মাতৃভাষা বিদ্যালয়

মাতৃভাষা বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মাতৃভাষা বিদ্যালয়, School, Na Ali Dhekiajuli, Jorhat.

05/06/2026
◇◇◇ To***co Free School ◇◇◇
01/06/2026

◇◇◇ To***co Free School ◇◇◇

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবাৰো ১৮ মে', সোমবাৰে সদৌ অসম আন্তঃজাতীয় বিদ্যালয় তর্ক প্রতিয...
18/05/2026

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবাৰো ১৮ মে', সোমবাৰে সদৌ অসম আন্তঃজাতীয় বিদ্যালয় তর্ক প্রতিযোগিতা অনুষ্ঠিত হয় । ৰাজ্যখনৰ ২২ খন জিলাৰ মুঠ ৪৪ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী প্ৰাচুৰ্যা ৰাণী বৰদলৈয়ে যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে । প্ৰতিযোগিতাৰ বিষয় আছিল - সদনৰ মতে "ৰাজহুৱাখণ্ডৰ ব্যক্তিগতকৰণ হৈছে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ একমাত্ৰ উপায়।"

প্রতিযোগিতাখনত সদনৰ অধ্যক্ষ হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া। প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° বিদুলা শর্মা বাইদেউ, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° জিন্তু গোহাঁই চাৰ আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° হিমামণি কলিতা বাইদেউ।

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নিৰ্দেশত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ৰাধাকান্ত সন্দিকৈ ভৱনত ১৩...
14/05/2026

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নিৰ্দেশত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ৰাধাকান্ত সন্দিকৈ ভৱনত ১৩ মে', বুধবাৰে যোৰহাট জিলাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জুবিন গাৰ্গৰ অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা আৰু তর্ক প্রতিযোগিতাখনি অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীদেৱে শুভ উদ্বোধন কৰা অনুষ্ঠানটিত তর্ক প্রতিযোগিতাৰ অধ্যক্ষ হিচাপে যোৰহাট মহাবিদ্যালয় অধ্যক্ষ, বক্তা ড° সৌমিত্ৰ পূজাৰীদেৱ, বিচাৰকদ্বয় দৈনিক জনমভূমি কাকতৰ ডেস্ক ইনচার্জ তথা বসুন্ধৰাৰ সম্পাদক, লেখক শাংকব কৌশিক বৰুৱাদেৱ, বিশিষ্ট চিত্র শিল্পী, কুইজ পৰিচালক মুকুল মাধৱ বৈশ্যদেৱ আৰু গীতৰ প্রতিযোগিতাৰ বিচাৰক হিচাপে সংগীত পৰিচালক মানসজ্যোতি বৰাদেৱ, গায়িকা মৈত্রেয়ী শর্মা বাইদেউ উপস্থিত থাকে।

তর্ক প্রতিযোগিতাত মাতৃভাষা বিদ্যালয়ৰ অষ্টম শ্রেণীৰ ছাত্ৰী প্রাচুর্যা ৰাণী বৰদলৈয়ে দ্বিতীয় স্থান লাভ কৰে। আনহাতে জুবিন গাৰ্গৰ গীতৰ প্রতিযোগিতাৰ নিম্ন শাখাত সপ্তম শ্ৰেণীৰ পৰী গন্ধিয়া আৰু উচ্চ শাখাত দশম শ্ৰেণীৰ গৌৰাংগী গগৈয়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। উল্লেখ্য তৰ্ক প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰাৰ সুবাদত অষ্টম শ্রেণীৰ ছাত্ৰী প্ৰাচুৰ্য্যা ৰাণী বৰদলৈয়ে অহা ১৮ মে', সোমবাৰে অসম জাতীয় বিদ্যালয়ত হ'ব লগা সদৌ অসম আন্তঃ জাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত যোগদানৰ সুযোগ লাভ কৰিছে।

