13/08/2026
স্বৰ্গীয় বুদ্ধ চন্দ্ৰ ৰায় ডাঙৰীয়াৰ আকস্মিক প্ৰয়াণৰ খবৰে সঁচাকৈয়ে অন্তৰক গভীৰভাৱে শোকাহত কৰি তুলিছে। ঢোলমাৰা আঞ্চলিক আক্ৰাছুৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি হিচাপে সমাজ আৰু সংগঠনৰ প্ৰতি থকা তেখেতৰ অৱদান, আৰু চক-চকা A টিমৰ এগৰাকী পাকৈত ফুটবল খেলুৱৈ হিচাপে ক্ৰীড়া জগতলৈ তেখেতৰ অৰিহণা সদায় স্মৰণীয় হৈ ৰ'ব।
তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই অপূৰণীয় ক্ষতিৰ সময়ছোৱাত তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলক এই গভীৰ শোক সহ্য কৰিবলৈ অপাৰ শক্তি দিয়ে।
ওঁম শান্তি!