27/11/2024
বৰপাত্ৰ কুটীৰৰ চৌপাশ অলপমান সেউজেৰে আৱৰাৰ প্ৰচেষ্টা
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আছু গোটৰ সামূহিক চাফাই আৰু বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
13/05/2024
পদ্মশ্ৰী বীৰুবালা ৰাভাৰ মৃত্যুত মৰ্মাহত হৈছোঁ। ডাইনী হত্যাৰ বিৰুদ্ধে অন্ধবিশ্বাসৰ কবলৰ পৰা সকলোকে মুক্ত কৰিবৰ বাবে বাইদেৱে কৰা অপৰিসীম কষ্ট, ত্যাগৰ ফলত ৰাজ্যত সুস্থ পৰিৱেশ গঢ়ি তুলিছিল ৷ বীৰুবালা ৰাভা বাইদেউৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি ৷ বাইদেউৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ ।
29/04/2024
জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত বিপুল ভোটত বিজয়ী হোৱা সভাপতি, সাধাৰণ সম্পাদক, আলোচনী সম্পাদকলৈ আন্তৰিক অভিনন্দন।।
29/04/2024
এই জয় হাজাৰজন জেবিয়ানৰ জয়। এই জয় অগতানুগতিক, বাস্তৱসন্মত দূৰদৰ্শী চিন্তাৰ জয়।
সমূহ জেবিয়ানক ধন্যবাদ।
মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ যাত্ৰা আৰম্ভ কৰা প্ৰথমটো ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জেবিয়ানে ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীসকলক ওপৰত কৰা আস্হা আৰু বিশ্বাসক তেওঁলোকে দায়বদ্ধতাৰে পালন কৰিব বুলি আমি আশাবাদী।
ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি সাধাৰণ সম্পাদক সহ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত আছু সমৰ্থিত প্ৰাৰ্থীৰ বিপুল ভোটত জয়লাভ।
28/04/2024
যোগ্য , দক্ষ , সাহসী
প্ৰিয়ংকা, তন্ময় , জাহ্নৱী
27/04/2024
প্ৰতিজন জেবিয়ানৰ
সহস্ৰ আকাংক্ষা
পূৰণ কৰিবলৈ আহি আছে
প্ৰিয়ংকা
11/04/2024
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰং বং তেৰাঙ দেৱৰ আশু আৰোগ্য কামনা কৰিলো।
23/03/2024
দূৰদৰ্শী চিন্তাৰ বাবে জগন্নাথ বৰুৱা মহাবিদ্যালয় সদায়েই একক আৰু অনন্য।
সদ্যোঘোষিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আৰু আমেৰিকাৰ জৰ্জিয়া ইনষ্টিটিউট অব্ টেকনলজিৰ বিশেষ চুক্তি মতে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৬ জন ছাত্ৰ ছাত্ৰী টেক্টনিক ৰিচাৰ্জ গ্ৰোপৰ হস্ৰকালিন প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হয়।
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ গৌৰৱ আটাইকেইজন ছাত্ৰ ছাত্ৰীকে আজি জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰি শুভেচ্ছা জনোৱা হয়।
23/03/2024
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (JIST) ৰ সাধাৰণ নিৰ্বাচনত উপ সভাপতি পদত বিজয়ী হোৱা প্ৰাক্তন জেবিয়ান তথা জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোটৰ প্ৰাক্তন উপ সভাপতি মৌচুম চাংমাইলৈ আন্তৰিক অভিনন্দন