09/05/2026

ছাত্ৰ একতা সভাৰ নিৰ্বাচন

আজি ৯ মে', শনিবাৰে মাতৃভাষা বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৮৮.৭%। নিৰ্বাচনত উপ সভাপতি পদত অষ্টম শ্ৰেণীৰ প্ৰাচুৰ্য্যাৰাণী বৰদলৈয়ে নিকটতম প্ৰতিদ্বন্দী সপ্তম শ্ৰেণীৰ কৰিশ্মা নেওগক মাত্ৰ ৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। সাধাৰণ সম্পাদক পদত অষ্টম শ্ৰেণীৰ পল্লবী বৰাই নিকটতম প্ৰতিদ্বন্দী সপ্তম শ্ৰেণীৰ অংকিতা বৰাক ৩৯ টা ভোট, সহকাৰী সাধাৰণ সম্পাদক পদত অষ্টম শ্ৰেণীৰ তন্ময়ীপ্ৰিয়া বৰাই নিকটতম প্ৰতিদ্বন্দী নৱম শ্ৰেণীৰ প্ৰিয়ানুজ অৰ্ণৱ কলিতাক ১৪ টা ভোট, আলোচনী বিভাগৰ সম্পাদক পদত নৱম শ্ৰেণীৰ দেৱযানী বুঢ়াগোহাঁয়ে নিকটতম প্ৰতিদ্বন্দী সপ্তম শ্ৰেণীৰ প্ৰাৰ্থনা বৰদলৈক ৫০ টা ভোট, ক্ৰীড়া (বহিঃ) বিভাগৰ সম্পাদক পদত অষ্টম শ্ৰেণীৰ নয়নজ্যোতি বৰাই নিকটতম প্ৰতিদ্বন্দী নৱম শ্ৰেণীৰ চিন্ময় গগৈক ১৫ টা ভোট আৰু ক্ৰীড়া (আন্তঃ) বিভাগৰ সম্পাদক পদত নৱম শ্ৰেণীৰ প্ৰীতম বৰাই নিকটতম প্ৰতিদ্বন্দী সপ্তম শ্ৰেণীৰ অংশুমান বৰাক ৪৪ টা ভোটৰ ব্যৱধানত পৰাভূত কৰে। আকৌ সাংস্কৃতিক বিভাগৰ সম্পাদক পদত সপ্তম শ্ৰেণীৰ পৰী গন্ধীয়াই নিকটতম প্ৰতিদ্বন্দী ষষ্ঠ শ্ৰেণীৰ আৰাধ্যা নিষ্ঠা শইকীয়াক ৮ টা ভোট, উৎসৱ বিভাগৰ সম্পাদক পদত সপ্তম শ্ৰেণীৰ বৃষ্টিপ্ৰিয়া শইকীয়াই নিকটতম প্ৰতিদ্বন্দী ষষ্ঠ শ্ৰেণীৰ লক্ষ্যজ্যোতি গগৈক ৬ টা ভোট, পৰিবেশ বিভাগৰ সম্পাদক পদত অষ্টম শ্ৰেণীৰ তন্মী দেৱী দত্তই নিকটতম প্ৰতিদ্বন্দী ষষ্ঠ শ্ৰেণীৰ সমুদ্ৰ বৰুৱাক ২৬ টা ভোট, প্ৰাৰ্থনা বিভাগৰ সম্পাদক পদত ষষ্ঠ শ্ৰেণীৰ নন্দিনী বৰদলৈয়ে নিকটতম প্ৰতিদ্বন্দী অষ্টম শ্ৰেণীৰ দীক্ষিতা শইকীয়াক মাত্ৰ ২ টা আৰু পুথিভঁৰাল বিভাগৰ সম্পাদক পদত অষ্টম শ্রেণীৰ মুনমী সন্দিকৈয়ে সপ্তম শ্ৰেণীৰ প্ৰয়াস প্ৰতিম গগৈক ৪৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি ছাত্ৰ একতা সভালৈ নিৰ্বাচিত হয়। উল্লেখ্য নৱম শ্ৰেণীৰ নৱাগত ছাত্ৰ প্ৰীতম বৰাই সৰ্বাধিক ৮৮ টা, নৱম শ্ৰেণীৰ দেৱযানী বুঢ়াগোহাঁই আৰু অষ্টম শ্ৰেণীৰ মুনমী সন্দিকৈয়ে দ্বিতীয় সৰ্বাধিক ৮৬ টাকৈ ভোট লাভ কৰে। নিৰ্বাচনটোত মুঠ ১১টা বিভাগত ৩৪ টা গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়।

০২ এপ্ৰিল, বৃহস্পতিবাৰে ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ত 'এই মাহৰ অতিথি' অনুষ্ঠানত ঐতিহ্যমণ্ডিত ডিব্ৰু মহাবিদ্যালয়ৰ সন্মানীয় ...
02/04/2026

০২ এপ্ৰিল, বৃহস্পতিবাৰে ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ত 'এই মাহৰ অতিথি' অনুষ্ঠানত ঐতিহ্যমণ্ডিত ডিব্ৰু মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° ৰঞ্জন চাংমাই মহোদয়ে 'জীৱন-দক্ষতা আৰু নেতৃত্ব বিকাশ' শীর্ষক এটি মনোগ্ৰাহী বক্তৃতা প্রদান কৰে। উক্ত অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ এটা দলে অংশ গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক এই সুযোগকণ দিয়াৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক কৃতজ্ঞতা জনালোঁ।

02/04/2026

.

যোৱা ৩১ জানুৱাৰী, শনিবাৰে দক্ষিণ যোৰহাট আঞ্চলিক আহোম সভা, ন-আলি ঢেকিয়াজুলি টাই মঙ্গোলীয় সাংস্কৃতিক সংঘৰ যৌথ উদ্যোগত আৰু ...
31/01/2026

যোৱা ৩১ জানুৱাৰী, শনিবাৰে দক্ষিণ যোৰহাট আঞ্চলিক আহোম সভা, ন-আলি ঢেকিয়াজুলি টাই মঙ্গোলীয় সাংস্কৃতিক সংঘৰ যৌথ উদ্যোগত আৰু জালুকনিবাৰী প্ৰাথমিক আহোম সভাৰ সহযোগত আয়োজিত কেন্দ্রীয় মে-ডাম্-মে-ফিৰ অনুষ্ঠানৰ শোভাযাত্ৰা প্ৰতিযোগিতাত মাতৃভাষা বিদ্যালয়ে যুটীয়াভাৱে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক প্ৰতিনিধিৰ দলটোক অভিনন্দন জনালোঁ।

26/01/2026

-আমাৰ সংবিধানত সন্নিৱিষ্ট ন্যায়, স্বতন্ত্রতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শক সৰোগত কৰি উৎসৰ্গিত মনোভাৱেৰে এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ দিশত আমি হাতে হাত ধৰি আগবাঢ়ি যাওঁ আহক।
মাতৃভাষা বিদ্যালয় ত আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ স্নেপশ্বট....

Address

Na Ali Dhekiajuli
Jorhat
785009

Telephone

+919859151097

Website

Alerts

Be the first to know and let us send you an email when মাতৃভাষা বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category