25/08/2026
জ্যোতিষ শাস্ত্র অনুশৰি মনুষ্য জীৱনত জন্ম চক্ৰত সৃষ্টি হোৱা এক অত্যন্ত অশুভ দোষ হৈছে পিতৃ দোষ।
যাৰ প্ৰভাৱত হতাশা, ৰোগ ব্যাধি, কৰ্মবাধা গৰ্ভপাত, সন্তানহীনতা আদিত ব্যক্তি ভোগীব লগা হয়।
বহুতেই সচৰাচৰ মন্তব্য কৰা দেখা যায় মৃত্যুৰ পাছত কি হয় কোনেওঁ নাজানে।
কিন্তু অদৃষ্ট শক্তিৰ বিচাৰত এই নিৰন্তৰ ঘটি থাকে।
আত্মাযে অবিনাশী। সেয়েই ফল ভোগটো বাধ্য।
"দ্বাদশ প্রধয়শ্চক্রমেকং ত্রীণি নভ্যানি ক উ তচ্চিকেত।
তস্মিন্ৎসাকং ত্রিশতা ন শঙ্কবোহর্পিতাঃ যষ্টির্ন চলাচলাসঃ।।
ঋগ্বেদ
বর্ষ চক্রত দ্বাদশ মাহতেই সৃষ্টিৰ ন্যায় আগমণ হয়।
ইয়াৰ কেন্দ্র স্থলতেই যান্ত্ৰণা দায়ক গ্রীষ্ম বর্ষা শীত তিনি ঋতুৰো আবৰ্তন ঘটে।
ইয়াৰ কোনো কালেই ব্যতিক্রম নঘটে।
এই তত্ত্বক কিমানৰ জ্ঞাত!!
এই বর্ষচক্রৰ ৩৬০ দিন ইশ্বৰৰ ন্যায় স্থাপিত হয়।
ইয়াৰ কোনো কালেই ব্যতিক্রম নঘটে।
হয়, মৃত্যু তুল্য বিপদ, কেতিয়া আহিব সেয়াও কোনেওঁ নাজানে, তথাপিওঁ হঠাতে সমস্যাৰ আগমণ হয়।
এনে কাৰণতেই, নিজক সথিক ৰখাৰ স্বাৰ্থত পৌৰাণিক যুগৰ মনীষি সকলে দি যোৱা পৰামৰ্শও এৰাই চলাটো হানিকাৰক।
জন্ম কুণ্ডলীত ভিন্ন কাৰণত পিতৃ দোষ সৃষ্টি হয়, যদিওঁ নিজস্ব সংস্কাৰ, পিতৃ পুৰুষৰ ধৰ্ম পৰিত্যাগ কৰাৰ ফলটো পিতৃ-দোষৰ সৃষ্টি হয় আৰু ভিন্ন কাৰণত ব্যক্তিৰ জীৱন অজানিত প্ৰতিবন্ধকতাৰ মাজত কটাব লগা হয়।
পিতৃ মাতৃক যান্ত্ৰণা দিয়া, অবজ্ঞা কৰাৰ ফলটো পিতৃ দোষৰ সৃষ্টি হয়।
গৰু কুকুৰ অথবা কোনো নীৰিহ প্ৰাণীক যান্ত্ৰণা দিলেও পিতৃ-দোষ সৃষ্টি হয়, যাৰ প্ৰভাৱত দীৰ্ঘ কাল দুখ যাতনা ভোগ কৰিব লগা হয়।
পিতৃ পুৰুষে কষ্টৰে তৈয়াৰ কৰা ঘৰত যদি পিতৃ পুৰুষে পালন কৰা সংস্কাৰ পালন নকৰে অথবা কুল দেৱ দেৱীৰ অবজ্ঞা কৰে তেতিয়াওঁ পিতৃগণ ক্ৰুদ্ধ হৈ পৰে।
যাৰ বাবে অৰ্থ, কৰ্ম, সামাজিক, মানসিক ভিন্ন কাৰণত হতাশাই আবৰি ধৰে জীৱন।
এনে ক্ষেত্ৰত কিছু প্ৰতিকাৰ পালনৰ বিষয়েও ঋষি মুনি সকলে পৰামৰ্শ দি গৈছে।
পিতৃ দোষ সৃষ্টিৰ লক্ষণ...
