05/06/2025
অসম কৃষি বিশ্ববিদ্যালয়ৰ সর্বভাৰতীয় সমন্বিত বীজ (শস্য) গৱেষণা প্ৰকল্পৰ উদ্যোগত আৰু বিকশিত কৃষি সংকল্প অভিযান – ২০২৫ ৰ অধীনত ৩ জুন , ২০২৫ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয় - মাণ্ডলিক গৱেষণা কেন্দ্র, গোসাঁইগাঁৱত ৮০ জন জনজাতীয় কৃষকক সামৰি জনজাতীয় উপআঁচনি (Tribal Sub Plan)ৰ অধীনত এখনি বীজ উৎপাদকৰ মিলন - ২০২৫ (Seed Growers Meet – 2025)" অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গোসাঁইগাঁৱৰ মহকুমাধিপতি (অসামৰিক) শ্রী মৃদুল শিৱহাৰে (আই. এ. এস.) ডাঙৰীয়া উক্ত অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে। অসম কৃষি বিশ্ববিদ্যালয় - মাণ্ডলিক গৱেষণা কেন্দ্র, গোসাঁইগাঁৱৰ মূখ্য বিজ্ঞানী ডº সুনীল কুমাৰ পাল দেৱৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বীজ (শস্য) গৱেষণা প্ৰকল্পৰ ন'ডেল বিষয়া তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী গৱেষণা সঞ্চালক ডº মৃনাল শইকীয়াই বীজ মেলাখনৰ প্রয়োজনীয়তা আৰু বীজ বিষয়ক বিভিন্ন দিশ সামৰি খেতিয়ক সকলৰ সৈতে মত-বিনিময় কৰে। অনুষ্ঠানটিত কৃষক ৰাইজক সম্বোধন কৰি উপস্থিত থাকে শ্রী ফণীধৰ ব্রহ্ম, (কৃষি সঞ্চালক, বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ), শ্ৰী দিগন্ত থাপা (অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া, কোকৰাঝাৰ), শ্রী সোমেশ্বৰ প্রসাদ বর্মা (জিলা কৃষি বিষয়া, কোকৰাঝাৰ), শ্ৰী প্ৰমোদ কুমাৰ ঠাকুৰ (মূখ্য জিলা পৰিচালক, ইউক’ বেংক) আৰু শ্ৰীমতী জুলিমা বেগম (অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ সংস্থা)। উক্ত অনুষ্ঠানত জিলা উন্নয়ন পৰিচালক (নাবাৰ্ড, কোকৰাঝাৰ) শ্ৰী কুন্তল পুৰকায়স্থদেৱে বীজ মেলাৰ প্রদর্শনীস্থলী উন্মোচণ কৰে। প্রদর্শনীস্থলীত অসম কৃষি বিশ্ববিদ্যালয় - মাণ্ডলিক গৱেষণা কেন্দ্র (গোসাঁইগাঁও), কৃষি বিজ্ঞান কেন্দ্র (কোকৰাঝাৰ), গ্রীণ হার্ভেষ্ট বায়টেক প্রাইভেট লিমিটেড (গুৱাহাটী), আৰাধ্যা নাৰ্চাৰী (গোসাঁইগাঁও), প্ৰাকৃতিক কৃষি গোট (কোকৰাঝাৰ), গুৰুফেলা এগ্র' প্রডিউচাৰ কোম্পানী লিমিটেড (কোকৰাঝাৰ), সর্বভাৰতীয় সমন্বিত বীজ (শস্য) গৱেষণা প্ৰকল্প (যোৰহাট) আৰু মা নাৰ্চাৰী (কুসুমবিল)য়ে অংশগ্রহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ বিজ্ঞানী ডº ভাৰত চন্দ্র নাথৰ তত্বাৱধানত এই অনুষ্ঠানতে অসম কৃষি বিশ্ববিদ্যালয় - মাণ্ডলিক গৱেষণা কেন্দ্র, গোসাঁইগাঁৱৰ বিজ্ঞানীদ্বয় ক্ৰমে ডº বিনোদ উপাধ্যায় আৰু ডº চয়নিকা লহকৰৰ উপস্থিতিত বীজ প্ৰকল্পটোৰ অধীনত ধান, মাটিমাহ আৰু মগুমাহৰ বীজ, কাজিনেমু আৰু জালুকৰ পুলি, লগতে জৈৱ কীটনাশক, জৈৱ অনুসাৰ আৰু কৃষি সজুলি যেনে জবকা আদি কৃষি সামগ্রী সৰ্বমুঠ ৮০ গৰাকী কৃষকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হয়।