SFI Jorhat District Committee

SFI Jorhat District Committee This is the official page of Students' Federation of India, Jorhat District Committee

SFI is an organisation dedicated to the relentless struggle against the hypocrisy of the ruling class. It opposes the anti-student and undemocratic policies of the ruling class curbing the students community's overall progress. It inherits with pride the anti-imperialist,patriotic,secular,democratic and progressive legacy of the indian people's struggle for national liberation from the british col

onial rule. It carries forward the heritage of the progressive student movement of our country,which has always considered itself an inseparable part of the broader struggle for social transformation. It is this legacy that the SFI holds aloft in its slogan of ''Independence,Democracy and socialism"

17/08/2026
প্ৰেছ বিজ্ঞপ্তিবিনামূলীয়া নামভৰ্তিৰ চৰকাৰী অধিসূচনা প্ৰকাশ নকৰালৈকে মৰিয়নি মহাবিদ্যালয়ৰ ৩য়, ৫ম আৰু ৭ম ষাণ্মাসিকৰ নামভৰ্...
17/08/2026

প্ৰেছ বিজ্ঞপ্তি
বিনামূলীয়া নামভৰ্তিৰ চৰকাৰী অধিসূচনা প্ৰকাশ নকৰালৈকে মৰিয়নি মহাবিদ্যালয়ৰ ৩য়, ৫ম আৰু ৭ম ষাণ্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়া বয়কটৰ ঘোষণা SFI-ৰ
মৰিয়নি, ১৭ আগষ্ট, ২০২৬: উচ্চ শিক্ষা সঞ্চালকালয়ৰ (DHE) স্পষ্ট অধিসূচনা আৰু নিৰ্দেশনা প্ৰকাশ নোপোৱালৈকে মৰিয়নি মহাবিদ্যালয়ৰ ৩য়, ৫ম আৰু ৭ম ষাণ্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ছাত্ৰ ফেডাৰেচন (SFI), মৰিয়নি আঞ্চলিক কমিটী আৰু মৰিয়নি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। এই সন্দৰ্ভত সংগঠনটোৱে মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ আৰু মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালকলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে, মৰিয়নি মহাবিদ্যালয়ৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই শ্ৰমিক, কৃষক আৰু অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ। ৰাজ্য চৰকাৰৰ 'বিনামূলীয়া নামভৰ্তি নীতি' (Fee Waiver Scheme)-ৰ ওপৰত নিৰ্ভৰ কৰিয়েই এইসকল দৰিদ্ৰ আৰু শ্ৰমজীৱী পৰিয়ালৰ সন্তান উচ্চ শিক্ষাৰ সুযোগ লাভ কৰি আহিছে। কিন্তু চলিত শৈক্ষিক বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতো উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিনামূলীয়া নামভৰ্তি সম্পৰ্কীয় কোনো স্পষ্ট নিৰ্দেশনা প্ৰকাশ নোহোৱাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল চৰম অনিশ্চয়তা আৰু আৰ্থিক দুশ্চিন্তাত ভুগিবলগীয়া হৈছে।
এই সমস্যাৰ সমাধানকল্পে SFI মৰিয়নি আঞ্চলিক কমিটী আৰু মহাবিদ্যালয়ৰ ৩য়, ৫ম আৰু ৭ম ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে যৌথভাৱে নিম্নলিখিত দাবীসমূহ উত্থাপন কৰিছে:
১/ নামভৰ্তি বয়কটৰ সিদ্ধান্ত: উচ্চ শিক্ষা সঞ্চালকালয়ে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত বিনামূলীয়া নামভৰ্তিৰ স্পষ্ট অধিসূচনা জাৰি নকৰালৈকে মৰিয়নি মহাবিদ্যালয়ৰ ৩য়, ৫ম আৰু ৭ম ষাণ্মাসিকৰ কোনো এজন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে আৰু এই নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে বয়কট কৰা হ’ব।
২/ তাৎক্ষণিক অধিসূচনা জাৰিৰ দাবী: শিক্ষা লাভৰ অধিকাৰৰ পৰা যাতে কোনো এজন ছাত্ৰ-ছাত্ৰীও অৰ্থনৈতিক অভাৱৰ বাবে বঞ্চিত নহয়, তাৰ বাবে DHE-য়ে অচিৰেই বিনামূলীয়া নামভৰ্তিৰ চৰকাৰী নিৰ্দেশনা প্ৰকাশ কৰিব লাগিব।
৩/ নামভৰ্তিৰ অন্তিম তাৰিখ বৃদ্ধি: সমগ্ৰ বিষয়টোৰ আনুষ্ঠানিক আৰু স্থায়ী সমাধান নোহোৱালৈকে নামভৰ্তিৰ অন্তিম সময়সীমা বৃদ্ধি কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু সঞ্চালকালয়ক দাবী জনোৱা হৈছে।
SFI মৰিয়নি আঞ্চলিক কমিটীৰ সভাপতি বিনয় কৰ্মকাৰে স্পষ্ট কৰি দিয়ে যে চৰকাৰ তথা সঞ্চালকালয়ে যদি শীঘ্ৰেই এই ন্যায্য দাবীসমূহ মানি নলয়, তেন্তে সাধাৰণ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীক লৈ সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।

ধন্যবাদেৰে
SFI মৰিয়নি আঞ্চলিক কমিটী

14/08/2026

৫০ শতাংশ Discount নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি লাগে।
১০০% নোহোৱা লৈকে সকলোৱে নাম ভৰ্তি বৰ্জন কৰক।✊

