৮ নৱেম্বৰত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ দ্বাৰা ডক্টৰেট ডিগ্ৰী লাভ কৰোঁতা শ্ৰদ্ধাৰ কৰুণা বৰা চাৰ ক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে ২০২৩ বৰ্ষত সংগীত নাটক অকাডেমীৰ নৃত্য বিষয়ত বঁটা লাভ কৰা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ ভৱেন বৰবায়নকো সম্বৰ্ধনা জনোৱা হয় ৷

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 07/09/2024

আজি ইং7/9/2024তাৰিখে মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ নবাগত আদৰণী সভা অনুষ্ঠিত হয়। দিনজোৰা কাৰ্য্যসূচীৰে পুৱা 8বজাত মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী যুত নৰেন চন্দ্ৰ ঠাকুৰীয়াৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বিদ্যালয়ৰ মূলগেটৰ পৰা গায়ন বায়নৰে নবাগত সকলক আদৰি অনা হয়। মাজুলী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰী যুত পৱিত্ৰ গোস্বামী ৰ দ্বাৰা ছহিদ তৰ্পণ কাৰ্যসূচীৰ পাছতেই 10বজাৰ পৰা বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী যুত জগত জ্যোতি সাতোলাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে সোণোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী যুত মনোজ কুমাৰ নাথে। ছাত্ৰ একতা সভাৰ হৈ আদৰণি অভিভাষন পাঠ কৰে দিব্যজ্যোতি শইকীয়াই।। জেংৰাই মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক দেৱজিৎ শইকীয়া নিদিষ্ট বক্তাৰ আসনৰ পৰা ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে। ইয়াৰ পৰি বিশিষ্ট অতিথি হিচাপে পৰিচালনা সভাৰ সভাপতি শ্ৰী যুত অমিতেশ্বৰ চুতীয়া আৰু সাংবাদিক শ্ৰী যুত দিপু বৰাই সাৰুৱা বক্তব্য প্ৰদান কৰে। শ্ৰী যুত ডিম্বেশ্বৰ ভূঞা দেৱে আঁত ধৰা সভাখনিৰ অন্তত দুপৰীয়া 1বজাৰ পৰা বিদ্যালয সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ঘোষক ঘোষিকা হিচাপে বিদ্যালয়ৰ শিক্ষাৰ্থী শ্ৰী দিব্যজ্যোতি শইকীয়া আৰু অৰ্চিতা হাজৰিকাই কাৰ্যক্ৰমনিকা পৰিচালনা কৰা অনুষ্ঠানতিত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰী যুতা বৰ্ণালী বৰা ভূঞা আৰুশ্ৰী যুতা মণীষা ভূঞাৰ তত্তাবাধনত ন পুৰণি ছাত্ৰ ছাত্ৰী সকলে নাচ গান প্ৰদৰ্শন কৰে।
সদৌ শেষত সকলোৰে সহায় সহযোগিতাত সুন্দৰ ভাৱে অনুস্থিত হৈ যোৱাতবিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏।

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 20/08/2024

সংস্কৃত দিৱস পালন

১৯ আগষ্ট ২০২৪, সোমবাৰৰ দিনা মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংস্কৃত( নৱম দশম শ্ৰেণীৰঐচ্ছিক বিষয়) ৰ ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ৰ শিক্ষয়িত্ৰী মনীষা ভূঞাৰ তত্ত্বাৱধানত বিশ্ব সংস্কৃত দিৱস পালন কৰে। সভা খনিত এগছি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিদ্যালয়ৰ উপাধ্যক্ষ শ্ৰী ভৰত শইকীয়া দেৱে। বিদ্যালয়ৰ ছাত্ৰী অৰ্চিতা হাজৰিকাই আঁ‌ত ধৰা অনুষ্ঠানটিত দ্বীপবন্দনা, সৰস্বতী বন্দনা, ধ্যেয় মন্ত্ৰ, নীতি শ্লোক, সংস্কৃত গীত আদি পৰিৱেশন কৰা হয় আৰু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী বৰ্ণালী বৰা ভূঞা বাইদেউৱে। গোটেই অনুষ্ঠানটিৰ মূখ্য আকৰ্ষণ আছিল সংস্কৃত ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ বিদ্যালয় সমূহৰ কাৰ্যপ্ৰমূখ অনিৰ্বাণ শৰ্মা পৰাশৰ মহোদয়। তেখেতৰ সাৱলীল বক্তৃতাই ছাত্ৰ ছাত্ৰী সকলক সংস্কৃত ভাষাৰ প্ৰতি আগ্ৰহী কৰি তোলে। শেষত কল্যাণ মন্ত্ৰেৰে সভাৰ সামৰণি পৰে।

