কলাইগাঁও আদৰ্শ হাইস্কুল

কলাইগাঁও আদৰ্শ হাইস্কুল Kalaigaon Adarsha High School. Former name- Kalaigaon Girls High School

10/04/2026

ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক ১৭মাৰ্চৰ আগতে বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ🙏
13/03/2026

ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক ১৭মাৰ্চৰ আগতে বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ🙏

আমাৰ বিদ্যালয়ত ২০২৬-২৭ বৰ্ষৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ  #নামভৰ্তিৰ_প্ৰক্ৰিয়া আৰম্ভ হৈছে৷বিদ্যালয়ৰ কাৰ্য্যালয়ৰ ল...
04/03/2026

আমাৰ বিদ্যালয়ত ২০২৬-২৭ বৰ্ষৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ #নামভৰ্তিৰ_প্ৰক্ৰিয়া আৰম্ভ হৈছে৷

বিদ্যালয়ৰ কাৰ্য্যালয়ৰ লগতে বিদ্যালয়ৰ সন্মুখৰ নৱৰ কম্পিউটাৰ চেণ্টাৰত নামভৰ্তিৰ প্ৰ-পত্ৰ বিনামূল্যে দি থকা হৈছে৷

ইচ্ছুক ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলে অনতিপলমে নামভৰ্তিৰ প্ৰপত্ৰ সংগ্ৰহ কৰি বাছনি পৰীক্ষাৰ তাৰিখৰ আগতে বিদ্যালয়ৰ কাৰ্য্যালয়ত জমা দি #প্ৰৱেশ_পত্ৰ(Admit Card) সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালোঁ

বাছনিপৰীক্ষাৰ তাৰিখঃ- #১৭মাৰ্চ২০২৬,
সময়ঃ- #ৰাতিপুৱা_১০বজা ৷

উল্লেখযোগ্য যে আমাৰ বিদ্যালয়ে যোৱাবেলি শৈক্ষিক আৰু সহ-বিদ্যায়তনিক কাৰ্য্যকলাপত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কেন্দুকলাই সাহিত্য সমাজৰ তৰফৰ পৰা #ছিদ্দিক_আলী_সোঁৱৰণি_শ্ৰেষ্ঠ_বিদ্যালয়_মূল্যায়ন_বঁটা লাভ কৰিবলৈ সক্ষম হৈছো৷

লগতে বিদ্যালয়ৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশত আৰু অন্য প্ৰতিভাৰ ক্ষেত্ৰত যোগ্যতা ভিত্তিক কোন কি দিশত পাৰ্গত সেই অনুপাতে আগুৱাই লৈ যাবলৈ আমাৰ বিদ্যালয়ে সদায় যত্ন কৰি আহিছো। এইবাৰৰ পৰা আমি #কেৰিয়াৰ_সচেতনতাৰ ওপৰত আৰু অধিক গুৰুত্ব দি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ৷
লগতে যোৱাবেলিৰ পৰা আমাৰ নৱম শ্ৰেণীৰ পৰা 'Vocational course' হিছাপে 'IT' আৰু 'Agriculture' সংলগ্ন হোৱাত মুঠ পাচটা ঐচ্ছিক বিষয়(Elective Subject) হ’ল৷
সেইবোৰ হ’ল ক্ৰমে-
হিন্দী,
ঐচ্ছিক গণিত(Adv Maths),
ভূগোল,
'IT' আৰু
কৃষি(Agriculture)

লগতে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছো যে আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল আৰু বিজ্ঞানাগাৰ আছিল যদিও এইবাৰ বিভাগৰ ফালৰ পৰা আটকধুনীয়াকৈ এটি উন্নতমানৰ(RCC) বিজ্ঞানাগাৰ আৰু দুটা কোঠালীযুক্ত এক সৰ্বাঙ্গসুন্দৰ পুথিভঁৰালৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সমাপ্ত হৈছে৷ এই দুটা নতুন সংযোজনে আমাক আৰু উৎসাহেৰে আগুৱাই যোৱাত সহায় কৰিব৷

গুণগত শিক্ষা দানৰ বাবে বদ্ধপৰিকৰ আমি বিদ্যালয় পৰিয়ালে নতুন শিক্ষাবৰ্ষত নতুন উদ্যমেৰে শিক্ষক-শিক্ষাৰ্থী-অভিভাৱক এক হৈ আগুৱাই যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷

ধন্যবাদেৰে..
সমূহ বিদ্যালয় পৰিয়াল বৰ্গ
🙏🙏

💚আমাৰ বিদ্যালয়ৰ শাকনিবাৰী💚
21/02/2026

💚আমাৰ বিদ্যালয়ৰ শাকনিবাৰী💚



 Free Bicycle to the student of class9 Distributed on 7th February in presence of Former Headmaster,Nature and wildlife ...
08/02/2026


Free Bicycle to the student of class9 Distributed on 7th February in presence of Former Headmaster,Nature and wildlife activist Mr Jayanta kumar Das and Renowned Retired Teacher Mr Chitra kumar kalita.

