47 নং চুমৈমাৰী প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Majuli-Bongaon
  • 47 নং চুমৈমাৰী প্ৰাথমিক বিদ্যালয়

47 নং চুমৈমাৰী প্ৰাথমিক বিদ্যালয় ✍️স্থাপিতঃ- 1939
মণ্ডলঃ(Cluster)- পতিয়া
খণ্ডঃ(Block)- মাজুলী
DISE:-18310401801

অন্ন, বস্ত্ৰ আৰু বাসস্থান - এই তিনিটা মানুহৰ মৌলিক প্ৰয়োজন। এই তিনিটাৰ অবিহনে জীৱশ্ৰেষ্ঠ মানুহৰ সভ্য সমাজত জীয়াই থকাটো ...
08/01/2026

অন্ন, বস্ত্ৰ আৰু বাসস্থান - এই তিনিটা মানুহৰ মৌলিক প্ৰয়োজন। এই তিনিটাৰ অবিহনে জীৱশ্ৰেষ্ঠ মানুহৰ সভ্য সমাজত জীয়াই থকাটো কষ্টকৰ। অন্য একো নাথাকিলেও এই তিনিটা থকাটো অত্যাৱশ্যক।
বৰ্তমান যিহে ঠাণ্ডা পৰিছে কেইবাখনো কাপোৰ জপতিয়াই পিন্ধিলেও আমাৰ শৰীৰৰ সাধাৰণ উঞ্চতা অনুভৱ নকৰো। কিন্তু এই একে সময়তেই আমাৰ বিদ্যালয়ত তিনিপ্ৰকাৰৰ ছাত্ৰ ছাত্ৰী দেখা পোৱা যায়। (বস্ত্ৰ পৰিধানৰ ক্ষেত্ৰত)
1) গৰম কাপোৰ আছে আৰু বিদ্যালয়লৈ সুন্দৰকৈ পিন্ধি আহে।
2) গৰম কাপোৰ আছে কিন্তু পিন্ধি নাহে।
3) গৰম কাপোৰ নাই আৰু ঘৰতো বিশেষ যতন নলয়।
1 নংত উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ক'বলগীয়া বাৰু বিশেষ নাই। 2 নংত উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কথাই বেলেগ। একেবাৰে চিনেমাৰ নায়কহে। সুধিলে কয়,"ফায়াৰ হয় ছাৰ ঠাণ্ডা নালাগে"। কওঁতে কয় কিন্তু ঠাণ্ডা অনুভৱ কৰি কেতিয়া বাহিৰলৈ সোনকালে ওলাই যাব পাৰি তাৰ চিন্তা কৰি থাকে। ইয়াৰ অৰ্থ হ'ল শ্ৰেণীকোঠাত মনোযোগেৰে পাঠগ্ৰহণ নকৰে। শিক্ষক হিচাপে ইয়াৰ উমান পাই সেইসকল ছাত্ৰ ছাত্ৰীক গৰম কাপোৰ পিন্ধি আহিবলৈ বাৰে বাৰে বুজাই দিয়া হয়। আৰু সেইমতে পিন্ধিও আহে।
কিন্তু 3 নংত উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অলপ বেলেগ। বিদ্যালয়লৈ ঐক্যসাজ (uniform) যোগান ধৰে কিন্তু তাত গৰম কাপোৰ যেনে চুৱেটাৰ আদি অন্তৰ্ভুক্ত নহয়। নহলে কব পাৰো যে চুৱেটাৰ দিয়াৰ পিছতো কিয় পিন্ধি অহা নাই। কিন্তু কব নোৱাৰি। সিফালে সেইসকল ছাত্ৰ ছাত্ৰীক ঘৰতো বিশেষ যতন নলয় যেনহে লাগে। নহ'লেনো এই শৰীৰ কঁপোৱা প্ৰচণ্ড শীততো নিজৰ সন্তানক এটা চাৰ্ট, এটা হাফপেন্ট আৰু খালী ভৰিৰে পঠিয়াব পাৰেনে? হয়, প্ৰায় সংখ্যক অভিভাৱকেই আৰ্থিক ভাৱে দুৰ্বল তথাপিও তেওঁলোকে ইচ্ছা কৰিলে অতি যতনেৰে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াব পাৰে। মন কৰিলেই চন কিন্তু মনেই নকৰে যেন অনুভৱ। ইয়াৰে কিছু অভিভাৱক আছে যি তেওঁলোকৰ ল'ৰালি কালৰ লগত তুলনা কৰে। হেনো কাপোৰ নিপিন্ধাকেই ইমান ডাঙৰ হ'ল একোৱেই নহ'ল।
বাৰু যি কি নহওঁক আচল কথাটো ক'বলৈ গৈ বহুত কথাই লিখিলো। 3 নংত উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কথা আমাৰ বিদ্যালয়ৰ সহকৰ্মী শিক্ষক সকলৰ লগত আলোচনা কৰা হয়। সেইমৰ্মে প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ আৰ্থিকভাৱে দুৰ্বল এই সকল ছাত্ৰ-ছাত্ৰীক প্ৰথম পৰ্যায়ত বিদ্যালয়ৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে ব্যৱহাৰৰ উপযোগী গৰম কাপোৰ প্ৰদান কৰা হয় ৷ এই পদক্ষেপত সক্ৰীয়ভাৱে পৰামৰ্শ আগবঢ়োৱা সমূহ শিক্ষাগুৰু বিশেষকৈ বিদ্যালয়ৰ সহকাৰী শিক্ষক সমীৰণ দত্তলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
ইয়াৰ জৰিয়তেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ বিনম্ৰ অনুৰোধ যাতে এই প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ ঐক্যসাজত চুৱেটাৰ অন্তৰ্ভুক্ত কৰে। 🙏
CMO Assam Himanta Biswa Sarma