কিছু সময়ৰ বাবে বাসস্থানত হঠাৎ হঠাৎ উত্স বিহীন দুৰ্গন্ধ সৃষ্টি।
সঘণ মৃত ব্যক্তি বা মৃত পিতৃ পুৰুষৰ সপোনত দৰ্শন হোৱা।
সোপোনত প্ৰায়ে মৃত সৰ্প আদিৰ দৰ্শনৰ বাবে ভয় খোৱা।
দীৰ্ঘ সময় বিবাহৰ সমস্যা সৃষ্টি হোৱা বা অবিবাহিত থকা।
কোনোদিন অৰ্থৰ অভাবৰ পৰা মুক্ত নোহোৱা।
পৰিয়ালত হঠাত হঠাত সৰু সুৰা কথাতে কাজিয়া ও অশান্তি সৃষ্টি হৈ থকা।
বন্ধ্যাত্ব বা সন্তানহীনতা।
শেষ মুহূৰ্তত হবলৈ লোৱা কৰ্মত অসফলতা ইত্যাদি।
জন্ম কুণ্ডলীৰ সুক্ষ্ম ভাবে অধ্যয়ন কৰিলে এই প্ৰেত দোষৰ কাৰণ সমুহ জানিব পৰা যায়, আৰু ব্যক্তিগত জন্ম কুণ্ডলী অনুশৰি কিছু বিশেষ প্ৰতিকাৰ অনুশীলন কৰিলে এনে অশুভ প্ৰভাবৰ মাত্ৰা কমি যায়।
জন্ম কুণ্ডলীৰ সম্পৰ্কত নজনাৰ বাবে বা অমনোযোগিতাৰ বাবে বহুতেই এনে ধৰণৰ সমস্যাৰ মাজেৰে জীৱনৰ মূল্যবান সময় বোৰ অপব্যয় কৰি থকা দেখা যায়।
এনে অমনোযোগিতাৰ কাৰণো হৈছে আগন্তক ভবিষ্যতত গতিপথত অপেক্ষা কৰি থকা কিছু দুখ দুৰ্দশা আদি অপশক্তিৰ প্ৰভাব।
যেইহওঁক, পিতৃ দোষৰ পৰা বাচি থাকিবলৈ বহু বিধিসন্মত প্ৰতিকাৰৰ বিধান আছে, কিন্তু সকলো প্ৰতিকাৰৰ বিষয়ে মুক্ত ভাবে উল্লেখ কৰা নহয়।
যদিওঁ, দুই তিনি মুল প্ৰতিকাৰ হৈছে....
১) একাদশী আৰু আমাবস্যা তিথিত সম্পুৰ্ণ আমিষ আহাৰ বৰ্জন কৰা।
২) প্ৰতি মাসিক শিৱৰাত্ৰি দিনত অৰ্থাৎ কৃষ্ণ চতুৰ্দশীৰ গধুলি পিতৃ পুৰুষৰ প্ৰতি শ্ৰদ্ধা পূৰ্বক ঘৰৰ সন্মুখত প্ৰদীপ অৰ্পন কৰা।
৩) বৰ্ষৰ প্ৰতিটো একাদশী, পুৰ্ণিমা, আমাবস্যা, সংক্ৰান্তি, আদি সথিক ভাবে পালন কৰিলে বহু দোষৰ পৰা বাচি থাকিব পৰা হয়।।
ক্ৰমশঃ
_____________পি ভট্টাচাৰ্য্য যোৰহাট
_____________জ্যোতিষ আচাৰ্য্য
প্ৰতিচ্ছৱিত এক অশুভ গ্ৰহ বিন্যাসৰ প্ৰভাব থকা জন্ম চক্ৰ উল্লেখ কৰা হ'ল...