কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, যোৰহাট

  • Home
  • India
  • Jorhat
  • কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, যোৰহাট

কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, যোৰহাট Karanga Girls' Higher Secondary School, Karanga, Jorhat, Assam, India.

যোৱা ১ জুলাই ২০২৬ ৰ পৰা ৩ জুলাই ২০২৬ লৈ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি চিত্ৰকলাৰ কৰ্মশালা আৰু হাত চিলাই, এম্ব্ৰ...
03/07/2026

যোৱা ১ জুলাই ২০২৬ ৰ পৰা ৩ জুলাই ২০২৬ লৈ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি চিত্ৰকলাৰ কৰ্মশালা আৰু হাত চিলাই, এম্ব্ৰয়ডাৰী কৰ্মশালা অনুষ্ঠিত হ’ল৷ লগতে সংযোজিত হ’ল পৰিবেশ্য কলাৰ এক মনোজ্ঞ কৰ্মশালা৷ প্ৰশিক্ষক ৰূপে উপস্থিত থাকে যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ সন্মানীয় অনন্ত গগৈ ছাৰ আৰু তেখেতৰ সহযোগী প্ৰতীক্ষা শইকীয়া৷ চিলাই কৰ্মশালাৰ প্ৰশিক্ষক ৰূপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰী প্ৰকাশিতা গগৈ৷ লগতে অনুষ্ঠিত হয় মেহেন্দী অংকন আৰু ফেচিয়েলৰ কৰ্মশালা৷ আমাৰ ছাত্ৰীসকলে মুখা প্ৰস্তুত, কলাজ প্ৰস্তুত, এক্ৰেলিকৰ সংযোজন, বাঁহৰ সামগ্ৰী পেইণ্টিং আদি শিকাৰ সুবিধা লাভ কৰিলে৷ আমাৰ শিক্ষয়িত্ৰীসকলো পিছে ৰৈ নাথাকিল৷ তেওঁলোকো অংশীদাৰ হ’ল৷

আজিৰ দৈনিক জনমভূমিত প্ৰকাশিত বাতৰি৷
25/06/2026

আজিৰ দৈনিক জনমভূমিত প্ৰকাশিত বাতৰি৷

24/06/2026

বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী অৰ্পিতা প্ৰিয়দৰ্শনী দত্তই ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত গুজৰাটৰ ভাদনগৰত অহা ২৮ জুনৰ পৰা ৪ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰেৰণা অনুষ্ঠানত অংশ ল’ব৷ কেৱল অসমেই নহয় সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব৷

কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত কৃতী ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন*যোৱা ৫/৬/২০২৬ তাৰিখ শুক্রবাৰে কৰঙা উচ্চতৰ ...
11/06/2026

কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত কৃতী ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন*
যোৱা ৫/৬/২০২৬ তাৰিখ শুক্রবাৰে কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ২০২৫-২৬ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা কৃতী ছাত্রীসকলক অভিনন্দন জনোৱা হয়। এই উদ্দেশ্যে আয়োজন কৰা সভাত সভাপতিৰ আসন গ্রহণ কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্রীযুত ললিত শইকীয়া দেৱে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰ প্রাপ্ত অধ্যাপক ড° বিপিন খঙীয়া ডাঙৰীয়া। বিদ্যালয়ৰ অধ্যক্ষ শ্রীযুত অৰূপ কুমাৰ নাথে সভাৰ আদৰণি ভাষণ আগবঢ়ায়। অধ্যাপক ড° বিপিন খঙীয়াদেৱে ছাত্রীসকলক উদ্দেশ্যি সাৰগর্ভ বক্তৃতা প্রদান কৰে। তেওঁ ছাত্রীসকলক প্রকৃতিৰ লগত সহাৱস্থান কৰি অনাগত দিনত আগবাঢ়ি যাবলৈ কয় ।