23/10/2025

নৱোদয় বাচনি পৰীক্ষা 2026 ৰ বাবে page টো Like and Follow আৰু Edmath YouTube channel Subscribe কৰিব।

22/06/2025

One day health camp at our school on 22/06/2025 organized by Assam Institute of Research for Tribals and scheduled castes,Guwahati-22 sponsored by Ministry of tribal affairs, govt of India


Copyright reserved for owner of the music used in this video.

একেৰাহে তৃতীয় বাৰৰ কাৰণে আমাৰ বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিছে। বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু, পৰিচালনা সমিতি, মাতৃগোট, অভিভা...
27/03/2025

একেৰাহে তৃতীয় বাৰৰ কাৰণে আমাৰ বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিছে। বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু, পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক তথা শুভাকাংক্ষীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।🙏

Happy Independence Day🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳  আজি ভাৰতবৰ্ষৰ ৭৮ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মাজুলী শিক্ষাখণ্ডৰ পতিয়া মণ...
15/08/2024

Happy Independence Day🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳


আজি ভাৰতবৰ্ষৰ ৭৮ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মাজুলী শিক্ষাখণ্ডৰ পতিয়া মণ্ডলৰ অন্তৰ্গত ৪৭ নং চুমৈমাৰী প্ৰাথমিক বিদ্যালয়তো ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ৷ বিদ্যালয় খনৰ সমুহ শিক্ষক- শিক্ষয়িত্ৰী , ছাত্ৰ ছাত্ৰীৰ লগতে মাতৃগোটৰ সদস্য , বিদ্যালয় পৰিচালনা সমিতি ৰ সদস্য সকলৰ উপস্থিতিত , গাঁওখনৰ জেষ্ঠ তথা গণ্যমান্য ব্যক্তি শ্ৰীযুত কৰ্ণেশ্বৰ কুটুমদেৱে পতাকা উত্তোলন কৰে। উক্ত সময়ছোৱাত কৰ্ণেশ্বৰ কুটুম দেৱে উপস্থিত সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ৷ লগতে বিদ্যালয়ৰ সহ: শিক্ষক প্ৰভাত দলে ছাৰে ছাত্ৰ - ছাত্ৰী সকলক উদ্দেশ্যি নিজৰ বক্তব্য ৰাখে ৷ বক্তব্যৰ সময়ছোৱাত তেখেতে ছাত্ৰ-ছাত্ৰী সকলক ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসৰ লগতে স্বাধীনতাৰ অৰ্থ সম্পৰ্কে বহলাই কয় ৷

Address

Chumoimari
Majuli-Bongaon
785106

Website

Alerts

Be the first to know and let us send you an email when 47 নং চুমৈমাৰী প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share