24/08/2026
লখিমপুৰ নকাৰীৰ ৱাৰ্ড নং 3A ভটৌচুকৰ নিবাসী প্ৰয়াত চেয়াৰমেন দেউৰী আৰু শ্ৰীমতী লাহেশ্বৰী দেউৰীৰ কনিষ্ঠ পুত্ৰ শ্ৰী লক্ষী দেউৰীৰ জেষ্ঠ পুত্ৰ ঈশান দেউৰী (বয়স ২৪ বছৰ)ৰ আজি লখিমপুৰ বাইপাছত মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা এই হৃদয়বিদাৰক ঘটনাত আমি সদৌ দেউৰী ছাত্ৰ সন্থাই অতিকৈ মৰ্মাহত ও শোক প্ৰকাশ কৰিছোঁ।
তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ কামনা কৰি শোকত ম্ৰিয়মাণ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
লগতে আৰক্ষী প্ৰশাসনক এই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনাইছোঁ।
||🪔ঔঁ শান্তি🪔||