12/08/2026

প্ৰেছ বিজ্ঞপ্তি
মৰিয়নি মহাবিদ্যালয়ৰ পৰা মৰিয়নি থানা চাৰিয়ালিলৈ এছ.এফ.আই. (SFI) আৰু সাধাৰণ শিক্ষাৰ্থীৰ বিশাল প্ৰতিবাদী সমদল
মৰিয়নি: আজি ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) মৰিয়নি আঞ্চলিক কমিটীৰ উদ্যোগত আৰু মৰিয়নি মহাবিদ্যালয়ৰ সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এক বিশাল প্ৰতিবাদী ৰেলী তথা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিয়নি মহাবিদ্যালয়ৰ প্ৰাংগনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদল মৰিয়নি থানা চাৰিয়ালিলৈকে পৰিভ্ৰমণ কৰি এক উত্তাল প্ৰতিবাদী সভাত পৰিণত হয়। এই প্ৰতিবাদত উপস্থিত থাকে এছ.এফ.আই মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি কমৰেড বিনয় কৰ্মকাৰ আৰু সদস্য কমৰেড প্ৰণৱ তাঁতী। কমৰেড বিনয় কৰ্মকাৰ এ কয় যে
অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ে (DHE) চৰ্তহীন বিনামূলীয়া নামভৰ্তি বাতিল কৰি ৭০% উপস্থিতি আৰু পৰীক্ষাত কোনো 'বেক' (Back) থাকিব নোৱাৰিব বুলি যি 'ডিছকাউণ্ট' সদৃশ অনৈতিক নিৰ্দেশনা জাৰি কৰিছে, তাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।
এছ.এফ.আই মৰিয়নি আঞ্চলিক সমিতিৰ মুখ্য দাবী আৰু সিদ্ধান্তসমূহ হৈছে যে
১/শিক্ষা কোনো ব্যৱসায়িক বস্তু নহয়, শিক্ষা প্ৰত্যেকৰে মৌলিক অধিকাৰ।
২/৭০% উপস্থিতি বা 'বেক'ৰ অজুহাতত দৰিদ্ৰ আৰু নিম্ন-মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰিব লাগিব।
৩/DHE-ৰ ছাত্ৰ-বিৰোধী নিৰ্দেশনা লগে লগে বাতিল কৰি সকলো আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীক চৰ্তহীনভাৱে সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব লাগিব।
৪/পৰীক্ষা আৰু ফলাফল প্ৰকাশত থকা বেমেজালি আৰু ক্ৰুটিসমূহ দূৰ কৰিব লাগিব।
৫/আহ্বান: অহা ১৭ আগষ্টত গুৱাহাটীৰ কাহিলীপাৰাস্থ DHE কাৰ্যালয়ত SFI অসম ৰাজ্যিক কমিটীয়ে আহ্বান জনোৱা "DHE ঘেৰাও" তথা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীক SFI মৰিয়নি আঞ্চলিক কমিটীয়ে সম্পূৰ্ণ সমৰ্থন জনায়। মৰিয়নিৰ ছাত্ৰ-ছাত্ৰীসকলকো এই সংগ্ৰামত বৃহৎ সংখ্যাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
৬/ অহা ১৮ আগষ্টত মৰিয়নি থানা চাৰিআলিত দিনৰ দুই বজাৰ পৰা এই বিষয়ক লৈ বিশাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব।
এছ.এফ.আই মৰিয়নি আঞ্চলিক সমিতিয়ে হুংকাৰ দিয়ে যে যদিহে চৰকাৰ আৰু উচ্চ শিক্ষা সঞ্চালকালয়ে এই জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে, তেন্তে আগন্তুক দিনত সংগ্ৰাম আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব।
ধন্যবাদসহ
এছ.এফ.আই মৰিয়নি আঞ্চলিক সমিতি

প্ৰেছ বিজ্ঞপ্তি মৰিয়নি মহাবিদ্যালয়ৰ পৰা মৰিয়নি থানা চাৰিয়ালিলৈ এছ.এফ.আই. (SFI) আৰু সাধাৰণ শিক্ষাৰ্থীৰ বিশাল প্ৰতিবাদ...

10/08/2026

🔴 WELCOME TO JORHAT LAW COLLEGE! ⚖️
A new campus. A new chapter. A new journey. 📚✨
To all the new students, welcome to a space where we learn, question, grow and stand together. Let your journey at Jorhat Law College be filled with knowledge, friendship, courage and the spirit to make a difference.
Learn. Question. Stand up. Create change. ✊
The SFI JLC Unit warmly welcomes you to Jorhat Law College. ❤️
Study • Struggle • Justice

"যেতিয়া আপুনি ৰক্তদান কৰে, আপুনি কেৱল তেজ নিদিয়ে, বৰঞ্চ কাৰোবাক জীয়াই থকাৰ আশাহে দিয়ে।"​আজি SFI যোৰহাট জিলা সভাপতি জীৎ স...
10/08/2026

"যেতিয়া আপুনি ৰক্তদান কৰে, আপুনি কেৱল তেজ নিদিয়ে, বৰঞ্চ কাৰোবাক জীয়াই থকাৰ আশাহে দিয়ে।"
​আজি SFI যোৰহাট জিলা সভাপতি জীৎ সুৎবংশী ৰক্তদান কৰি সমাজৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিলে। যুৱপ্ৰজন্মৰ এই পদক্ষেপে এক সুস্থ আৰু সংবেদনশীল সমাজ গঠন কৰাত সহায় কৰে।

Address

Public Bus Stand, Bisturam Barooah Hall
Jorhat

Telephone

+919101175289

Alerts

Be the first to know and let us send you an email when SFI Jorhat District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to SFI Jorhat District Committee:

Shortcuts

Share