Kenduguri Jatiya Vidyalaya

Kenduguri Jatiya Vidyalaya Kenduguri Jatiya Vidyalaya is a higher secondary school which is located in Kenduguri, Jorhat. It was establishe 18/01/2000 .

আজি ২৮ ফেব্ৰুৱাৰী আন্তর্জাতিক বিজ্ঞান দিৱস উপলক্ষ্যে বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত পুৱাৰ ভাগত এটি অনু...
28/02/2026

আজি ২৮ ফেব্ৰুৱাৰী আন্তর্জাতিক বিজ্ঞান দিৱস উপলক্ষ্যে বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত পুৱাৰ ভাগত এটি অনুষ্ঠানৰ আয়োজন কৰা হয। দিৱসৰ তাৎপৰ্য অনুধাৱন কৰি ,মহান বিজ্ঞানীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এইবছৰৰ বিজ্ঞান দিৱসৰ মূল বিষয়ৰ লগত সংগতি ৰক্ষা কৰি মহিলা বিজ্ঞানীসকলৰ ত্যাগ আৰু চমকপ্ৰদ অৱদান সম্পৰ্কে আলোকপাত কৰা হয। বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰেখা কলিতাৰ দ্বাৰা ৰচিত বিজ্ঞান দিৱসৰ গীত পৰিবেশন কৰা হয।আজিৰ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান মনস্ক হ'বৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই আহ্বান জনায় ।

আন্তর্জাতিক  মাতৃভাষা দিৱস উদযাপন ২১ফেব্ৰুৱাৰী , ২০২৬  কেন্দুগুৰি জাতীয় বিদ্যালয়।বছৰেকীয়া পৰীক্ষা চলি থকাৰ মাজতে বিদ্যা...
21/02/2026

আন্তর্জাতিক মাতৃভাষা দিৱস উদযাপন
২১ফেব্ৰুৱাৰী , ২০২৬
কেন্দুগুৰি জাতীয় বিদ্যালয়।
বছৰেকীয়া পৰীক্ষা চলি থকাৰ মাজতে বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত পুৱাৰ ভাগত সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ দ্বাৰা ৰচিত ' চিৰ চেনেহী মোৰ ভাষা জননী .." শীৰ্ষক গীতেৰে আৰম্ভ কৰা মাতৃভাষা দিৱসৰ কাৰ্যসূচীত , শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এলানি বক্তৃতানুষ্ঠানৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত এখনি পষ্টাৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয। প্ৰতিযোগিতাত প্ৰিতম দত্তই প্ৰথম , তন্ময় বৰা আৰু আযুস্মীতা বৰঠাকুৰ যুটীযাভাৱে দ্বিতীয়,হৰ্ষিতা বাঢৈ আৰু জ্ঞানম প্ৰকাশ বৰুৱাই যুটীযাভাৱে তৃতীয় স্থান লাভ কৰাৰ লগতে কেইবাজনো ছাত্ৰ ছাত্ৰীযে অনুপ্ৰেৰণামূলক বঁটা লাভ কৰিবলৈ সক্ষম হয । উক্ত বঁটাসমূহ জ্যেষ্ঠা শিক্ষয়িত্ৰী অঞ্জু দ্ত্ত শইকীযাই পৰৱৰ্তীকালত প্ৰদান কৰাৰ কথা ঘোষণা কৰে
শিক্ষক- শিক্ষয়িত্ৰীবৃন্দৰ মাজৰ পৰা উপাধ্যক্ষা মানৱী শৰ্মাই মাতৃভাষাৰ সংজ্ঞা , কেজেবি উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষা দীপালিমা দুৱৰা চলিহাই মাতৃভাষাৰ গুৰুত্ব, গীতাঞ্জলি ভূঞাই মাতৃভাষা দিৱস পালনৰ ইতিহাস তথা প্ৰাসংগিকতা, অঞ্জুমনি দত্তই মাতৃভাষাৰ বিকাশত পৰিয়ালৰ গুৰুত্ব, মৈত্ৰেয়ী বেজবৰুৱাই মাতৃভাষাৰ বিকাশত সমাজৰ গুৰুত্ব, ৰঞ্জন দত্তদেৱে সকলোকে 'The last lesson' নামৰ পাঠটিৰ আকৰ্ষণীয বৰ্ণনাৰ মাজেৰে মাতৃভাষাৰ জড়িয়তে যে মাতৃভূমিৰ সেৱা কৰিব পাৰি এই কথা অতি সৰলকৈ অৱগত কৰি মাতৃভাষাৰ প্ৰতি সকলোকে শ্ৰদ্ধাশীল হোৱাৰ বাৰ্তা প্ৰদান কৰে , ৰশ্মিৰেখা বৰপূজাৰীযে মাতৃভাষাৰ ভৱিষ্যত আৰু অধ্যক্ষা পলী হাজৰিকা বৰাই মাতৃভাষা সংৰক্ষণ আৰু সংবৰ্ধনত বিদ্যালয়ৰ পৰিকল্পনা, ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা গাৰ্গী আৰু জ্ঞানম প্ৰকাশে মাতৃভাষা সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ কৰণীয় সম্পৰ্কে অতি আকৰ্ষণীয সাৰগৰ্ভ বক্তব্যৰে অনুষ্ঠানভাগীৰ মৰ্যাদা বৃদ্ধিৰ সমান্তৰালকৈ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো বহুখিনি প্ৰভাৱ বিস্তাৰ কৰে।
ৰেখা কলিতাৰ পৰিকল্পনাৰে অনুষ্ঠিত কৰা সজাগতামূলক সভাখনৰ যোগেদি মাতৃভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনত জাতীয বিদ্যালয় পৰিয়ালৰ প্ৰতিজন সদস্যৰ লগতে প্ৰতিজন জাতীয়তাবাদী চিন্তা- চেতনাৰ লোকক সচেতনতাৰে শ্ৰদ্ধাশীল হ'বৰ বাবে আহ্বান জনায়।