কলাইগাঁও আদৰ্শ হাইস্কুলৰ শিক্ষক-শিক্ষাৰ্থীৰ মনৰ অনুভৱক প্ৰতিদিন কাকতে মূল্যৱান এটা পৃষ্ঠা দিয়া বাবে প্ৰতিদিন পৰিয়ালৰ লগত...
06/02/2026

কলাইগাঁও আদৰ্শ হাইস্কুলৰ শিক্ষক-শিক্ষাৰ্থীৰ মনৰ অনুভৱক প্ৰতিদিন কাকতে মূল্যৱান এটা পৃষ্ঠা দিয়া বাবে প্ৰতিদিন পৰিয়ালৰ লগতে জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত ধ্ৰুৱ প্ৰসাদ চহৰীয়া দেৱলৈ আমাৰ বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ🙏

বৃহত্তৰ কলাইগাঁও অঞ্চলৰ শৈক্ষিক-সামাজিক ক্ষেত্ৰত কলাইগাঁও আদৰ্শ হাইস্কুল চিৰকাল জাকতজিলিকা হৈ থাকক🙏

27/01/2026

আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী- “নাহৰ”❤️

কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু কলাইগাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত ৭৭সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি...
26/01/2026

কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু কলাইগাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত ৭৭সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন শিতানত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷

পুৰষ্কাৰপ্ৰাপ্ত ছাত্ৰছাত্ৰী সকল-
১/চিত্ৰাংকন(খ-শাখা)প্ৰথম- নিবিড় আকাশ কাশ্যপ(সপ্তম শ্ৰেণী)
২/চিত্ৰাংকন(খ-শাখা)তৃতীয়- মানতি সিং(নৱম শ্ৰেণী)
৩/কুইজ প্ৰতিযোগিতাত তৃতীয় দল-
জ্যোতিস্মান চহৰীয়া আৰু
পুলকেশ ডেকা(অষ্টম শ্ৰেণী)

তাৰোপৰি আমাৰ বিদ্যালয়ৰ “বাৰেৰহণীয়া সাংস্কৃতিক দল,নাহৰে” পৰিৱেশন কৰা আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানটিয়ে দৰ্শক ৰাইজৰ পৰা ভূয়সী প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে৷

আটাইখিনি প্ৰতিভাধৰক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা থাকিল আন্তৰিক অভিনন্দন💐💐

 #বিদ্যালয়ৰ_নতুন_ছাত্ৰ_একতা_সভা_গঠনআজি আমাৰ বিদ্যালয়ৰ পূৰ্বৰ ছাত্ৰ একতা সভাই আনুষ্ঠানিক ভাৱে পদত্যাগ কৰে আৰু নতুন সমিতি ...
30/12/2025

#বিদ্যালয়ৰ_নতুন_ছাত্ৰ_একতা_সভা_গঠন

আজি আমাৰ বিদ্যালয়ৰ পূৰ্বৰ ছাত্ৰ একতা সভাই আনুষ্ঠানিক ভাৱে পদত্যাগ কৰে আৰু নতুন সমিতি এখন গঠন কৰি কাৰ্যভাৰ অৰ্পণ কৰা হয়৷ সাধাৰণ সম্পাদক সহিতে কেইবাগৰাকীও সদস্যই কালি দশম শ্ৰেণীৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱা বাবে তৎকালে নতুন সমিতি খন গঠন কৰি(গনতান্ত্ৰিক ভাৱে বাছনি) দায়িত্ব অৰ্পণ কৰা হয়৷

বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষয়িত্ৰী শ্ৰীপ্ৰণতি দেৱী বাইদেউ আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীৰুনুপ্ৰভা চহৰীয়া বাইদেউক উপদেষ্টা,
নৱনিযুক্ত সহঃশিক্ষক শ্ৰীসাগৰ নীল কোৱৰক সভাপতি,
নৱম শ্ৰেণীৰ মানটি সিং ক সম্পাদিকা
আৰু সাহিত্য,সাংস্কৃতিক,খেল,পুথিভঁৰাল,সমাজসেৱা আদি কেইবাটাও বিভাগত এগৰাকীকৈ শিক্ষকক তত্বাৱধায়ক হিচাপে ৰাখি মুঠ ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব দি পূৰ্ণাংগ নতুন সমিতি খন গঠন কৰা হয়৷

বিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰ উত্তৰণৰ দিশত আৰু এখোজ আগুৱাই লৈ যোৱাৰ আশাৰে নতুন সমিতি খনলৈ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা থাকিল আন্তৰিক অভিনন্দন💐💐

 ্ৰেণীৰ_বিদায়_সভা #২৯ডিচেম্বৰ২০২৫
29/12/2025

্ৰেণীৰ_বিদায়_সভা
#২৯ডিচেম্বৰ২০২৫

27/12/2025


Address

Kalaigaon

Website

Alerts

Be the first to know and let us send you an email when কলাইগাঁও আদৰ্শ হাইস্কুল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category