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 15/08/2024

Happy Independence Day 2024!
🙏🇮🇳

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 21/06/2024

বিদ্যালয়ত যোগ দিৱস পালন

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 19/06/2024

শিক্ষাবিদ চন্দ্ৰধৰ বৰুৱা শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান
18/06/2024

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 15/06/2024

আজি ইংৰাজী ১৪-৬-২০২৪ তাৰিখ শুক্ৰবাৰে
মাজুলীৰ ঐতিহ্যমণ্ডিত মাজুলী আউনীআটী হেমচন্দ্ৰ
উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ
সহকাৰী বিজ্ঞান শিক্ষক নাৰায়ণ বৰাৰ অৱসৰকালীন বিদায়সভাখন অনুষ্ঠিত হৈ যায় ৷ সভাৰ প্ৰাক্ মহূৰ্তত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে খোল- তাল আৰু মিছিং বিহু নৃত্যেৰে বিদায়ী শিক্ষকগৰাকীক মূল তোৰণৰ পৰা সভা অনুষ্ঠিত হোৱা মাজুলী মিলন সংঘলৈ আগবঢ়াই আনে ৷ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অমৃতেশ্বৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় ৷ বিদ্যালয়ৰ উপাধ্যক্ষ ভৰত শইকীয়াই আঁত ধৰা সভাখনত মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড°আনন্দ হাজৰিকা , বৰ্তমানৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া , প্ৰাক্তন শিক্ষক নৰনাথ হাজৰিকা , বিদ্যালয়খনৰ অধ্যক্ষ জগতজ্যোতি সাতোলা , শিক্ষক ডিম্বেশ্বৰ ভূঞা,ভৰত শইকীয়া ,শিক্ষয়িত্ৰী মামু দেৱী , বিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু বিদায়ী শিক্ষক নাৰায়ণ বৰাই বক্তব্য আগবঢ়ায় ৷ সভাত ছাত্ৰ-ছাত্ৰীৰ উপৰিও বিদ্যালয়ৰ শিক্ষকবৃন্দ আৰু স্থানীয় ব্যক্তিয়ে বিদায়ী শিক্ষকগৰাকীক অনেক উপহাৰেৰে সম্বৰ্ধনা জনায় ৷ অমৃতেশ্বৰ চুতীয়া , ড° দেৱজিৎ শইকীয়া ,জগতজ্যোতি সাতোলা আৰু বিদায়ী শিক্ষকগৰাকীৰ সহধৰ্মিণী মনীষা গোস্বামী বৰাক আদৰণি জনোৱা সভখনিত
শিক্ষয়িত্ৰী বৰ্ণালী বৰা ভূঞা আৰু মনীষা ভূঞাৰ তত্ত্বাৱধানত বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে গুৰু বন্দনা আৰু সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰে ৷

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 14/05/2024

অভিনন্দন
১৪/০৫/২০২৪
।মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৪ ত ষ্টাৰ মাৰ্ক /প্ৰথম বিভাগত সফলতাৰে উৰ্ত্তীণ হৈ বিদ্যালয়লৈ সুনাম কঢিয়াই অনা ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰী মতী মামু দেৱী এ তেখেতৰ শিক্ষা বিষয়ত লেটাৰ,,( ৮০%) নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীকেইগৰাকীক দেউতাকৰ স্মৃতিত দ্বিতীয় বাৰৰ বাবে সুৰেন্দ্ৰ নাথ শৰ্মা স্মাৰক বঁটা প্ৰদান কৰে।
প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীকে বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী যুত জগত জ্যোতি সাতোলা ডাঙৰীয়া আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভপতি শ্ৰী যুত অমৃতেশ্বৰ চুতীয়া দেৱে আশীষ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ উজ্জল ভবিষ্যত কামনা কৰে আৰু বিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলকো অনাগত দিনত বিদ্যালয়লৈ সুনাম কঢিয়াই আনিবৰ বাবে অনুপ্ৰেৰণা যোগায়।
বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী সকলকৰ উজ্জল ভবিষ্যত কামনা কৰা হল।

Photos from মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়'s post 09/05/2024

Congratulations Juman, Piku & Niharika, our stars of the day. You made Majuli Auniati Hemchandra HS School proud by securing star marks in the H.S. Exam, 2024.

Want your school to be the top-listed School/college in Majuli?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Kamalabari
Majuli
785106