আমাৰ  এই পেজৰ সকলোৱে উপাৰ্জনৰ সামান্য অংশ  অনুগ্ৰহ কৰি ছাৰৰ বাবে আগবঢ়াই মহানুভৱতাৰ পৰিচয় দি তেখেতক  সুস্থ কৰাত সহায়ৰ ...
10/02/2026

আমাৰ এই পেজৰ সকলোৱে উপাৰ্জনৰ সামান্য অংশ অনুগ্ৰহ কৰি ছাৰৰ বাবে আগবঢ়াই মহানুভৱতাৰ পৰিচয় দি তেখেতক সুস্থ কৰাত সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিছোঁ।

ৰূপালী জয়ন্তী সমাৰোহৰ শোভাযাত্ৰা , মুকলি সভা , ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক কাৰ্যসূচীৰ কিয়দাংশ ( ১৮জানুৱাৰী ২০২৬)
09/02/2026

ৰূপালী জয়ন্তী সমাৰোহৰ শোভাযাত্ৰা , মুকলি সভা , ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক কাৰ্যসূচীৰ কিয়দাংশ ( ১৮জানুৱাৰী ২০২৬)

ৰূপোৱালী স্মাৰক
30/01/2026

ৰূপোৱালী স্মাৰক

বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ পৰিসমাপ্তিৰ কিছু স্মৰণীয় মূহুৰ্ত সাঁচি ৰখাৰ স্বাৰ্থত
29/01/2026

বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ পৰিসমাপ্তিৰ কিছু স্মৰণীয় মূহুৰ্ত সাঁচি ৰখাৰ স্বাৰ্থত

আমাৰ  বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী সুকন্যা বৰাই মাজুলীত অনুষ্ঠিত ভাওনা সমাৰোহত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰাৰ লগ...
23/01/2026

আমাৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী সুকন্যা বৰাই মাজুলীত অনুষ্ঠিত ভাওনা সমাৰোহত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰাৰ লগতে' ভাওনা চন্দ্ৰ ' খিতাপ অৰ্জনেৰে সোণৰ পদক আৰু নগদ দহহেজাৰ টকা লাভ কৰে। সুকন্যাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

23/01/2026
16/01/2026
16/01/2026

বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰতীক সংগীত ( অতিথি আদৰণী গীত) টি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, ৰূপালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়া , বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী , অভিভাৱক , ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শুভ উন্মোচন কৰা হয। সকলোৱে আদৰি লব।

Address

Kenduguri Jatiya Vidyalaya
Jorhat
785010

Opening Hours

Monday 8:30am - 2pm
Tuesday 8:30am - 2pm
Wednesday 8:30am - 2pm
Thursday 8:30am - 2pm
Friday 8:30am - 2pm
Saturday 8:30am - 12pm

Website

Alerts

Be the first to know and let us send you an email when Kenduguri Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category