Cinnamara college,jorhat

Cinnamara college,jorhat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Cinnamara college,jorhat, Education, Jorhat.

❤️❤️
03/06/2025

❤️❤️

৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ...আপোনালোকক  সাদৰেৰে নিমন্ত্ৰণ জনালোঁ 🙏।
29/05/2025

৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ...
আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ 🙏।

12/06/2024

আজিৰ পৰা ১৫ বছৰৰ আগতে ভাৰত চৰকাৰৰ কনিষ্ঠ গৱেষণা বৃত্তি লাভ কৰি ছিলঙৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী লাভ কৰিলো। গৱেষণা গ্ৰন্থখনো আজিৰ পৰা ৮ বছৰৰ আগতে দেশৰ এক নামী প্ৰকাশন‌ গোষ্ঠীয়ে প্ৰকাশ কৰিলে আৰু যৎকৃনচিত Royalty ও পাই আছো। লাহে লাহে গৱেষণাৰ পৃথিৱীখনত খোজ দিলো। দেশৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিস্থানৰ সহযোগত। গৱেষণা ধৰ্মী আলোচনী এখনৰ আজি ১১ বছৰে সম্পাদক হৈ আছোঁ। পৰৱৰ্তী সময়ত আলোচনী খনে UGC ৰ অনুমোদিত আলোচনী হিচাপে স্বীকৃতি পালে, দেশ,বিদেশৰ বহু বিশ্ববিদ্যালয়ে বছেৰেকীয়া বৰঙণি সহ সদস্যও হ'ল, দেশৰ বহু কেইটা নামী গৱেষণা প্ৰতিষ্ঠানে মোক আলোচনীখনৰ বাবে বঁটাৰ লগতে মাননীও দিলে। পৰৱৰ্তী সময়ত দেশৰ বহু কেইখন খ্যাতনামা বিশ্ববিদ্যালয়ৰ‌ Thesis ৰ Examiner ৰো হলো। দুখন বিশ্ববিদ্যালয়ৰ Co-Guide হিচাপেও স্বীকৃতি দিছে।
এইসমূহেই হৈছে মোৰ জীৱনৰ অন্যতম সম্পদ আৰু প্ৰেৰণা।
কিন্তু এইখিনি মই অকলে কৰা নাই। মই এজন সাধাৰণৰো সাধাৰণ ছাত্ৰ। এইখিনিৰ নেপথ্যত আছে মোক অমলিন ভাবে প্ৰেৰণা দিয়া মোৰ পিতৃ‌ অধ্যাপক আনন্দ শইকীয়া, মা চম্পাৱতী শইকীয়া, চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত দূৰলভ চন্দ্ৰ মহন্তদেৱ, মোৰ গৱেষণা গুৰু, উত্তৰ পূব ভাৰতৰ এগৰাকী প্ৰসিদ্ধ ইতিহাসবিদ প্ৰাধ্যাপিকা মনোৰম শৰ্মা মেদাম, দিল্লী বিশ্ববিদ্যালয়ৰ গুৰু সদৃশ বিশিষ্ট সমাজ বিজ্ঞানী ড০ সতীশ চন্দ্ৰ বাজাজ চাৰ,অসমৰ এগৰাকী বিশিষ্ট দৰ্শন বিদ ড০ গিৰীশ বৰুৱা চাৰ আৰু মোৰ মৰমৰ চিনামৰা মহাবিদ্যালয়খন।
কিন্তু আজিও নাজানিলো গৱেষণা নো কি? যিমানেই গৱেষণাৰ গভীৰতালৈ গৈ আছো, নিজকে নতুন, নতুন লাগিবলৈ ধৰিছে। গৱেষণা যে অতি কঠিন মই ৰন্ধে ৰন্ধে বুজিছো। যি বুজিছো জীৱনটোৱেই যদি গৱেষণা কৰো শেষ নহয়। এক চিৰপ্ৰৱাহমান গতি। বুজি উঠিলো জীৱনটোৱে হৈছে শিকা। সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু শুভকামনা জনালো।
(ড° অঞ্জন শইকীয়া ✍️)
অধ্যক্ষ

22/06/2023

Address

Jorhat

Alerts

Be the first to know and let us send you an email when Cinnamara college,jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Cinnamara college,jorhat:

Shortcuts

Share

Category