27/06/2022
ব্ৰিলিয়েন্ট ৰ ছবছৰীয়া যাত্ৰা ।
এটি মহৎ উদ্দেশ্য আগত ৰাখি আৰম্ভণি কৰা কলেজখনৰ ৰিজাল্টে আজি সচাকৈয়ে অঞ্চলটোৰ সকলোকে মোহিত কৰিছে । টংলা, খৈৰাবাৰী, ভেৰগাওঁ -এই বৃহৎ অঞ্চলটোৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ব্ৰিলিয়েন্ট ৰ সমূহ পৰিয়াল আজি গৌৰাবান্বিত আৰু আনন্দিত ।
উত্তীৰ্ণ হোৱা সকলোকে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু লগতে ব্ৰিলিয়েন্টৰ সমূহ শিক্ষকবৃন্দ আৰু কতৃপক্ষ ক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
হয়, কলেজখনৰ পৰা কোনো এজনেও অসমৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই কিন্তু এনে এটি ভিতৰুৱা অঞ্চলৰ পৰা এনেকুৱা এটা ফলাফল কলেজখনে দিবলৈ সক্ষম হৈছে তাৰ বাবে সচাকৈয়ে ব্ৰিলিয়েন্ট ধন্যবাদৰ পাত্ৰ। সমগ্ৰ অঞ্চলটোত BSSS য়ে এটা শিক্ষাৰ পৰিৱেশ গঢ়িবলৈ সক্ষম হৈছে ।
পুনৰবাৰ উত্তীৰ্ণ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।
তোমালোক সমাজখনৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আৰু একেটা সময়তে নিজৰ লক্ষ্য পূৰণৰ বাবে সাধনা,পৰিশ্ৰম, ত্যাগ, কষ্ট কৰিব লাগিব ।
Brilliant Senior Secondary School ,Khoirabari-"ব্ৰিলিয়েন্ট সাহিত্য গোষ্ঠী "