এই অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা মুঠ ১৫ গৰাকী, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা ৪৭ গৰাকী আৰু দ্বিতীয় বিভাগত লেটাৰ সহ উত্তীর্ণ ৮ গৰাকী ছাত্রীক সম্বর্দ্ধনা জনোৱা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়ৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা শ্রীমতী কাব্যশ্রী বৰাই 'প্রয়াত ধৰণীধৰ বৰুৱা সোঁৱৰণী বঁটা' , 'প্রয়াত অৰুণিমা পাচনি সোঁৱৰণী বঁটা' আৰু 'প্রয়াত আইধান দত্ত সোঁৱৰণী বঁটা' লাভ কৰে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিদ্যালয়ৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা ছাত্রী শ্রীমতী পৰিণীতা দেৱী শৰ্মাক 'প্রয়াত ডিম্বেশ্বৰ চেলেং সোঁৱৰণী বঁটা', উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে 'প্রয়াত উৎপলা দত্ত সোঁৱৰণী বঁটা', ইংৰাজী বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে 'প্রয়াত বিচিত্র বৰুৱা শিক্ষা উদগনি বঁটা', অর্থনীতি বিজ্ঞান বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা বাবে প্রয়াত ৰেণুবালা ভৰালী স্মৃতি বঁটা প্রদান কৰা হয় ।হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্রীমতী আকাশী সোণোৱালে গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ত বিদ্যালয়ৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে ক্রমে 'প্রয়াত শুভ গোস্বামী সোঁৱৰণী বঁটা' প্রয়াত বেথাৰাম দত্ত সোঁৱৰণী বঁটা' আৰু 'প্রয়াত মিনাক্ষী হাজৰিকা সোঁৱৰণী বঁটা 'ৰে পুৰস্কৃত কৰা হয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিদ্যালয়ৰ ভিতৰত দ্বিতীয় সর্বোচ্চ নম্বৰ লাভ কৰা ছাত্রী শ্রীমতী ৰিয়া শইকীয়াক 'প্রয়াত স্মৃতি শইকীয়া সোঁৱৰণী বঁটা' আৰু শিক্ষাতত্ত্ব বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে 'প্রয়াত লৱকুমাৰ দত্ত সোঁৱৰণী বঁটা' লাভ কৰে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিদ্যালয়ৰ ভিতৰত তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী শ্ৰীমতী পাঞ্চালী শইকীয়াক 'প্ৰয়াত যোগমায়া বৰগোহাঁই সোঁৱৰণী বঁটা' প্ৰদান কৰা হয়। ইয়াৰ উপৰিও উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰা ছাত্ৰী সকলক বিদ্যালয়ৰ বৰ্তমানৰ লগতে অৱসৰপ্ৰাপ্ত বহু শিক্ষক- শিক্ষয়িত্ৰীয়ে পুৰস্কৃত কৰে। লগতে বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী শ্ৰী আকাংক্ষা সন্দিকৈক 'প্ৰয়াত লীলাৱতী ভৰালী সোঁৱৰণী বঁটা'আৰু 'প্ৰয়াত শশীপ্ৰভা বৰুৱা সোঁৱৰণী বঁটা'প্ৰদান কৰা হয়। এই অনুষ্ঠানতে বিদ্যালয়ৰ ছাত্ৰী সকলক 'প্ৰয়াত নগেন দত্ত সোঁৱৰণী ন্যাস বঁটা' প্ৰদান কৰা হয়। ইয়াৰ উপৰিও কৰঙা অঞ্চলৰ কেইবাগৰাকীও বিদ্যালয়ৰ শুভাকাংক্ষী আৰু শিক্ষাপ্ৰেমী ব্যক্তিয়ে বিদ্যালয়ৰ ছাত্ৰী সকলক বিভিন্ন শিতানত বিভিন্ন বঁটাৰে পুৰস্কৃত কৰে। এই অনুষ্ঠানত কেইবাটাও কিতাপৰ টোপোলা, মানপত্ৰ, স্মাৰক, ট্ৰফী সহ সৰ্বমুঠ ৬৮,০০০ টকাৰ পুৰস্কাৰ ছাত্ৰী সকলক প্ৰদান কৰা হয়। সভাৰ শেষত সভাপতি মহোদয়ে সোঁৱৰণী বঁটা আগবঢ়োৱা দাতা পৰিয়াল বৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

বাতৰি কাকতত উদ্বোধনী অনুষ্ঠান৷
11/05/2026

বাতৰি কাকতত উদ্বোধনী অনুষ্ঠান৷

কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ উদ্বোধনী অনুষ্ঠান আজি ৯ মে’ ২০২৬ শনিবাৰে অনুষ্ঠিত হয়৷ পুৱা মহা...
09/05/2026

কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ উদ্বোধনী অনুষ্ঠান আজি ৯ মে’ ২০২৬ শনিবাৰে অনুষ্ঠিত হয়৷ পুৱা মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ তাৰানাথ শইকীয়া দেৱে৷ বিদ্যালয়ৰ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি ললিত শইকীয়া দেৱে৷ ইয়াৰ পিচতেই বন্তি প্ৰজ্জ্বলন আৰু স্মৃতি তৰ্পণ কৰে স্থানীয় সমাজকৰ্মী অজয় বৰুৱাদেৱে৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বিদ্যালয়ৰ শুভাকংক্ষী দিদিন হাজৰিকা দেৱে৷ ইয়াৰ পিছতে উপস্থিত সকলোৱে মায়াবিনী শীৰ্ষক গীতেৰে শিল্পীজনালৈ শ্ৰদ্ধা জনায়৷ জয়ন্তী উপলক্ষে প্ৰকাশিত এখন প্ৰাচীৰ পত্ৰীকা উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা ৰঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অমিয়া গগৈ বাইদেৱে৷ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সদৌ কৰঙা ৰাসোৎসৱ সমিতিৰ সভাপতি কুমুদ দত্তদেৱে৷ দুপৰীয়া ১২-৩০ বজাৰ পৰা মূল সভা অনুষ্ঠিত হয়৷ সভা উদ্বোধন কৰে চিনামৰাস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ উপ সঞ্চালক জয়শ্ৰী শইকীয়া মহোদয়াই৷ মুখ্য অতিথি অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েং আৰু নিৰ্দিষ্ট বক্তা যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আকাশদ্বীপ্ত ঠাকুৰে মহাশয়ে তেখেসকলৰ সাৱলীল বক্তব্যৰে সভাগৃহৰ সদৌটিকে মোহাচ্ছন্ন কৰি ৰাখে৷ বিদ্যালয়ৰ শিক্ষয়িত্ৰী পুনম হাজৰীকা আৰু চিন্ময়ী গগৈয়ে গীতৰ শৰাই আগবঢ়াই আৰু ছাত্ৰী অনুষ্কা শইকীয়া আৰু স্মৃতিৰাণী বৰাই কবিতা আবৃতি কৰে৷ শেষত বিদ্যালয়ৰ ছাত্ৰীসকলে গাভৰু বিহুও প্ৰদৰ্শন কৰে৷

Address

Karanga
Jorhat
785008

Website

Alerts

Be the first to know and let us send you an email when কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, যোৰহাট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category